খিলঞ্জীয়াৰ মৰ্যাদা…

খিলঞ্জীয়াৰ মৰ্যাদা…

অসমত প্ৰকৃততে খিলঞ্জীয়া কোন তাৰ কোনো আইনগত ব্যাখ্যা চূড়ান্ত নোহোৱা পটভূমিৰ মাজতে ৰাজ্যিক কেবিনেটে গৰিয়া-মৰিয়া-দেশী-জলহা আৰু চৈয়দ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলনমানৰ মৰ্যাদা দি গ্ৰহণ কৰা সিদ্ধান্ততত স্বাভাৱিকতেই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খিলঞ্জীয়াৰ মৰ্যাদা বিচাৰি দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদকে ধৰি কিছু সংগঠনে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে ৰাজ্যৰ বিৰোধী দলসমূহে ইয়াক মুছলমান সমাজক বিভাজিত কৰাৰ ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে।

অসমৰ আৰ্থ-সামাজিক, বৌদ্ধিক তথা সাংস্কৃতিক ইতিহাসত যুগ যুগ ধৰি অৱদান আগবঢ়াই অহা এই জনগোষ্ঠীকেইটাক ইমানদিনে কোনে খিলঞ্জীয়াৰূপে মানি ল'বলৈ অস্বীকাৰ কৰিছিল বুলিও বহুতে প্ৰশ্ন কৰিছে। এই প্ৰশ্নৰ যুক্তিযুক্ততা থাকিলেও এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ ব্যাপক অনুপ্ৰৱেশে সেই সম্প্ৰদায়ৰ জনসংখ্যা অসমানুপাতিকভাৱে বঢ়াই তুলি থলুৱা মুছলমানসকলৰ পৰিচয়ৰ সংকট সৃষ্টি কৰাটোও অস্বীকাৰ কৰিব নোৱাৰি।

বাংলাভাষী মুছলিম অনুপ্ৰৱেশকাৰীসকলৰে একাকাৰ কৰি চোৱা দৃষ্টিভংগী সলনি কৰাৰ বাবেই এই থলুৱা মুছলমান জনগোষ্ঠীকেইটাই সংগ্ৰাম কৰি আহিবলগা হৈছে। তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ৰ হকে কৰি অহা দীঘলীয়া সংগ্ৰামক চৰকাৰে স্বীকৃতি দিয়া বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছে যদিও এই স্বীকৃতিত জনগোষ্ঠীকেইটাৰ ধৰ্মীয় পৰিচয়েই প্ৰাধান্য পোৱাটো লক্ষণীয়। এই পৰচয়েৰে তেওঁলোক মুছলমানসকলৰ মাজত সুকীয়া অস্তিত্বৰ অধিকাৰী হৈ থাকিলেও বৃহত্তৰ অসমীয়া সমাজৰ সৈতে একীভূত হোৱাত ই কেনেভাৱে সহায় কৰে, সেইটো বিৰ্চাযৰ বিষয়। আজি আহোম, মৰাণ, মটক, কোচ, কলিতা, বড়ো, ৰাভা, মিচিং, কাৰ্বি, তিৱা আদি অনেক জনগোষ্ঠীৰ কথা কওঁতে যিদৰে তেওঁলোক হিন্দু নে আন ধৰ্মৰ বুলি প্ৰশ্ন উত্থাপন নহয়, তেনেদৰে গৰিয়া-মৰিয়া বা দেশীসকলৰ ক্ষেত্ৰতো ধৰ্মীয় পৰিচয় গৌণ হৈ থাকিব পাৰিব লাগিছিল।

কিন্তু চৰকাৰীভাৱেই তেওঁলোকক 'খিলঞ্জীয়া মুছলমান' আখ্যা দি ধৰ্মীয় পৰিচয়টোতহে সজোৰে ছীল-মোহৰ মৰা হৈছে। ইয়াৰ আঁৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৰাজনৈতিক অভিপ্ৰায়ৰ কথা বিভিন্ন মহলত চৰ্চিত হৈছে। বিজেপিয়ে সদ্য 'স্বীকৃত' জনগোষ্ঠীকেইটাক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ লোৱাৰ অংকও নুই কৰিব নোৱাৰি। মন কৰিবলগীয়া যে অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিচৰে পৰা হিন্দু-মুছলমানৰ ৰাজনীতিয়ে নতুন মাত্ৰা লাভ কৰি আহিছে।

পৰৱৰ্তী সময়ত ড০ হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ খিলঞ্জীয়া মুছলমানসকলৰ উন্নয়নকল্পে কেইবাখনো সমিতি গঠন কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ 'বাংলাদেশী' মুছলমানসকলক সামাজিক তথা ৰাজনৈতিকভাৱে একাষৰীয়া কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি তোলে। শেহতীয়াকৈ পাঁচ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াটো সেই প্ৰক্ৰিয়াৰে এক অংশ বুলিও ক'ব পাৰি। কিন্তু খিলঞ্জীয়াক লৈ চৰকাৰ নিজেই যেন বহু বিভ্ৰান্তিত ৰৈ গৈছে। মুখ্যমন্ত্ৰীয়ে এফালে সাংবিধানিক সুৰক্ষা আদি ক্ষেত্ৰৰ বাহিৰে অসমত খিলঞ্জীয়াৰ সংজ্ঞাৰ প্ৰয়োজন নাই বুলি কৈছে আৰু আনফালে তেওঁৰ অধ্যক্ষতাৰ বৈঠকে পাঁচটাকৈ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰূপে স্বীকৃতি দিছে।

এতিয়া এই স্বীকৃতি সাংবিধানিক নে অসাংবিধানিক সেয়াও চিন্তা কৰিবলগীয়া বিষয়। সেয়ে অসম চুক্তিৰ ছয় নং দফা তথা খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ সন্দৰ্ভত বিপ্লৱ কুমৰ শৰ্মা নেতৃত্বাধীন সমিতিয়ে দাখিল কৰা প্ৰতিবেদন খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাৰ অজুহাততে পেলাই থোৱা চৰকাৰে হঠাতে পাঁচটাকৈ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াতো কেৱল আভুৱা ভাঁৰা ৰাজনৈতিক কুচকাৱাজ নেৰি, তাক লৈও প্ৰশ্ন উঠিছে। খিলঞ্জীয়াৰ স্বীকৃতিত উৎফুল্লিত জনগোষ্ঠীকেইটাই তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কি কি সুবিধা লাভ কৰিব, সেয়াও ডাঙৰ প্ৰশ্ন।

চৰকাৰৰ সদিচ্ছাৰ ওপৰত সন্দেহ ওপজাৰ ভিত্তি নথকাও নহয়। কাৰণ জনগোষ্ঠীকেইটাক ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক বাজেটতে তদানীন্তন বিত্ত মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই খিলঞ্জীয়া অসমীয়া মুছলমান বুলি অভিহিত কৰি আৰ্থ-সামাজিক জৰীপ আৰু তেওঁলোকৰ উন্নয়নকল্পে নিগম, পৰিষদ গঠনৰ বাবে এশ কোটি টকা ধাৰ্য কৰিছিল। ২০২০-২১ বৰ্ষৰ বাজেটতো এই ঘোষণাৰ পুনৰাবৃত্তি কৰা পৰিলক্ষিত হৈছিল। কিন্তু ইয়াক কাৰ্যকৰী কৰাৰ কোনো পদক্ষেপ নলৈ নতুনকৈ স্বীকৃতি দিয়াৰ ঘোষণা প্ৰচাৰৰ বাগড়ম্বৰতাত সমালোচনাৰ থল থাকিবই। ইফালে কেইটামান জনগোষ্ঠীক এনে স্বীকৃতি দিয়া কাৰ্যই বাদ পৰি যোৱা জনগোষ্ঠীসমূহকো অধিক সক্ৰিয়তাৰে একে দাবী উত্থাপন কৰাৰ বাবে প্ৰোৎসাহিত কৰাৰো সম্ভাৱনা আছে।

ইতিমধ্যে বৰাকত তাৰ উকমুকনি ঘটিছেই। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰথমে সামগ্ৰিকভাৱে সকলো খিলঞ্জীয়াৰ সুৰক্ষা আৰু উন্নয়নৰ দিশটো নিশ্চিত কৰাটোহে সমীচীন হ'ব। এইটোও ঠিক যে নতুনকৈ স্বীকৃতি দিয়া বুলি কোৱা জনগোষ্ঠীকেইটাই সমবিকাশৰ সুবিধা আৰু তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য-পৰিচয়ৰ সুৰক্ষা লাভ কৰিলেহে খিলঞ্জীয়াৰ মৰ্যাদা ফলদায়ক হ'ব। চৰকাৰে শীঘ্ৰে তাৰ ৰূপৰেখা স্পষ্ট কৰা উচিত। অন্যথা ই সংখ্যালঘুৰ মাজত বিভাজন সৃষ্টি আৰু উক্ত জনগোষ্ঠীকেইটাক ভালৰি লগাই শাসক গোষ্ঠীৰ পক্ষত ভোট আহৰণৰ কৌশলহে হৈ ৰ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in