কোন পথে জাতীয়তাবাদ

কোন পথে জাতীয়তাবাদ

বিভিন্ন উপলক্ষত অসমৰ ৰাইজৰ মনত জাতীয়তাবাদী আৱেগ সৃষ্টি হোৱাটো একো নতুন কথা নহয়। শাসক পক্ষই এই আৱেগক ব্যৱহাৰ কৰিয়েই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ লক্ষ্য পূৰণ কৰি আহিছে। কিন্তু ৰাইজৰ আৱেগ বেছি দিনলৈ বৰ্তি নাথাকে। অসমীয়াৰ জাতীয়তাবাদী চিন্তা-চৰ্চাৰ ক্ষেত্ৰখন ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে বাবেই আৱেগৰো স্থায়িত্ব মোহোৱা হৈ পৰিছে। এই জাতিক জীয়াই ৰখাৰ বাবে ভাষা-সাহিত্য, সংস্কৃতিৰ সবল পৰিকাঠামোৰ প্ৰয়োজন, সেয়া এতিয়া ধৰ্ম, গোষ্ঠীকেন্দ্ৰিক সংঘাতত ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে।

আমি পূৰ্বেও এই কথা উল্লেখ কৰি আহিছো যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত এক নিৰ্মীয়মান ক্ষুদ্ৰ জাতিসত্তা হিচাপে অসমীয়াৰ জাতীয়তাবাদী চেতনাক আঘাত কৰিবলৈ নতুন দিল্লীৰ ততপৰতাতে মাজে-সময়ে নানা যড়যন্ত্ৰ ৰচনা কৰা হৈছে। ভাষাৰ ভিত্তিত গঢ়ি উঠা দেশৰ প্ৰতিখন ৰাজ্যৰ জনসাধাৰণৰ জাতীয়তাবাদী দৃঢ়তাৰ তুলনাত অসমৰ জাতীয়তাবাদী ঐক্য সম্প্ৰতি বহুধাবিভক্ত আৰু ইয়াৰ মূল উদ্দীপনাৰে জাতিটো আগবাঢ়িব লাগিছিল, তাৰ পৰিবৰ্তে জাতীয় কৰ্মসূচী এক বিভ্ৰান্তিমূলক লক্ষৰ দিশেহে আগবঢ়া দেখা গৈছে। এই কথা কবলৈ গৈ আমি জাতীয়তাবাদৰ দীঘলীয়া ইতিহাসৰ বিশ্লেষণ কৰিব খোজা নাই মূলতঃ বিগত প্ৰায় ৪ টা দশকৰ জাতীয় কৰ্মসূচীক লৈহে আমাৰ বক্তব্য উপস্থাপন কৰিব বিচাৰিছো।

দৰাচলতে এই সময়ছোৱাত কোনো এটা জাতীয় ইছ্যুৰ ৰাজনৈতিক কিম্বা সামাজিক মীমাংসা সম্ভৱপৰ নহল।জাতীয় অৰ্থনীতিৰ ক্ষেত্ৰতো আমাক নতুন দিল্লীৰ তৰফৰ পৰা দুই-এক চমক সৃষ্টিৰে আপ্লুত কৰি ৰখাৰ অপচেষ্টা চলিল। কিন্তু সঁচা অৰ্থত কৃষিনিৰ্ভৰ জাতীয় অৰ্থনীতিৰ উত্তৰণৰ দিশত একোৱে কৰা নহল। এটা তেল শোধনাগাৰ বা ব্ৰহ্মপুত্ৰৰ ওপৰৰ দুই-চাৰিখন দলং আৰু এটা গেছ ক্ৰেকাৰ প্ৰকল্প মানেই জাতীয় অৰ্থনীতি নহয়। নতুন দিল্লীৰ কথা এইবাবেই কবলগা হৈছে যে আমি আমাক এক স্বনিৰ্ভৰশীল, আত্মপ্ৰত্যয়েৰেসবল এটা জাতি হিচাপে গঢ়ি তুলিবলৈ হলে কেন্দ্ৰৰ কৃপাধন্য হব লাগিব। আমাৰ জাতীয় সম্পদৰ সদ্ব্যৱহাৰেৰে উন্নয়ৰ পথত আগবাঢ়ি যাবলৈ হলে আমাক কেন্দ্ৰৰ সহয়া-সহযোগিতা লাগিব। কাৰণ শাসন ব্যৱস্থাটো যুক্তৰাষ্ট্ৰীয় কাঠামোৰ ওপৰত প্ৰতিষ্ঠিত।

কিন্তু এই ব্যৱস্থাৰ অধীনতে আমি দেশৰ অন্য প্ৰদেশতকৈ বহু পিচপৰি ৰৈছো। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যোৱা সময়ছোৱাত যিদৰে কেইবাটাও জাতিসত্তাৰ চমকপ্ৰদ বিকাশ ঘটিছে, সেইদৰে সেই অঞ্চলবোৰ ুন্নয়নৰ মূলসুঁতিৰ লগতো চামিল হৈ পৰিছে। মাৰাঠা, তামিল, তেলেগু, উড়িয়া, বাঙালী, গুজৰাট, মালয়ালমকে ধৰি দেশৰ এই জাতিসত্তাবোৰে আঞ্চলিক ভিত্তিত শক্তিশালী ৰূপত থিয় দিব পাৰিছে। তেওঁলোক শক্তিশালী বাবে দেশশক্তিশালী হৈছে। কিন্তু অসমত জাতিসত্তাৰ বিকাশো হোৱা নাই আৰু ইয়াত জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক ৰাজনীতি অথবা জাতীয় অৰ্থনীতিৰ উত্তৰণো ঘটা নাই। বৰং বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক শাসক পক্ষৰ চক্ৰান্তই বিভিন্ন অচিলাৰে ব্যাহত কৰি তোলাহে দেখা গৈছে। তাৰ বিপৰীতে আমাৰ মূল জাতীয় সমস্যাবোৰৰ এটাৰো আনকি সমাধান সূত্ৰ উলিয়াব পৰা নগল। বান-খহনীয়া, বৃহত নদীবন্ধ, এন আৰ চি, সাংবিধানিক সুৰক্ষা কৱচ, নাগৰিকত্ব সংশোধনী আদিক লৈ অসমবাসীৰ মাজত জাতীয় সহমতো গঠন হল।

প্ৰতিটো ইছ্যুক লৈ জাতীয় আন্দলোন চলিল। কিন্তু আন্দোলন-প্ৰতিবাদৰ কোনো মূল্যই নাথাকিল। ঐতিহাসিক অসম আন্দোলনক জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলন বুলি আখ্যা দিয়া হৈছিল। কিন্তু আজি সেই আন্দোলনৰ ৩৬ টা বছৰ অতিক্ৰম কৰাৰ পিচত অসম চুক্তিৰ সফল ৰূপায়ণৰ দাবীত জাতীয় দল-সংগঠনে চৰকাৰৰ সৈতে কেৱল ত্ৰিপাক্ষিক, দ্বিপাক্ষিক বৈঠকহে কৰি থাকিবলগা হৈছে। অসম চুক্তিক লৈ চৰকাৰীভাৱে সমিতিৰ পিচত সমিতি গঠন কৰা হৈছে। একেখিনিমানুহ, একেখিনিয়েই নেতা। চৰকাৰ সলনি হলেও নেতাৰ পৰিবৰ্তন হোৱা নাই। আছুতীয়াকৈ অসম চুক্তি ৰূপায়ণ দপ্তৰ খুলিও চৰকাৰে তাৰ ৰূপায়ণ কৰিব পৰা নাই। কাবিৰোধী জাতীয় জাগৰণৰ সময়ত অসম চুক্তিৰ ছয় নং দপাৰ অধীনত অসমীয়া জাতিক সাংবিধানিক সুৰক্ষা দিয়াৰ বিষয়টোক লৈ বৰকৈ চৰ্চা চলিল। উচ্চস্তৰীয় সমিতিও গঠন হল।

কিন্তু নিৰ্বাচন যোৱাৰ লগে লগে ছয় নং দপা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন ধোঁৱাচাঙত উঠিল। এতিয়া আকৌ বিভাগীয় মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হৈছে অসম চুক্তি ৰূপায়ণ সম্পৰ্কীয়উপ-সমিতি। জাতীয় সংগঠনেও তাত হয়ভৰ দিবলৈ বাধ্য হৈছে। অৱশ্যে কোনোবাই প্ৰশ্ন তুলিছে- চুক্তি ৰূপায়ণ কৰিবলৈ পুনৰ উপ-সমিতি কিয়? কিন্তু সেই প্ৰশ্ন তল পৰি ৰৈছে। জাতীয় দল-সংগঠনে কা বিৰোধী সংগ্ৰামৰ পথত পিচ-হুঁহকি অহাৰ দিনটোলৈ যেন অপেক্ষা কৰিছিল শাসক পক্ষই। এতিয়াআৰু কিছুদিন হয়তো এনেকৈয়ে চলিব। একেখিনি কথাৰ পুনৰাবৃত্তি হব। অসমীয়াৰ হৃদয় আকৌ আৱেগত উথলি উঠিব। পিচলৈ সেই আৱেগৰো শাম কাটিব। এনেদৰেই বাৰু জাতি-মাটি-ভেটি সুৰক্ষিত হবনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in