শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মৰিগাঁৱৰ চিতা…

অকল্পনীয় পৰিস্থিতৰ পৰিণতিত দোভাগ নিশা নিদ্ৰামগ্ন অৱস্থাতে ৭০ জনৰো অধিক লোক পাহাৰৰ পৰা খহি অহা বোকা-পানীৰ ধলৰ কোবাল সোঁতত উটি গ’ল, যিসকলৰ অধিকাংশৰে অদ্যপৰিমিত কোনো চিন-মোকাম ওলোৱা নাই। মণিপুৰৰ ন’নে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে কনষ্ট্ৰাকচন শিবিৰত যোৱা বৃহস্পতিবাৰে মাজনিশা সংঘটিত এই ঘটনাটোৱে সকলোকে হতচকিত কৰি তুলিছে। লগে লগে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নও চৰ্চালৈ আহিছে।

জিৰিবাম-ইম্ফল ৰে’লপথ নিৰ্মাণৰ বাবে স্থাপন কৰা হৈছিল এই শিবিৰ, য’ত বাহৰ পাতি আছিল অসমৰ এদল শ্ৰমিকৰ লগতে নিৰ্মাণ কোম্পানীৰ বিষয়া-কৰ্মচাৰী আৰু টেৰিট’ৰিয়েল আৰ্মিৰ কিছুসংখ্যক জোৱান। প্ৰলয়ংকাৰী এই ঘটনাটোত নিহত আৰু সন্ধানহীন শ্ৰমিকসকলৰ বুজন অংশ এটা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশকাটি, খৰা গোসাঁইবড়ি, লাউভুৰুঙা আৰু কুশতলী গাঁৱৰ।

উক্ত ঘটনাত অঞ্চলটোৰ দহজন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ থকাৰ বিপৰীতে ৬ জনৰ মৃতদেহ দেওবাৰে আৰু সোমবাৰে কুশতলীলৈ অনা হয়। চিকিৎসাধীন হৈ আছে আন ৫ জন শ্ৰমিক। ঘটনাৰ বিষয়ে জনাৰ পিচৰে পৰাই কান্দোনৰ ৰোল উঠা অঞ্চলটোলৈ দেওবাৰে চাৰিজন শ্ৰমিকৰ মৃতদেহ অনাৰ পিচত শোকাৰ্ত পৰিবেশটো অধিক বেদনাগধুৰ হৈ পৰে। দুদিনত ছজন শ্ৰমিকৰ চিতাৰ জুই জ্বলি উঠা সংবাদ মাধ্যমত প্ৰচাৰিত দৃশ্যই ব্যথিত কৰি তুলিছে ৰাজ্যৰ সকলো অংশৰ মানুহৰ হৃদয়ো।

উদ্ধাৰ সম্ভৱ হৈ উঠিলে হয়তো কোনোবাদিনা বাকীকেইটা মৃতদেহো আহিব, জ্বলিব আৰু কেইখনমান চিতা। এই সমগ্ৰ ঘটনাই এই মুহূৰ্তত অনুভৱী মানুহৰ মনলৈ এটা প্ৰশ্নই আনিছে- এনেকৈও যদি অপমৃত্যুৰ বলি হ’বলগা হয়, তেনেহ’লে সাধাৰণ মানুহে কি কৰিব। প্ৰশ্নটো এইবাবেই আহিছে যে পৰিবৰ্তিত পৰিস্থিতিত অসমৰ খিলঞ্জীয়া মানুহবোৰৰ জীৱন ধাৰণ সুযোগ-সুবিধাবোৰে ক্ৰমান্বয়ে সংকুচিত হৈ আহিবলৈ ধৰিছে।

ইয়াৰ বিপৰীতে দিনে দিনে বাঢ়ি গৈ আছে শিক্ষিত-অল্পশিক্ষিত নিবনুৱাৰ সংখ্যা। কোৰোনাকেন্দ্ৰিক লকডাউন, অস্থিৰ অৰ্থনৈতিক পৰিস্থিতকে ধৰি বিভিন্ন ধৰণৰ দুৰ্যোগৰ কবলত পৰি উপাৰ্জনহীন-সংস্থাপনহীন হৈ পৰিছে জনসাধাৰণৰ বৃহৎ অংশ এটা। জি এছ টি বলৱৎকৰণ, বিমুদ্ৰাকৰণ আৰু ক’ভিডকেন্দ্ৰিক লকডাউনৰ পৰৱৰ্তী সময়ত অৰ্থনৈতিক পৰিস্থিতি অধিক গভীৰ হৈ পৰিলেও অসমত সংস্থাপনহীন যুৱকৰ অনিশ্চয়তাৰ অৱস্থাতো ইয়াৰ কিছু বছৰ আগৰ পৰাই সৃষ্টি হৈছিল, যাৰ পৰিপ্ৰেক্ষিত ছিকিউৰিটী গাৰ্ডকে উদ্যোগ প্ৰতিষ্ঠানৰ কিছুমান সৰু সৰু কামত সোমাই জীৱিকাৰ পথ উলিয়াবলৈকে বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল হেজাৰ হেজাৰ থলুৱা যুৱকে।

ক’ভিড মহামাৰীয়ে সেই সংস্থাপনৰ পথটোতো হঠাৎ সৃষ্টি কৰি দিলে অপ্ৰত্যাশিত হেঙাৰ। ফলত কাম-বন এৰি হেজাৰ হেজাৰ যুৱক ঘূৰি আহি আকৌ গাঁৱত সোমালহি। তাৰ পূৰ্বেও এক উৰাবাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শংকাজনক পৰিবেশৰ বাবেও বুজনসংখ্যক যুৱক বহিঃৰাজ্যৰ অলপীয়া আয়ৰ ‘চাকৰি’টো ত্যাগ কৰি জাক পাতি ঘৰলৈ ঘূৰি আহিবলগা হৈছিল।

এনেকৈ সংস্থাপনৰ বিকল্প পথ কিছুমান গ্ৰহণ কৰি নিজৰ তথ্য তথা পৰিয়ালবিলাকৰ বাবে সামান্য স্বস্তিদায়ক পৰিবেশ এটা ৰচনা কৰিবলৈ লোৱা অৱস্থাতে থলুৱা যুৱক-যুৱতীসকলে বাৰে বাৰে এনেদৰে নিৰাপত্তাহীন পৰিবেশ-পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাত স্বাভাৱিকতেই এক হতাশাগ্ৰস্ততাৰ পৰিবেশ সৃষ্টি হৈছে। এনে অৱস্থাত আপাততঃ চিনাকি এটা পৰিবেশত মণিপুৰত ৰে’লপথ স্থাপনৰ কামৰ শ্ৰমিক হ’বলৈ যাওঁতে এইবাৰ প্ৰকৃতিৰ তাণ্ডৱলীলাৰ সন্মুখীন হৈ প্ৰাণেই হেৰুৱাবলগা হ’ল সুস্থ-সবল, কৰ্মতৎপৰ ডেকাৰ দল এটাই।

সেইকাৰণেই প্ৰশ্নৰ উদয় হৈছে- এনেকৈ পদে পদে বিপদত পৰি থাকিলে এই থলুৱা যুৱ চামটোৱে কি কৰিব? কি হ’ব এওঁলোকৰ ভৱিষ্যৎ? অৱশ্যে এইটোও ঠিক যে আধুনিক জটিল জীৱন যাত্ৰাত কিছুমান দুৰ্যোগ অৱধাৰিত। মৃত্যুও এৰাব নোৱৰা জীৱনৰ অন্য এক সত্য। এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন গ্ৰহণ কৰা আৰু প্ৰতিকূল পৰিস্থিত অতিক্ৰম কৰাৰ নিৰলস মানসিকতা যুঁজাৰু জাতিৰ লক্ষণ। পিচে এই প্ৰেক্ষাপটত আমি চৰকাৰৰ দায়বদ্ধতাৰ দিশটোও অৱলোকন কৰিবই লাগিব।

ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থকা সংস্থাপনহীনতাৰ বাবেই বৰ্তমানৰ প্ৰজন্মটোৱে অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। তেনে অৱস্থাত বৰ্তমানৰ প্ৰজন্মটোক সহায় কৰিবলৈ চৰকাৰে যি হাৰত দায়িত্ব পালন কৰিব লাগিছিল, সেয়া কৰা পৰিলক্ষিত হোৱা নাই। বাচ-বিচাৰহীন বিকাশৰ নামত প্ৰকৃতি ধ্বংশ কৰি ব্ৰডগজ ৰে’লপথ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় পথ, দলং নিৰ্মাণ কৰা হৈছে।

কৃষি ভূমি পুঁজিপতিৰ হাতত গতাই দি প্ৰাকৃতিক সন্তুলন ব্যাহত কৰা হৈছে আৰু এইবোৰকে উন্নয়নৰ একো একোটা স্তম্ভ বুলি প্ৰচাৰ চলোৱা হৈছে ঠিকেই, কিন্তু থলুৱা নতুন প্ৰজন্মটোক বিকাশৰ পথত চামিল কৰাৰ, তেওঁলোকৰ অৰ্থনৈতিক অনিশ্চয়তা দূৰ কৰাৰ দায়বদ্ধ প্ৰচেষ্টা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰ উদাসীন। মৰিগাঁৱত জ্বলা ৪ শ্ৰমিকৰ চিতাৰ জুইকুৰাই এই প্ৰশ্নটোক ফিৰিঙতিৰ দৰে ছটিয়াই দিছে। অৱধাৰিতভাৱে প্ৰশ্ন উঠিছে। এনেকৈ আৰু কিমান অনিশ্চয়তাত ভুগি থাকিব থলুৱা অসমীয়া।