আদৰ্শ উত্তৰপুৰুষ

আদৰ্শ উত্তৰপুৰুষ

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্রেক্ষাগৃহত দেওবাৰে হেমচন্দ্র বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা প্ৰদান অনুষ্ঠানত দিয়া ভাষণত জ্ঞানপীঠ বঁটা বিজয়ী কোংকনী সাহিত্যিক দামোদৰ মৌজে এষাৰ অতি তাৎপর্যপূর্ণ কথা ক'লে— 'হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ নাতি, আজোনাতিৰ পৰা পৰিনাতিলৈ প্ৰজন্মৰ পিচত প্রজন্ম ভাষা-সাহিত্যৰ ক্ষেত্ৰত যিদৰে বৰ্তী হৈ আছে সেয়া আনৰ বাবে উদাহৰণ।'

মৌজ ডাঙৰীয়াৰ পর্যবেক্ষণ অতি সঠিক আৰু ভাৰতীয় ইতিহাস এনে পৰিয়ালৰ উদাহৰণ সহজতে পোৱা নাযায়। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ঊনৈশ শতিকাত অসমীয়া ভাষা-সাহিত্যৰ অতি দুর্দিন চলি থকাৰ সময়ত সাধনাৰে অসমীয়া শব্দবোৰ বুটলি, ঘঁহি-মাজি সমতনে সাঁচত ভৰাই মুঠ ২২,০৪৮ টা শব্দৰ সমাহাৰেৰে যি অতুলনীয় অভিধান 'হেমকোষ' প্রণয়ন কৰিছিল, তাত এটা প্ৰদান কৰ্মতে সীমাবদ্ধ হৈ থাকিবলৈ নিদি পৰিয়ালটোৰ পৰৱৰ্তী চাৰিটা প্ৰজন্মই নিৰৱধি ধাৰাৰে লাগি থাকি হেমকোষক আজি ১,২৩,৪০৮ টা শব্দসমৃদ্ধ বিশালায়তনৰ শব্দকোষত পৰিণত কৰাই নহয়, জাতিৰ ওখ দেউল হৈ যাতে অভিধানখনৰ লগতে হেমচন্দ্ৰ বৰুৱাও অনন্ত কাললৈ জিলিকি ৰয় তাৰ অহোপুৰুষাৰ্থ কৰিছে।

হেমচন্দ্ৰ বৰুৱান নির্বাচিত ২২,০৪৫ টা শব্দক ম্লান পৰিবলৈ নিদি পৰৱৰ্তী সময়ত অভিধানখনত যিসমূহ শব্দৰ সংযোজন ঘটোৱা হৈছে, তাৰ পৰিপ্ৰেক্ষিতত আজিৰ চাম অনুৰাগীৰ বাবেও ই ভাষা চৰ্চাৰ নিৰ্ভৰযোগ্য আধাৰত পৰিণত হৈছে। তুলসীৰাম বৰুৱাই ৮,৬৭৪ টা শব্দৰ সংযোজন ঘটোৱাৰ পিচত তেওঁৰ পুত্র আনন্দৰাম বৰুৱাই দ্বিতীয় আৰু তৃতীয় তাঙৰণ ১৯৫৫ চনৰ ২৬ ফেব্ৰুৱাৰীপর্যন্ত প্রকাশৰ দায়িত্ব পালন কৰে।

চতুর্থ তাঙৰণৰ পৰা (১৯৬৫ চন) অভিধানখনৰ প্ৰকাশ আৰু পৰিবৰ্ধনৰ দায়িত্ব লয় হেমচন্দ্র বৰুৱাৰ আজোনাতি হেমকোষপ্রাণ দেবানন্দ বৰুৱাই। তেখেতে ২০১১ চনলৈকে একনিষ্ঠ সাধনাৰে অভিযানকান চতুর্দশ তাঙৰণ পর্যন্ত প্রকাশ কৰাৰ সমান্তৰালকৈ ইয়াক লক্ষাধিক শব্দৰ বৃহৎ কলেৱৰলৈ ৰূপান্তৰ ঘটাই পূৰ্বপুৰুষজনাৰ প্ৰতি যি শ্রদ্ধাৰ অৰ্ঘ্য নিবেদন কৰিলে, সিও জাতীয় ইতিহাসত অবিস্মৰণীয় হৈ থাকিব।

দেৱানন্দ বৰুৱাৰ পৰলোক গমনৰ পিচত 'হেমকোষ'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গতি স্তব্ধ হৈ যাবলৈ নিদি পৰিয়ালটোৰ আদর্শনীয় পৰম্পৰাক অক্ষুণ্ণ ৰাখি বৰ্তমানৰ প্ৰজন্মই অভিধানখনৰ অনিৰুদ্ধ যাত্ৰাত নতুন মাত্রা প্রদানৰ লক্ষ্যৰে যি নতুন চিন্তা দেওবাৰৰ অনুষ্ঠানটোত ঘোষণা কৰিলে, সেয়া যথাৰ্থতেই চমকপ্রদ।

ঘোষণা মতে অন্ধসকলৰ বাবেও যাতে ভাষা চর্চা সুচল হয়, তাৰ বাবে অচিৰেই প্রকাশ হ'ব ২০ টা খণ্ডৰ 'হেমকোষৰ ব্ৰেইল সংস্কৰণ। তদুপৰি তিনিগৰাকী ভাষাবিদৰ তত্ত্বাৱধানত প্ৰকাশ কৰা হ'ব অভিধানখনৰ পঞ্চদশ তাঙৰন, য'ত এইবাৰ জনজাতীয় ভাষাৰ শব্দৰ সংযোজনত গুৰুত্ব প্ৰদান কৰা হ'ব।

কালজয়ী সৃষ্টি এটাৰ অন্তৰালত যিমান শ্রম-সাধনা নিহিত হৈ থাকে, তাৰ সমানেই কষ্টসাধ্য় কাম ইয়াক সুদীর্ঘ কাললৈ প্ৰাসংগিত কৰি ৰয়াটোও। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা একশৰণ নামধৰ্ম আৰু তাৰ আধাৰিত সাহিত্য-সংস্কৃতিমূলক সৃষ্টিসমূহে আজিৰ বিশাল পৰিসৰত আদৰ লাভ কৰা পৰ্যায়টো পালেহেঁতেমনে নাই ক'ব নোৱাৰি যদিহে মাধৱদেৱকে ধৰি গুৰুজনা অনুগামীসকলে ঠায়ে ঠায়ে সত্ৰ পাতি তাৰ চৰ্চাৰ ধাৰাটোৰ সৃষ্টি নকৰিলেহেঁতেন বা ঊনৈশ শতিকাৰ নৱজাগৰণৰ সময়ত আধুনিক শিক্ষাৰ পৰশেৰে উজ্জীৱুত হোৱা যুৱচাম এটাই সেনাৰ চমৎকাৰী দিশবোৰৰ চৰ্চাৰ বাট নাকালিহেঁতেন।

তেনেদৰে নিউ আর্ট প্লেয়াছে ' স্বাগত স্বাগত সতীৰ্থ ৰেকৰ্ড প্লেয়াৰখন নির্মাণ নকৰাহ'লে জাতি সংহৰ ইমান বহুল প্রচাৰ সম্ভৱ হ'লহেঁতেন নে নাই ক'ব পৰা নাযায়। ধাৰা এটা সৃষ্টি কৰিবলৈ অনুগামী ধাৰাবাহক লাগিবই। বহু যুগনায়কৰ অৱদান পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে বহু যুগজয়ী সৃষ্টি চৰ্চাৰ আওতাৰ পৰা বাহিৰ হৈ গৈছে ধাৰাবাহকৰ অভাৱত।

টহেমচন্দ্ৰ বৰুৱাৰ বৰ্তমানৰ উত্তৰসুৰীয়ে 'হেমকোষ'ৰ গৌৰক যাত্রা অব্যাহত ৰখাৰ যুঁজখনৰ কৰ্ণধাৰ হোৱাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে ভাষাৰ ওজাগৰাকীৰ প্ৰতিমূর্তিও স্থাপন কৰি সেই অতুলনীয় আদৰ্শৰ মনীষীগৰাকীৰ বিষয়ে চৰ্চাৰ, তেওঁৰ চিন্তাধাৰাৰ পুনৰ মূল্যায়নৰ এখন নতুন ক্ষেত্র মুকলি কৰি দিছে।

সমান্তৰালকৈ ইলোৰা বিজ্ঞান মঞ্চ নামৰ সংগঠনটোৱে 'কুসংস্কাৰবিৰোধী' দিৱস উদযাপনৰ জৰিয়তে হেমচন্দ্ৰ বৰুৱাৰ জীৱনাদৰ্শৰ চৰ্চাৰ পৰিবেশটোক প্রদান কৰিছে নতুন মাত্রা। ফলত এটা ৰক্ষণশীল পৰিয়ালত জন্ম আৰু এখন ৰাক্ষণশীল সমাজত ডাঙৰ দীঘল হোৱা সন্তান এটিয়ে সংস্কাৰৰ আস্বাদন আঁতৰাই, ৰক্ষণশীলতাৰ বৃত্তৰ পৰিধি ভাঙি মহৎ লক্ষ্যৰ দিশে ধাৱমান হোৱা চমকপ্রদ অধ্যায়টোৱে এটা শতিকাৰ পিচত নতুন প্রজন্মক আলোকিত কৰিছে, অনুপ্রাণিত কৰিছে।

এক কথাত ক'বলৈ গ'লে হেমচন্দ্ৰ বৰুৱা আছিল এক বিস্ময়। অসমীয়া জাতীয় অস্তিত্বই মৃত্যু-গহ্বৰত আৰ্তনাদ কৰি থকাৰ মুহূৰ্তত হেমচন্দ্ৰ বৰুৱাই বহু প্রত্যাহান নেওচি ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ লগতে সমাজ সংস্কাৰৰ যুঁজখনত অৱতীৰ্ণ হৈ নি যাউতিযুগীয়া অবদান দি থৈ গ'ল, তাক তেওঁৰ পৰিয়ালৰ পাঁচটা প্ৰজন্মই সশ্ৰদ্ধা-সযতনে আগবঢ়াই আনি আজি একবিংশ শতিকাত তাক নতুন ৰূপ-ৰঙেৰে বিভূষিত কৰি উজ্জ্বল কৰি ৰাখিছে। তাক লৈ জ্ঞানপীঠ বিজয়ী দামোদৰ মৌজ অভিভূত হৈছে। স্বাভাৱিক, কাৰণ এনে উদাহৰণ বিশ্বতে বিৰল। জাতীয় ইতিহাসত এই অধ্যায়ো নিশ্চয় লিপিবদ্ধ হ'ব সোণালী আখৰেৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in