ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক…

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক…

একৰাহে আঠ বছৰ কেন্দ্ৰৰ শাসনত থকা আৰু দেশৰ প্ৰায়ভাগ ৰাজ্যত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হ'লেও ক্ষমতাত অধিষ্ঠিত হ'বলৈ সক্ষম হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক এইবাৰ তেলেংগানাৰ হায়দৰাবাদ চহৰত সম্পন্ন হ'ল। দলটোৰ এই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ ৰাজনৈতিক গুৰুত্ব অপৰিসীম।

প্ৰথম কথা- দাক্ষিণাত্যত বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ সম্প্ৰসাৰণ ঘটোৱাটোৱেই এই বৈঠকৰ অন্যতম লক্ষ্য। এই বছৰতে গুজৰাট, হিমাচল প্ৰদেশ আৰু তাৰ পৰৰ্ৱতী পৰ্যায়ত তামিলনাডু, মধ্যপ্ৰদেশ, ৰাজস্থান আদিৰ গুৰুত্বপূৰ্ণ ৰাজ্যত অনুষ্ঠিত হ'বলগা বিধানসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিৰ উত্তৰণৰ দিশতো দলটোৰ সাংগঠনিক কৰ্মসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত হায়দৰাবাদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

দেশৰ হিন্দী বলয় আৰু উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ দুৰ্গ ইতিমধ্যে মজবুত হৈছে। কিন্তু তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাকে ধৰি দাক্ষিণাত্যত দলটোৰ স্থিতি এতিয়াও যথেষ্ট দুৰ্বল। মহাৰাষ্ট্ৰত ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰে শিৱসেনা, কংগ্ৰেছ আৰু এন চি পি মাজৰ মিত্ৰতাত ভাঙোন আনি পুনৰ পৰোক্ষভাৱে ক্ষমতাৰ কেন্দ্ৰবিন্দুত উপনীত হোৱা গেৰুৱাবাহিনীয়ে ইতিমধ্যে মানসিক শক্তি অৰ্জন কৰিছে।

সেই শক্তিৰেই হিমাচল প্ৰদেশ আৰু গুজৰাটৰ নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হ'ব। পৰৱৰ্তী পৰ্যায়ত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰাম হৈ পৰিব পাৰিব তেওঁলোকৰ ক্ষমতাৰ লক্ষ্য। তাৰ পিচতে লোকসভা নিৰ্বাচন। গতিকে দলটো ৰাজনৈতিক উত্থানৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। হায়দৰাবাদৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকতে দলৰ পূৰ্বৰ অধ্য তথা গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অমৃত কালতে বিজেপিয়ে দেশৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিব।

শ্বাহৰ মতে পৰৱৰ্তী ত্ৰিশ-চল্লিশ বছৰ দেশত বিজেপিৰ যুগ চলি থাকিব আৰু ভাৰতে বিশ্বগুৰুৰ মৰ্যাদাও লাভ কৰিব। দেওবাৰে বৈঠকৰ মাজতে আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হায়দৰাবাদত সংবাদমেলত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সেই বক্তব্যৰ উদ্ধৃতি তুলি ধৰে। অমিত শ্বাহে কাৰ্যনিৰ্বাহক বৈঠকত ঘোষণা কৰিছিল যে সাম্প্ৰতিক নিৰ্বাচনসমূহৰ দলৰ বিজয়ে দেশৰ ৰাজনীতিৰ পৰা জাতিবাদ, পৰিয়ালবাদৰ সমাপ্তি ঘটাই বিকাশৰ ৰাজনীতিৰ সূচনা কৰিছে। দলে আগত দিনবোৰত পশ্চিমবংগ, তেলেংগানা, কেৰালা, তামিলনাডু আৰু উড়িশাৰ দৰে ৰাজ্যতো নিৰ্বাচনী বিজয় সাব্যস্ত কৰিব বুলি শ্বাহে কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰিছিল।

গৃহ মন্ত্ৰীৰ মতে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালতে দেশৰ দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰখনত ভাৰতৰ স্থান উদ্ধমুখী হৈছে। শ্বাহৰ মতে প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনিবলৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিদেশৰ ৰাষ্ট্ৰপ্ৰধানসকল এতিয়া উদগ্ৰীৱ হৈ থাকে। কাৰণ বিশ্বত তেওঁৰ স্থান এতিয়া বহু ওপৰত। এতিয়া কথা হ'ল- গৃহ মন্ত্ৰী শ্বাহে দলৰ কাৰ্যনিৰ্বাহক সভাত দল আৰু চৰকাৰ সাফল্যৰ হিচাপ-নিকাচ দলীয় দৃষ্টিভংগীৰে কৰবই।

তেওঁৰ সেই বক্তব্যৰ মূল ভিত্তি হৈছে নিৰ্বাচনী ৰাজনীতিত বিজেপিৰ ধাৰাবাহিক সফলতা। অৰ্থাৎ শাসকীয় দল হিচাপে বিজেপিৰ সাফল্যৰ জোৱাৰ ঊৰ্দ্ধমুখী হৈ থকা অৱস্থাতে শ্বাহে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ তৎপৰ হৈছে। কিন্তু বাস্তৱিকতে নিৰ্বাচনী ৰাজনীতিত বিজেপিৰ চমকপ্ৰদ উত্থান অব্যাহত থাকিলেও দেশৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত বিকাশ-উন্নয়নৰ জোৱাৰ শ্বাহে কোৱাধৰণে পৰিলক্ষিত হোৱা নাই। বৰং অৰ্থনৈতিক সমীক্ষাবোৰে তাৰ এক বিপৰীতমুখী ছবিহে প্ৰতিফলিত কৰিছে।

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত দেশৰ অৰ্থনীতিয়ে ইতিমধ্যে পূৰ্বৰ দশকসমূহৰ তুলনাত নিম্নগামী গতি লৈছে। ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানবোৰ এফালৰ পৰা ধ্বংসপ্ৰাপ্ত হোৱাৰ পৰিবেশ সৃষ্টি হৈছে। হতাশাগ্ৰস্ত নিবনুৱাই ৰাজপথত আন্দোলন কৰিছে। দেশৰ সামাজিক বাতাবৰণো দূষিত হৈ পৰিছে। সাম্প্ৰদায়িক বিদ্বেষমূলক ঘটনাবোৰ ক্ৰমা্ৎ বৃদ্ধি পাইছে। সৰ্বোচ্চ ন্যায়ালয়ে দলৰ এসময়ৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ মুখপাত্ৰৰ বক্তব্যক লৈ তীব্ৰ খেদ প্ৰকাশ কৰিবলগীয়া হৈছে।

এনে এক পৰিস্থিতিতো কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মূল শাসকীয় দল হিচাপে পৰিগণিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত দেশৰ সাম্প্ৰতিক ইছ্যুবোৰক লৈ সঠিক আলোচনা তথা পৰ্যবেক্ষণ নোহোটোৱেই নেতৃত্বৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিকে ঊৰ্দ্ধত তুলি ধৰিছে। যিখন ৰাজ্যত দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে, সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে তাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক প্ৰট'কল অনুসৰি আদৰিবলৈ যোৱা নাই।

বৰং ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থীগৰাকীক লগত লৈ সেই সময়ত তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমদল উলিয়ায় আৰু ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে দেশবাসীৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগহে উত্থাপন কৰে। গণতন্ত্ৰত শাসকৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগ থাকিবই। শাসক-বিৰোধীৰ মাজৰ সুস্থ বিৰ্তকইহে গণতন্ত্ৰক জীপাল কৰি ৰাখে।

কিন্তু সাম্প্ৰতিক কালত আগ্ৰাসী ৰাজনীতিৰে আগুৱাই যোৱা শাসকীয় দলটোৱে সেই বিৰোধীৰ অস্তিত্বকে নস্যাৎ কৰিব বিচাৰিছে। এয়া সুস্থ ৰাজনীতিৰ পৰিচায়ক হ'ব নোৱাৰে। প্ৰথমতে কংগ্ৰেছমুক্ত ভাৰত গঢ়াৰ শ্ল'গান দিয়া বিজেপিৰ শীৰ্ষ নেতাসকলে এতিয়া বিৰোধীশূন্য ভাৰতৰ কথাও ক'বলৈ লৈছে।

প্ৰশ্ন হয়- গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে 'বিশ্বগুৰু'  হ'বলৈ ওলোৱা ভাৰতবৰ্ষৰ ৰাজপথ আজি নিবনুৱাৰ প্ৰতিবাদত উত্তাল কিয়? কিয় এতিয়াও ভাৰতীয় লোকে জমা কৰা ক'লা ধনেৰে বিদেশৰ বেংক ভৰি পৰিছে? সেই ক'লা ধন ওভতাই আনি দেশৰ উন্নয়নৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক দিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাকৈ ভাৰত বিশ্বগুৰু হ'ব কনেকৈয এই প্ৰশ্নবোৰৰ সমিধান কোনে দিব, সেয়াহে বিচাৰ্যৰ বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in