প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ

শান্তি-ঐক্য আৰু বিকাশৰ অংগীকাৰৰ প্ৰায় গতানুগতিক ভাষণেৰেই প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কাৰ্বি আংলং আৰু ডিব্ৰুগড় ভ্ৰমণ সামৰি দিল্লীলৈ উভতিল। বিষয় আদৰণীয় পৰ্ব আৰু সমাবেশেৰে প্রধানমন্ত্রীক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্রী তথা বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৰথী-মহাৰথীসকলে যত্নৰ ত্রুটি কৰা নাছিল আৰু সেইক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰা বুলিয়েই ক'ব পাৰি।

ডিফুৰ লৰিংখেপি আৰু ডিব্ৰুগড়ৰ খনিকৰে ইয়াৰ স্বাক্ষৰ বহন কৰিলে। প্ৰধানমন্ত্ৰী মোডী পূর্বে কেইবাবাৰো অসমলৈ আহিছে যদিও এইবাৰৰ ভ্রমণে সর্বাধিক চর্চা লাভ কৰা দেখা গ'ল। প্রধানমন্ত্ৰীৰ দ্বাৰা পশু, কৃষিকে ধৰি তিনিখনকৈ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, সাতটা কৰ্কট কেন্দ্র উদ্বোধন, আন সাতটা কৰ্কট কেন্দ্রৰ আধাৰশিলা স্থাপন আৰু ৰাজ্যৰ জল সংৰক্ষণ তথা জীবিকা সৃষ্টিৰ লক্ষ্যৰে ২,৯৮৫ অমৃত সৰোবৰ নিৰ্মাণৰ শুভাৰম্ভ নিঃসন্দেহে অতি গুৰুত্বপূর্ণ পদক্ষেপ।

কিন্তু এই প্ৰকল্প সমূহতকৈ কোটি কোটি টকাৰে সভাস্থলী নিৰ্মাণ, প্রধানমন্ত্ৰীক আদৰিবলৈ চমৎকাৰ আয়োজন, সমাবেশলৈ মানুহ অনাৰ বাবে হেজাৰ হেজাৰ যান-বাহন ব্যৱহাৰৰ লগতে দুই জিলাত চৰকাৰী বন্ধ ঘোষণা আদি কথাক লৈহে ৰাষ্ট্ৰ নেতাগৰাকীৰ এই ভ্রমণে অধিক দৃষ্টি আকর্ষণ কৰিছে। সমুখত কোনো নির্বাচন নাথাকিলেও ২০২৪ক লৈ বিৰোধী শক্তিসমূহে জল্পনা-কল্পনা কৰি থকাৰ সময়তে ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ জনপ্রিয়তা প্ৰদৰ্শনৰ বাবেই হয়তো এই ৰাজকীয় আয়োজন কৰা হৈছিল।

পৌৰ নিৰ্বাচন, ৰাজ্যসভা নির্বাচনকে ধৰি শেহতীয়া নির্বাচনসমূহৰ সাফল্যক লৈ উৎসাহিত হৈ থকা গেৰুৱা বাহিনীয়ে প্ৰধানমন্ত্ৰীৰ এই চৰকাৰী কাৰ্যসূচীৰ উপলক্ষতে আনন্দ উদযাপনৰ সুবিধা পাইছে। কিন্তু সৰ্বসাধাৰণৰ প্ৰশ্ন হ'ল- প্রধানমন্ত্রীয়ে ৰাজ্যখনৰ মৌলিক সমস্যাৰাজিৰ সমাধানকল্পে কি আশাৰ বতৰা দিলে। ক'ভিডৰ পৰৱৰ্তী সময়ত জনসাধাৰণে যি আর্থিক বিপৰ্যয়ৰ সম্মুখীন হৈছে, তাৰ পৰা উদ্ধাৰৰ কিবা পথৰ সন্ধান দিব পাৰিলেনে প্রধানমন্ত্রীয়ে? ইন্ধনকে ধৰি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি কেনেকৈ ৰোধ হ'ব?

কাৰ্বি আংলং আৰু ডিব্ৰুগড়ৰ জনসভাত প্রধানমন্ত্রীয়ে এইবোৰ দিশত ৰাইজক আশ্বস্ত কৰিব পাৰিছে বুলি ক'ব নোৱাৰি। কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিনেৰে অসম বিকাশৰ পথত ধাৱমান হ'ব বুলি প্রধানমন্ত্রীয়ে কৈ থকাৰ সময়তে ব্যৱহাৰিক প্রমাণপত্র দিব নোৱৰাৰ বাবেই ড'নাৰ মন্ত্রালয়ে অসম তথা উত্তৰ-পূবৰ ৰাজ্য চৰকাৰকেইখনলৈ পুঁজি যোগান বন্ধ কৰাৰ কথাই কিন্তু আন এখন ছবিহে দাঙি ধৰে।

অসমলৈ অহাৰ আগদিনা ক ভিড পৰিস্থিতিক লৈ হোৱা আলোচনাত পেট্রল-ডিজেলৰ ভেট হ্ৰাস কৰিবলৈ অ-বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীক হেঁচা দিয়া প্রধানমন্ত্ৰীৰ হাতত যে মূল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াৰ বাবে বিকল্প কোনো সূত্র নাই, সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। গতিকে অসমৰ সভাত প্রধানমন্ত্রীয়ে আকাশলংঘী মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণৰ কোনো উপায় দিব বুলি ৰাইজে আশা নকৰাটোৱেই স্বাভাৱিক। অসমত টাটাৰ বিত্তীয় সহযোগত স্থাপন কৰা কৰ্কট কেন্দ্ৰকেইটাই নিঃসন্দেহে স্বাস্থ্য খণ্ডত নতুন দিগন্তৰ সুচনা কৰিব।

কিন্তু ৰাইজে তাৰ সুফল পাবলৈ উপযুক্ত পৰিচালনা আৰু তদানকীৰ প্ৰয়োজন হ'ব। ৰাজ্যখনত শেহতীয়াকৈ এখনৰ পিচত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পিচতো জনসাধাৰণে যথোচিত চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ উদ্বেগজনক। তেনেস্থলত কৰ্কট প্রতিষ্ঠানকেইখন কেনেভাৱে পৰিচালিত হয়, তাৰ ওপৰতে ৰাইজৰ প্রত্যাশা পূৰণৰ দিশটো নির্ভৰ কৰিব। প্রধানমন্ত্ৰীয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি আহিছে। গতিকে এই অঞ্চলটোৰ আর্থ-সামাজিক উন্নয়নৰ দিশটোক দেশৰ বিকাশৰ মূল সুঁতিৰ সৈতে চামিল কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলিও ৰাইজে ইমানদিনে আশাপালি আছে। এইবাৰৰ ভ্রমণে সেই আশা পূৰণৰ ক্ষেত্ৰত কিমানদূৰ কাৰ্যকৰী বিবেচিত হয়, সেয়াহে বিচাৰ্থৰ বিষয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in