উৎসৱ আৰু পৰীক্ষা

উৎসৱ আৰু পৰীক্ষা

দুৰ্গা পূজাৰ পিচত বৃহত্তম ধর্মীয় অনুষ্ঠান হিচাপে ৰাজ্যৰ কেউফালে উদযাপন হৈছে ৰাস মহোৎসব। মানুহৰ মাজত পৰিলক্ষিত হৈছে উলাহ-উৎসাহ। পূজাকেন্দ্রিক আনন্দৰ মাজত মহামাৰীৰ ভীতি স্তিমিত হৈ পৰিছে। ইয়াৰ মাজতে আগত মঙলবাৰৰ পৰা আৰম্ভ হ'ব চেণ্ট্ৰেল ব'ৰ্ড অব্ ছেকেণ্ডাৰী এডুকেচন (চি বি এছ ই)ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা। লগতে দা ইণ্ডিয়ান চাৰ্টিফিকেট ছেকেণ্ডাৰী এডুকেচনৰ (চি আই এছ চি ই) পৰীক্ষাৰো আয়োজন চলিছে একে সময়তে।

ৰাজ্যত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি পৰ্বও সম্পন্ন কৰা হ'ব এই নৱেম্বৰ মাহতে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে ২০২২ চনত মেট্ৰিক পৰীক্ষাত বহিবলগীয়া নতুন পৰীক্ষাৰ্থীসকলে প্রথমে বহিব লাগিব স্কুলসমূহে আয়োজন কৰা ছমহীয়া শ্রেণী পৰীক্ষাত। ছমহীয়া পৰীক্ষাত নবহিলে কোনো পরীক্ষার্থীক মেট্ৰিক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া নহ'ব বুলি ঘোষণা কৰিছে চৰকাৰে। আনকি এই নৱেম্বৰৰ ভিতৰতে ছমহীয়া পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈকো স্কুল কর্তৃপক্ষসমূহক কঠোৰভাবে নির্দেশ দিয়া হৈছে।

বুজা গৈছে যে যিসকল শিক্ষাৰ্থীয়ে ২০২২ চনৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকলৰ ক্ষেত্ৰত দশম শ্রেণীৰ এই ছমহীয়া পৰীক্ষাটোৰ এক বিশেষ গুৰুত্ব থাকিব। এয়া হ'ব শিক্ষার্থীসকলৰ শৈক্ষিক জীৱনৰ সুৰক্ষাৰ এক দূৰদৰ্শী ব্যবস্থা, যাতে কেনেবাকৈ মহামাৰীজনিত কাৰণত চূড়ান্ত পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতি আহি পৰিলে এই ছমহীয়া পৰীক্ষাটোকো সাৰথি কৰিব পৰা যায়।

চি বি এছ ই পৰীক্ষাৰ ক্ষেত্ৰতো এইবাৰ দুটা পৰ্যায়ত আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো নৱেম্বৰ মাহত আৰম্ভ হৈ সমাপ্ত হ'ব ডিচেম্বৰৰ মাজভাগত। এনেদৰে দুটা পৰ্যায়ত পৰীক্ষা পতাৰ আঁৰত শিক্ষা বিভাগৰ দূৰদৰ্শী পৰিকল্পনা আছে। চৰকাৰে জানে যে মহামাৰীৰ তাণ্ডৱৰ অন্ত পৰা নাই। বিপদৰ আশংকাও শেষ হোৱা নাই। ৰোগ সংক্রমণ অব্যাহত আছে।

ছিটাকৰণ কাৰ্যসূচীয়ে দেশৰ বিশালসংখ্যকক সামৰি ললেও দুয়োটা ড'জ সম্পূর্ণ কৰিবলৈ এতিয়াও দেশৰ পঞ্চাশ কোটি মানুহ বাকী আছে। অর্থাৎ দুয়োটা ড'জ সম্পূৰ্ণ কৰিব পৰা নাই দেশৰ প্ৰায় অর্ধেক জনসংখ্যাই। আমাৰ ৰাজ্যখনতো অনুৰূপ অৱস্থা। পিচে তাতোকৈ উদ্বেগৰ কথা এয়ে যে এতিয়াও দুয়োটা ছিটা গ্ৰহণ কৰা মানুহো কোবোনাৰ দ্বাৰা আক্ৰান্ত হৈ আছে, কিছুমান আক্রান্তৰ অৱস্থা অতি শুৰুতৰো হৈছে।

প্ৰাণহানি হোৱাৰ খবৰ পোৱা গৈছে। যদিও ছিটাকৰণে মহামাৰীৰ তাণ্ডৱ ভালেখিনি হ্রাস কৰিব পাৰিছে, তথাপি ছিটাক ভাৰসা কৰি বেপৰোৱা হৈ পৰা অনুচিত। ই হ'ব অবিবেচক্ৰৰ কাম। চিকিৎসা বিজ্ঞানীসকলে বাৰে বাৰে সতর্ক কৰি দি আছে যে কোৰোনা জীবাণু ধ্বংস হোৱা নাই। ছিটায়ো মানব দেহত কোৰোনা প্ৰতিৰোধী ব্যৱস্থা সম্পূর্ণৰূপে গঢ়ি তুলিব পৰা নাই।

কোৰোনাই যিকোনো মুহূর্ততে কাৰোবাৰ বাবে প্ৰাণঘাতকো হৈ উঠিব পাৰে। কিছুদিনৰ ভিতৰত হয়তো নতুন উৎপৰিবৰ্তনৰ মাজেৰে সংহাৰী ৰূপ লৈ উভতি আহিবও পাৰে। এই আশংকাৰ কথা ভাবিয়ে এইবাৰ শিক্ষান্ত পৰীক্ষাৰ্থীসকলক লৈ সাৱধানতা গ্ৰহণ কৰিছে দেশৰ চৰকাৰে। চলি থকা অনুকূল পৰিবেশৰ সুযোগ লৈ সেই ধৰণে দীর্ঘম্যাদী পৰিকল্পনা কৰি আয়োজন কৰিছে বিশেষ পৰীক্ষা ব্যৱস্থান।

হয়তো সেইবাবেই বিষয়টোৰ গুৰুত্ব বুজি উচ্চতম ন্যায়ালয়েও নৱেম্বৰৰ অফলাইন পৰীক্ষাৰ আয়োজনক যুক্তিসংগত বুলি বিবেচনা কৰিছে। প্ৰসংগতঃ উল্লেখৰ আৱশ্যক যে শিক্ষার্থীৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত চি বি এছ ইৰ পৰীক্ষাসমূহ অফ আৰু অনলাইন দুয়োটা পদ্ধতিতে পাতিব লাগিব বুলি কেইগৰাকীমান শিক্ষার্থীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। ন্যায়ালয়ে সেই আবেদন নাকচ কৰি অলপতে কৈছে এতিয়া আৰু সময় নাই।

শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰাই যুগুত। আবেদনকাৰীৰ যুক্তি আছিল যে পৰীক্ষাৰ্থীসকলৰ যিহেতু ছিটাকৰণ সম্ভৱ হোৱা নাই, গতিকে এনেস্থলত তেওঁলোক মুকলি আহিলে ৰোগত আক্ৰান্ত হোৱাৰ ভয় আছে। কম বয়সীয়া ছাত্র ছাত্ৰীসকল ৰোগ সংক্ৰমিত হোৱাৰ ভয় মুঠেও অমূলক নহয়। কিন্তু এতিয়া অনুকূল পৰিবেশৰ সুযোগ লোৱাটোৱেই শ্রেয় বুলি সকলোৱে বিবেচনা কৰিছে। যথাসম্ভৱ সোনকালে আৰু সুকলমে পৰীক্ষা সম্পন্ন হওক বুলি কামনা কৰি থকাৰ সময়তে আমি দুঃসংবাদবোৰো শুনিবলৈ পাইছো।

ৰোগ সংক্ৰমণৰ নিত্য নতুন সংবাদ, য'ত স্কুল-কলেজলৈ যাবলৈ লোৱা শিক্ষার্থী আৰু শিক্ষক কোৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু বন্ধ কৰি দিব লগা হৈছে তেনে শিক্ষানুষ্ঠান। মেট্রিক দিবলগীয়া ৰোগ সংক্রমিত দশম শ্ৰেণীৰ শিক্ষার্থী বা শিক্ষকক লৈ চৰকাৰে কি সতৰ্কতা লৈছে, এতিয়াও স্পষ্ট হোৱা নাই। কিবা যে সতর্কতামূলক ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব পাৰিব, সেয়া আশাও নাই।

কিয়নো শিক্ষক-শিক্ষার্থী ৰোগ সংক্রমিত হ'ব লগা হোৱাৰ সময়তে এতিয়া বিভিন্ন উৎসৱ-পাৰ্বর্ণক লৈ ব্যক্ত ৰাজ্যৰ চৰকাৰ। ধর্মীয় উৎসৱেৰে জনসমাগমক উৎসাহ দিবলৈ চৰকাৰ ব্যস্ত ৰাস সমিতিক সাহায্য প্রদানত। এই পৰিস্থিতিত ছিটাকৰণ সম্ভৱ নোহোৱা লক্ষাধিক কিশোৰ শিক্ষার্থীক কোৰোনাময় পৰিবেশৰ মাজলৈ উলিয়াই দি চিন্তিত-উদ্বিগ্ন হৈ থকাত বাদে কোনো উপায় নাই অভিভাবক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in