অনিশ্চয়তাত এন আৰ চি

অনিশ্চয়তাত এন আৰ চি

যি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমৰ নাগৰিক পজ্ঞীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াই এটা স্তৰত উপনীত হৈছিল, সেই ন্যায়পীঠতে সম্প্ৰতি ওলমি পৰিছে অসমৰ জনসাধাৰণৰ বহু প্ৰত্যাশাৰ জাতীয় দলিলখন।সুদীৰ্ঘ দিনৰ শ্ৰমৰ অন্তত চলিত বৰ্ষৰ ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাইছিল আৰু ৩.২৯ কোটি আবেদনকাৰীৰ প্ৰায় ৪০ লাখ লোকৰ নাম ইয়াত অন্তৰ্ভুক্ত হোৱা নাই প্ৰয়োজনীয় নথি পত্ৰৰ অভাৱ কিম্বা অসমৰ বাহিৰলৈ প্ৰেৰণ কৰা নথি সংশ্লিষ্ট,কৰ্তপক্ষই প্ৰত্যায়ন কৰি নিদিয়াৰ বাবে।

এতিয়া এই ৪০ লাখ লোকৰ নাম,এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে যি দাবী আপত্তি প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে, তাতেই ঘটিছে অথন্তৰ। এই দাবী-আপত্তি পৰ্বত এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে ধাৰ্য কৰা নথিৰ সংখ্যা পূৰ্বৰ ১৫ বিধৰ পৰা ১০ বিধলৈ হ্ৰাস কৰাৰ বাবে এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই দিয়া প্ৰস্তাৱ ছুপ্ৰিম ক'ৰ্টত বিচাৰপীঠে সন্মতি প্ৰদান কৰাৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটোলৈ নামি আহিছে জটিলতা। আছাম পাব্লিক ৱকৰ্ছ, অসম সচেতন নাগৰিক মঞ্চ, জমিয়ত উলেমা-ই-হিন্দ, অসম সন্মিলিত মহাসংঘ, আমছু আদি সংগঠনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থতো হৈছেই, তাৎপৰ্যপূৰ্ণভাৱে খোদ অসম চৰকাৰে ইয়াৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত দাখিল কৰিছে শপতনামা। এই পক্ষসমূহৰ বক্তব্য অৱশ্যে যুক্তিসংগত।

পোন্ধৰবিধ নথিৰ আধাৰত নাগৰিকপঞ্জী উন্নীতকৰণ পৰ্যায়টোৱে এটা স্তৰত উপনীত হোৱাৰ পিচত বাকী ৪০ লাখ মানুহৰ বাবে নথিৰ সংখ্যা হ্ৰাস হ'লে প্ৰক্ৰিয়াটোত স্বচ্ছতা নাথাকিব আৰু একাংশ লোকক বঞ্চিত কৰা হ'ব। কিন্তু বিচাৰপীঠে (১৯ ছেপ্টেম্বৰ, ২০১৮) গ্ৰহণ কৰা শুনানিৰ অন্তত পাঁচবিধ নথি পুনৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি দহবিধ নথিৰেই দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ এন আৰ চি কৰ্তৃপক্ষক নিৰ্দেশ দিছে। ফলত এতিয়া প্ৰক্ৰিয়াটো কিমান সুকলমে সম্পন্ন হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসমৰ জাতীয় দলিলখনৰ ভৱিষ্যত। অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে এ পি ডব্লিউ, অসম সচেতন নাগৰিক মঞ্চ আদি সংগঠনে তেওঁলোকৰ শপতনামাত কেতবোৰ বিস্ফোৰণ অভিযোগ সন্নিবিষ্ট কৰি কৈছে যে লিগেচী ডাটাৰ জালিয়াতি আৰু অন্যান্য জাল নথিৰ আধাৰত বহু অবৈধ বিদেশীয়ে নিজৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

এন আৰ চিৰ ভিত্তি বৰ্ষ হৈছে ১৯৭১ৰ ২৪ মাৰ্চ। কিন্তু,এই তাৰিখৰ পিচত স্থাপন হোৱা কিছুমান গাঁৱৰ গাঁওবুঢ়াই দিয়া প্ৰমাণপত্ৰৰ ভিত্তিতো বহু লোকৰ নাম সোমাইছে এন আৰ চিত। আনহাতে কাৰোবাৰ পিতৃ-মাতৃ-ভাতৃৰ নাম আছে এন আৰ চিত। কিন্তু কন্যা বিদেশী ঘোষিত গৈ ডিটেনচন কেম্পত থাকিবলগা হৈছে। বহু বৈধ নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই নথিপত্ৰৰ পৰীক্ষাত সংশ্লিষ্ট কৰ্তপক্ষৰ গাফিলতিৰ বাবে। কৰ্মচাৰীৰ অজ্ঞতাৰ বাবে বহুতৰ নাম ভুলকৈ উল্লেখ হৈছে, হিন্দু পৰিয়ালৰ মাজত অন্তৰ্ভুক্ত হৈছে মুছলমান ব্যক্তিৰ নাম। এনে অজস্ৰ বিসংগতিৰ বাবেই সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ এন আৰ চিৰ ১০ শতাংশ লোকৰ নথিপত্ৰ পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিছে আৰু এই পুনৰ পৰীক্ষণ সংশ্লিষ্ট জিলাৰ কৰ্মচাৰীৰ দ্বাৰা নকৰি, সমীপস্থ জিলাৰ কৰ্মচাৰীৰ জৰিয়তে সম্পন্ন কৰাৰো নিৰ্দেশ দিছে।সমগ্ৰ প্ৰক্ৰিয়াটোৱেই এতিয়া পুনৰ ধূসৰতাৰ মাজত সোমাই পৰিছে। ধূসৰতা দূৰসকৰি এখন শুদ্ধ, পূৰ্ণাংগ এন আৰ চি অসমবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'বনে নে নাই, সেইটোৱেই আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিয়নো এন আৰ চিত ইতিমধ্যে পৰিলক্ষিত হোৱা বহু বিসংগতিৰ বাবে মুখ্য সমন্বয়ক প্ৰতীক হাজেলালৈ বহুতে আঙুলি টোঁৱাইছে। খোদ ৰাজ্য চৰকাৰৰ সৈতে হাজেলাৰ স্থিতিৰ সংঘাত ঘটাটো প্ৰকট হৈ পৰিছে।

বিজেপিৰ তৰফৰ পৰা অনানুষ্ঠানিক অভিযোগ তোলা হৈছে যে এন আৰ চিৰ টীমটো কংগ্ৰেছ আমোলত গঠন হোৱা বাবেই বহু অবৈধ বিদেশীৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈছে। এনে প্ৰেক্ষাপটত শুদ্ধ এন আৰ চিখন প্ৰকাশৰ দায়িত্ব ল'ব কোনে? এটা কথা নিশ্চিত যে এন আৰ চিক লৈ বিজেপিৰ নিজা এটা এজেণ্ডা আছে। ইয়াৰ লগত সম্পৰ্কিত হৈ আছে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন। অসমত এই অনিশ্চয়তা বিৰাজ কৰি থকাৰ মাজতে পশ্চিমবংগকে ধৰি অনা কেতবোৰ ৰাজ্যত এন আৰ চিৰ দাবী উঠিছে। সমগ্ৰ বিষয়টোক অধিক ৰহস্যজনক কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলপতে দিল্লীৰ এখন ছেমিনাৰত কৈছে যে সমগ্ৰ দেশতে এন আৰ চি উন্নীত নহ'লে অসমত এন আৰ চি উন্নীতকৰণৰ উদ্দেশ্য সফল নহ'ব। গতিকে কাৰ অংক কি, সেইটো বুজা কঠিন হৈ পৰিছে। এনে অৱস্থাত উচ্চতম ন্যায়ালয়ৰ স্থিতি কি হ'ব, এন আৰ চি উন্নীতকৰণৰ শেষ স্তৰত সষ্টি হোৱা জটিলতাবিলাক দূৰ কৰাৰ দিক নিৰ্দেশনা দিবলৈ বিচাৰপীঠ সক্ষম হ'বনে, যদি সঁচাকৈয়ে এন আৰ চিত বুজনসংখ্যক অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে, সেইবিলাকক বাদ দিয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, এই সকলো কথাৰ উত্তৰ পাবলৈ অসমবাসী ব্যগ্ৰ হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ওপৰতে সকলোৰে ভাৰসা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in