অৰ্থনীতিৰ দুৰ্দশা…

অৰ্থনীতিৰ দুৰ্দশা…

দেশৰ অৰ্থনীতিৰ চৰম দুৰৱস্থাক লৈ সম্প্ৰতি যিধৰণৰ চৰ্চা হৈছে, সেয়া এতিয়া আৰু শাসক-বিৰোধীৰ বাক-বিতণ্ডাকেন্দ্ৰিক ৰাজনীতিৰ বিষয় হৈ থকা নাই। চৰকাৰে স্বীকাৰ নকৰিলেও আৰ্থিক ক্ষেত্ৰখনত এতিয়া নোহোৱা-নোপোৱা ঘটনাবোৰ ঘটিবলৈ ধৰিছে। ভাৰতীয় টকাৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাইছে আৰু ইয়ে বিগত দশকবোৰৰ তুলনাত এক ৰেকৰ্ড স্থাপন কৰিছে। যোৱা আঠবছৰীয়া কাৰ্যকালত মোডী চৰকাৰৰ আৰ্থিক নীতিৰ বিৰুদ্ধে মাত মাতি অহা দেশৰ বিশিষ্ট অৰ্থনীতিবিদসকলক শাসকপক্ষই চৰকাৰবিৰোধী, বাওঁপন্থী, কংগ্ৰেছী আদি নানা অভিধাৰে অভিহিত কৰি তেওঁলোকৰ বিচাৰ-বিশ্লেষণক একপ্ৰকাৰ নস্যাৎ কৰি দিয়াৰ ব্যৱস্থা কৰি আহিছে।

সেয়া লাগিলে বিশ্ববিখ্যাত অৰ্থনীতিবিদ ড০ অমৰ্ত্য সেন, অভিজিৎ বেনাৰ্জীয়েই হওক বা ড০ সুব্ৰমণিয়ম স্বামীৰ দৰে আৰ্থিক বিশেষজ্ঞই হওক। আজি যিগৰাকী ব্যক্তিয়ে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেইগৰাকী যশৱন্ত সিনহাকো মোডী চৰকাৰে যোৱা সময়ছোৱাত তীব্ৰ সমালোচনা কৰি আহিছে। কাৰণ যশৱন্ত সিনহাই মোডী চৰকাৰে যোৱা সময়ছোৱাত তীব্ৰ সমালোচনা কৰি আহিছে। কাৰণ যশৱন্ত সিনহাই মোডী চৰকাৰৰ আৰ্থিক নীতিৰ কঠোৰ সমালোচনা কৰি আহিছে।

মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বিত্ত মন্ত্ৰীৰ দায়িত্বত থকা প্ৰয়াত অৰুণ জেটলি আৰু বৰ্তমানৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও যশৱন্ত সিনহাৰ পৰামৰ্শক মুকলিকৈ অগ্ৰাহ্য কৰিছিল। প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ আমোলত সুখ্যাতিৰে বিত্ত মন্ত্ৰীৰ দায়িত্ব পালন কৰা যশৱন্ত সিনহাই মোডী চৰকাৰৰ বিকাশ-উন্নয়নৰ নীতিক 'কৰ্মসংস্থানহীন বিকাশ' আখ্যা দিছিল। এতিয়াও সেই একেই যুক্তিৰে যশৱন্ত সিনহাই মোডী চৰকাৰৰ আৰ্থিক নীতিৰ বিৰুদ্ধাচৰণ কৰিছে। বিজেপিৰে বৰ্ষীয়ান নেতা তথা ৰাজ্যসভাৰ সাংসদ ড০ সুব্ৰমণিয়ম স্বামীয়ে আনকি প্ৰয়াত অৰুণ জেটলিক অৰ্থনীতিৰ বাস্তৱিক জ্ঞান নথকা ব্যক্তি বুলিও সমালোচনা কৰিছিল।

সেইদৰে দেশৰ নব্য উদাৰবাদী তথা মুক্ত বজাৰ অৰ্থনীতিৰ প্ৰবক্তাস্বৰূপ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বক্তব্যকো মোডী চৰকাৰে কাহানিও গুৰুত্ব প্ৰদান নকৰিলে। অথচ ড০ সিঙে বিশ্বৰ এগৰাকী আগশাৰীৰ অৰ্থনীতিবিদ হিচাপে খ্যাতি অৰ্জাৰ লগতে প্ৰয়াত পিভি নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত কেন্দ্ৰৰ বিত্ত মন্ত্ৰী হিচাপে আৰ্থিক সংস্কাৰ সাধন কৰিছিল। ১৯৭২ চনতে তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৮২ চনত তেওঁ ৰিজাৰ্ভ বেংকৰ গৰ্ৱনৰৰ দায়িত্বও পালন কৰিছিল। সেইগৰাকী বিশিষ্ট অৰ্থনীতিবিদে মোডী চৰকাৰৰ বিমুদ্ৰাকৰণৰ নীতি দেশৰ অৰ্থনীতিৰ ভয়াৱহ বিপৰ্যয় আখ্যা দিছিল।

কিন্তু ড০ সিঙৰ সকীয়নিকো মোডী চৰকাৰে সেই সময়ত অগ্ৰাহ্য কৰিছিল। প্ৰশ্নটো ড০ সিঙক গুৰুত্ব দিয়া বা নিদিয়াক লৈ উত্থাপন হোৱা নাই। কিন্তু এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে আৰ্থিক নীতি সৰ্ম্পকীয় গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সিদ্ধান্ত লোৱাৰ সময়ত এইসকলৰ পৰামৰ্শক একেবাৰে উলাই কৰিব নালাগিছিল। এই কথা কেৱল বিৰোধীয়েই নহয়, শাসকীয় পক্ষৰ নেতায়ো কৈছিল। তাৰ ফলত 'চাপৰিলে মেঘ নাতৰে' বুলি কোৱা কথাষাৰৰ দৰেই যোৱা সময়ছোৱাত মোডী চৰকাৰৰ আৰ্থিক নীতিৰ ফল সকলোৱে ভুগিবলগাত পৰিছে।

কৰ্মসংস্থানহীনতাৰ ক্ষেত্ৰত দেশে বিগত প্ৰায় চাৰিটা দশকৰ ৰেকৰ্ড ভংগ কৰিলে। সেইদৰে টকাৰ মূল্যও হ্ৰাস পালে। ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা বিদেশী বিনিয়োগকাৰীসকলে বজাৰৰ দুৰৱস্থা দেখি ভাৰত এৰিবলৈ লৈছে। অৰ্থাৎ শ্বেয়াৰ বজাৰত নিৰ্বিনিয়োজন প্ৰক্ৰিয়াহে ত্বৰান্বিত হৈছে। তাৰ বিপৰীতে আন্তঃগাঁথনি উন্নয়নৰ নামত ঘোষিত চৰকাৰী কৰ্মসূচীবোৰৰ ৰূপায়ণৰ নামত বিদেশী ঋণৰ বোজা বাঢ়িবলৈ লৈছে। দেশীয় অৰ্থনীতি টনকিয়াল কৰাৰ পৰিবৰ্তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰি দিয়াৰ বাবে তৎপৰ হৈ পৰা কেন্দ্ৰই দেশৰ অৰ্থনীতিত এক ভয়াৱহ বিপদৰ পিনে ঠেলি দিয়াৰ গুৰুতবৰ অভিযোগ উত্থাপন কৰিছে।

বিশিষ্ট অৰ্থনীতিবিদসকলে। ইফালে বিদেশৰ বেংকত জমা হোৱা ক'লা ধন দেশলৈ ওভতাই অনাৰ প্ৰতিশ্ৰুতি দিয়া এই চৰকাৰৰ দিনতে কেইবাগৰাকীও উদ্যোগপতিয়ে ৰাজহুৱা খণ্ডৰ বেংকৰ ঋণ লৈ বিদেশত আশ্ৰয় লৈছে। যোৱা সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব নোৱাৰিলে কেন্দ্ৰই। শেহতীয়া তথ্য অনুসৰি ছুইছ বেংকত জমা হোৱা ভাৰতীয় লোকৰ ধনৰ পৰিমাণো দুগুণ হাৰত বৃদ্ধি পাইছে। গতিকে অৰ্থনীতিৰ বিফলতাক এতিয়া আৰু ঢাকি ৰাখিব পৰা অৱস্থাত নাই।

এই পৰিস্থিতিত স্বাভাৱিকতে বিৰোধীয়ে চৰকাৰক উভতি ধৰিবলৈ তৎপৰ হৈ উঠিছে। প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বই টকাৰ মূল্য হ্ৰাস পোৱা বিষয়টোক লৈ পূৰ্বৰ ড০ মনমোহন সিং চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা তেতিয়াৰ গুজৰাৰ মুখ্যমন্ত্ৰী আৰু আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সেই সময়ৰ বক্তব্যৰ ভিডিঅ' প্ৰচাৰ কৰিছে। তেতিয়া মোডীয়ে কৈছিল যে দুৰ্নীতিপৰাণ শাসকৰ দিনতহে টকাৰ মূল্য এইদৰে হ্ৰাস পায়। প্ৰধানমন্ত্ৰী মোডীৰ সেই বক্তব্যৰ ওপৰত ভিত্তি কৰিয়েই তেওঁক জবাবদিহি কৰিছে কংগ্ৰেছ নেতৃত্বই। এতিয়া কথা হ'ল- শাসক-বিৰোধীৰ এইধৰণৰ অৰিয়া-অৰিয়েও দেশৰ অৰ্থনীতিক উদ্ধাৰ কৰিব নোৱাৰে, যদিহে চৰকাৰে অনতিপলমে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in