শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

সৃষ্টি-ৰহস্যৰ সন্ধান…

বিগ বেং বা এক এবিশ্বাস্য মহাবিস্ফোৰণ, আৰু তাৰ পিচতে সূচনা হৈছিল এই অনন্ত মহাশূন্যৰ। সেয়া আজিৰ পৰা ১,৩৮০ কোটি বছৰ আগৰ কথা। এই মহাশূন্য-মহাবিশ্বৰ সৃষ্টি-ৰহস্যৰ ওৰ বিচাৰি প্ৰাগ ঐতিহাসিক কালৰ পৰাই মানুহে আকাশলৈ মূৰ তুলি চাইছে, ভাবুক হৈ বিচাৰিছে উত্তৰ। যি সময়ত পৃথিৱীত অদৃষ্টবাদ আৰু ধৰ্মই মানুহৰ চেতনাক গ্ৰাস কৰি ৰাখিছিল, যৌক্তিকতা বা বিজ্ঞান মনস্কতাৰ কোনো পৰিবেশ নাছিল, তেনে সময়তো প্ৰাচীন ভাৰতত আৰ্যসকলে সৃষ্টি-ৰহস্যৰ সন্ধান বিচাৰি ব্ৰহ্মা ৰূপী অনাদি-অনন্ত সময় আৰু স্থানৰ কথা ক’ব পাৰিছিল।

জ্ঞান-জিজ্ঞাসাৰ সেই ঐতিহ্যমণ্ডিত পৰিবেশ এতিয়া আৰু ভাৰতত নাই। বিজ্ঞান নহয়, ধৰ্মহে এতিয়া আমাৰ সাৰকথা। মহাকাশৰ মাজত তৰা নহয়, আমাক চাবলৈ শিকোৱা হয় ধৰ্মপুথিৰ অলৌকিক ঈশ্বৰ চৰিত্ৰক। পিচে মহাকাশৰ পৰা ধৰ্মীয় গল্প-কাহিনীৰ ঈশ্বৰক বিতাড়িত কৰি পশ্চিমৰ যুক্তিবাদী মানুহে সেই মহাকাশ-মহাশূন্যত নিজৰে অতীত বিচাৰি উলিয়াইছে।

অলপতে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা (নাছা)ৰ তৰফৰ পৰা কেইখনমান মনোমুগ্ধকৰ আলোকচিত্ৰ তুলি ধৰিছে বিশ্ববাসীৰ সন্মুখত। হোৱাইট হাউছত এই আলোকচিত্ৰবোৰ ৰাজহুৱা কৰিছে খোদ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে। উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু নাছাৰ প্ৰশাসক বিল নেলছনক কাষত বহুৱাই পৰম তৃপ্তি আৰু গৌৰৱেৰে বাইডেনে মানুহৰ এই যুগান্তকৰী কৃতিত্বৰ কথা ঘোষণা কৰি কৈছে- ‘এয়া বিশ্বৰ প্ৰামাণ্য প্ৰাচীনতম ছবি, যিবোৰ আহিছে ১,৩০০ কোটি- হয়, পুনৰ দোহাৰিছো- ১,৩০০ কোটি বছৰ অতীতৰ পৰা।’

বাইডেনৰ এই উক্তিৰ মাজত মানৱ জাতিৰ এক অভূতৰ্পূব উত্তৰণৰ ইংগিত পৰিস্ফুট হৈছে। ১,৩০০ কোটি বছৰৰ আগতে ঘটি যোৱা প্ৰাচীন দৃশ্য এটা আজি দূৰবীণৰ কেমেৰাত বন্দী কৰিব পৰাটো কোনো এলাপেচা কথা নহয়। তৰাখচিত ৰাতিৰ আকাশ যেন লগা বৰ্ণিল এই আলোকচিত্ৰবোৰত অসীম অতীতৰ সাক্ষ্য আছে, আছে মহাশূন্যৰ অনন্ত ব্যাপ্তিৰ সন্ধান।

কিদৰে এই মহাশূন্যৰ সূচনা হ’ল, সৃষ্টি হ’ল পৃথিৱীৰ আৰু পৃথিৱীৰ উন্মেষ ঘটিল জীৱনৰ- এই সমস্ত বিষয়ৰাশি যেন বুজি উঠাত সহজ কৰি তুলিলে উক্ত আৱিস্কাৰে। পিচে দুঃসাধ্য সাধনৰ আঁৰত জড়িত হৈ আছে ক্ৰমে বিজ্ঞানীৰ নিৰলস সাধনা, চৰকাৰসমূহৰ আন্তৰিক সহযোগিতা আৰু বিজ্ঞানপ্ৰেমী দাতব্য সংস্থাৰ উদাৰতা। নাছাৰ উদ্যোগত বিশ্বৰ বিজ্ঞানীৰ সন্মিলিত প্ৰচেষ্টা আৰু আমেৰিকা-কানাডা আৰু ইউৰোপৰ বিপুল অৰ্থ-সাহায্যৰে ২৫ বছৰ ধৰি চলা প্ৰয়াসৰ অন্তত নিৰ্মাণ কৰি উলিওৱা হৈছিল অত্যাধুনিক জেমছ ৱেব দূৰবীণ।

বিগত বছৰৰ শেষৰ ফালে এই বিস্ময়কৰ দূৰবীণটো উৰুৱাই লৈ যোৱা হৈছিল মহাকাশলৈ। পৃথিৱীৰ পৰা ১৫ লক্ষ কিলোমিটাৰ দূৰৈত মহাশূন্যত এই দূৰবীণটো স্থাপন কৰিবলৈ প্ৰয়োজন হৈছিল প্ৰায় ১,০০০ কোটি টকা। বিজ্ঞানীৰ বিৰল প্ৰতিভাক ভাস্বৰ কৰি দূৰবীণটোৱে অলপতে কাৰ্যক্ষমতাৰ প্ৰমাণ দিছে। কেমেৰাত বন্দী কৰিছে সৃষ্টি-ৰহস্যৰ দৃশ্য। এই দৃশ্যত দেখা গৈছে ১,৩০০ কোটি বছৰ আগতে সংঘটিত সৃষ্টিকাণ্ড।

বিজ্ঞানীসকলে অনুমান কৰা অনুসৰি মহাজগতৰ সৃষ্টি হৈছে ১,৩৮০ কোটি বছৰ আগতে। সেই ঘটনাৰ প্ৰায় ৮০ কোটি বছৰ পিচৰ নিৰ্মীয়মাণ নক্ষত্ৰপুঞ্জৰ সমাহাৰৰ মাজেৰে ব্ৰহ্মাণ্ডৰ আংশিক ছবিখন ধৰা পৰিছে জেমছ ৱেব দূৰবীণত। প্ৰতি ছেকেণ্ডত ৮৬ হেজাৰ মাইল পথ অতিক্ৰম কৰি ১,৩০০ কোটি বছৰ পিচত আহি উপস্থিত হোৱা পোহৰ কণাসমূহক বিশ্লেষণ কৰি বিজ্ঞানীসকল বেছ উৎফুল্লিত ।

তেওঁলোকে কৈছে- জেমছ ৱেব দূৰবীণৰ জৰিয়তে সময়ৰ আৰু অধিক ভিতৰলৈ প্ৰৱেশ কৰিব পৰা যাব। আনকি এই ব্ৰহ্মাণ্ডত আন কোনো জীৱৰ অস্তিত্ব আছে নে নাই, সেই কথাৰো সন্ধান কৰিব পৰা যাব। সন্দেহ নাই যে পশ্চিমীয়া দেশৰ বিজ্ঞানীসকলৰ জ্ঞান-তথ্যৰ এই যুগান্তকাৰী সন্ধানে মানৱ জগতৰ ঐতিহ্যক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁলোকৰ জ্ঞান-অনুসন্ধিৎসাৰ এই বিৰল কীৰ্তিয়ে মানৱ জাতিক কেবল মহিমামণ্ডিতই কৰা নাই, মনুষ্য শক্তিকো যেন সকলো সীমাবদ্ধতাৰ পথ অতিক্ৰম কৰাই দিব পাৰিছে।

কিন্তু ইয়াৰ বিপৰীতে এই কথাও সঁচা যে তেওঁলোকৰ এই বিৰল আৱিস্কাৰৰ মাজেৰে মহাকাল-মহাবিশ্বৰ যি অসীম-অনন্ত ব্যাপ্তি ধৰা পৰিছে, সেই ব্যাপ্তি-বিশালতাই পৃথিৱী নামৰ এই গোলকটো আৰু ইয়াত অস্তিত্বমান মনুষ্য জীৱনৰ তুচ্ছতাকো আনফালে উদঙাই দিছে। এই মহাবিশ্বৰ ওচৰত মানুহ ক্ষণিক কালৰ তুচ্ছাতিতুচ্ছ বিন্দু মাথোঁ, আন একো নহয়। যুদ্ধ-বিগ্ৰহ, দ্বন্দ্ব-খৰিয়াল, লোভ-হিংসাৰে মত্ত মানৱ জীৱনৰ অস্তিত্বৰ তুচ্ছতাক প্ৰকট কৰি তুলিছে এক কৰুণ সত্যৰূপে।

আমি ভাৰতীয়সকলে এই সত্যৰ মৰ্মাৰ্থ উপলব্ধি কৰিব নোৱৰাটো এক ঐতিহাসিক বিড়ম্বনা। কিয়নো এইখন দেশত হেজাৰ বছৰ আগতে বৰাহ মিহিৰ, আৰ্যভট্টৰ দৰে মনীষীয়ে সৃষ্টি-ৰহস্যৰ মাজত বিশ্ব চৰাচৰৰ ওচৰত মানৱীয় অস্তিত্বৰ স্বৰূপ উদঘাটনৰো প্ৰয়াস কৰিছিল। আৰু আমি আজিৰ ভাৰতীয়ই যুক্তি আৰু বিজ্ঞান মনস্কতাৰ পৰিবেশ এফালৰ পৰা ধ্বংস কৰাত লাগিছো। জীৱন ঘেদালি আছো তুচ্ছৰো তুচ্ছ কথাৰ মাজত।

ধৰ্মৰ মায়াজালত নিজকে বন্দী কৰি নিয়তিৰ ওচৰত জীৱনক সমৰ্পণ কৰিছো। যি সময়ত এই বিশ্বৰে অন্য এটা দিশৰ মানুহে ১,৩০০ কোটি বছৰৰ অতীতক স্বচক্ষে চোৱাৰ বিৰল বৈজ্ঞানিক ক্ষমতা অৰ্জন কৰিছে, সেই সময়ত আমি ভাৰতীয়ই কল্প-কাহিনীৰ ৰাম, হনুমান, শিৱৰ বিতৰ্কত মজি আছো।

যি সময়ত অন্য প্ৰান্তৰ মানুহে বৈজ্ঞানিক উদ্ভাৱনাৰে যুগান্তকাৰী ঘটনা সংঘটিত কৰিছে, সেই সময়ত আমি সূচনা ঘটাইছো অন্ধযুগৰ আৰু মজিব লাগিছো গো-গাহৰিৰ মাংসক লৈ কৰা দ্বন্দ্ব-খৰিয়ালেৰে। লক্ষ কোটি দূৰত্বৰ কোনো অজ্ঞাত নীহাৰিকাৰ পৰা ভাৰতীয় মানুহৰ এই তুচ্ছ প্ৰাত্যহিকতাৰ ছবিখনো যে কোনোবাই কোনো দূৰবীণেৰে তুলি ৰখা নাই, কোনে জানে?