শক্তি

শক্তি

খোজকাঢ়ি গৈ থাকোতে উজুটি খোৱা মানুহে প্রথমতে চাৰিওফালে চায় আৰু তাৰ পিচত বহি দিয়ে। বহি দিয়াৰ পিচত একেজন ব্যক্তিয়ে কিন্তু ওপৰলৈও এবাৰ চায়! হয়তো ওপৰৰ কোনো অদৃশ্য শক্তিয়ে তেওঁৰ সেই দশা কৰিলে বুলি ভাবে! এইখিনি কথাৰ প্ৰকৃত সত্যটো এনেকুৱানে কি যে বিপদত পৰিলে, দুখ পালে মানুহে ওপৰলৈ চায়। আচলতে তলত অৰ্থাৎ মৰতত যেতিয়া মানুহ সঁচাকৈয়ে নিশকতীয়া হৈ পৰে, তেতিয়াই তেওঁলোকে আকাশলৈ চাবলৈ আৰম্ভ কৰে।

তাৰপিচত কিন্তু একোকে নাথাকে চাবলৈ! ভাৰত মহাকাশতো মহাশক্তিত পৰিণত হ'ল। পৃথিৱী নামৰ গোলকটোত সমস্ত শক্তি অৰ্জন কৰাৰ পিচত ভাৰতে এতিয়া মহাকাশতো নিজৰ আধিপত্য বিস্তাৰৰ লগতে তাত যদি কিবা শক্তি সঞ্চিত আছে, তাকো আয়ত্ত কৰাৰ চেষ্টা চলাব। এইবোৰ প্ৰশ্নকো পাগুলিয়াই মানুহে তৰ্ক-বিতৰ্কৰ বাট কিছুমান মুকলি কৰি লৈছে। এই যে মহাকাশলৈ চাই নিজকে শক্তিমন্ত কৰিব খোজা দেশখন, সেইখন দেশতে দেখোন দৰিদ্ৰক এটকীয়া চাউল খাবলৈ বাধ্য কৰোৱা হৈছে। অটল অমৃত, আয়ুষ্মান ভাৰত আৰু কত যে কি! এইবাৰ আহিছে ন্যূনতম আয় আঁচনি।

যাৰ মাহিলী আয় ১২ হাজাৰ টকাৰ কম, তেওঁলোকক মাহেকত ছহেজাৰ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া এইখন আঁচনিক লৈও হৈছে বিতৰ্ক। দেশৰ আনুমানিক ২০ শতাংশ দৰিদ্ৰ পৰিয়ালক ন্যূনতম আয় আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। এইবোৰেই দৰাচলতে মৰতৰ প্ৰকৃত শক্তি। কোনোবাই মন্দিৰ সাজি দিয়াৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত নামিছে, কোনোৱে আকৌ নিৰ্বাচনত জয়ী হ'বলৈ মন্দিৰে মন্দিৰে ঢপলিয়াই ফুৰিছে। 'মে ভী চকীদাৰ' শ্ল'গানটোকো জনপ্ৰিয় কৰি তোলা হৈছে। ৰাজনীতি অথবা ৰাজনীতিহীনতাৰ এনে শ্ল'গানেৰে নিম্নবৰ্গৰ লোককো যে তাচ্ছিল্য কৰা হৈছে, সেয়া কোনেও ততকে ধৰিব পৰা নাই। অথচ সকলোৱে মহা আনন্দৰে নামৰ আগত 'চকীদাৰ' লিখি লৈছে। এজনে আকৌ ব্ৰাহ্মণ হোৱাৰ বাবে চকীদাৰ লিখিবলৈ নাৰাজ। ব্ৰাহ্মণ লোক চকীদাৰ হ'ব নোৱাৰে নেকি? নাজানো। কিন্তু যিসকলে শাসকৰ ৰাজনীতিক প্ৰস্ন কৰিছে, তেওঁলোকেও গংগাৰ পানীত হাত-মুখ ধুইহে নিৰ্বাচনী যুদ্ধত নামিছে। যোৱা পাঁচ বছৰত 'অচ্ছে দিন'ৰ সমস্ত প্ৰতিশ্ৰুতিও গংগা নদীত উটি-ভাহি গ'ল।

সেইবোৰ দেখি-শুনি বিৰোধীয়ে ন্যূনতম আয় আঁচনি প্ৰৱৰ্তন কৰিছে যেন লাগে! কিন্তু এনে অজস্ৰ আঁচনিক লৈও এটা সময়ত কিমান দুৰ্নীতি হ'ল তাৰ লেখ-জোখ নাই। এইবোৰ বিৰোধীয়ে মৰতত আৰু শাসকে আকাশত শক্তি অৰ্জনৰ শ্ল'গান দি নিৰ্বাচনৰ শংখ নিনাদ কৰিছে। কথা টং কৰিবলগীয়া। এইবোৰ শক্তি সঞ্চয়ৰ চেষ্টা। খোজকাঢ়ি গৈ থাকোতে, শাসনৰ গুৰুদায়িত্ব বহন কৰি থাকোতে উজুটি খোৱা প্ৰতিজন ব্যক্তিয়ে ওপৰলৈ চোৱাৰ চেষ্টা চলায়। প্ৰশ্ন হয়- মহাকাশত মহাশক্তি হোৱা দেশত দৰিদ্ৰক ন্যূনতম আয় আঁচনিৰ প্ৰয়োজন আছে জানো? যদি দৰিদ্ৰ আছেই, এটকীয়া চাউল লাগেই, তেন্তে মহাকাশলৈ যোৱাৰ প্ৰয়োজন আছে জানো? এনে শক্তিৰ প্ৰয়োজন ক'ত?

লাজ 

উলংগ দেশত কি কাম ধোবাৰ? সাতটা দশক অতিক্ৰম কৰি অহা ভাৰতীয় গণতন্ত্ৰ, নব্বৈ কোটি ভোটাৰেৰে সমুজ্জ্বল দেশখনতো যেতিয়া কিছুমান কুৰুচিপূৰ্ণ ঘটনা ঘটি থাকে, তেতিয়া তেনে এজন ধোবাৰ কথালৈকে মনত পৰে। পৰিপক্ক গণতন্ত্ৰ, অথচ অবৈণত ভাৰতীয় গণতন্ত্ৰৰ ধ্বজাবাহী সকল। সপ্তদশ লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰপিচতে বি এছ পিৰ মুৰব্বী মায়াৱতীৰ প্ৰসাধন আৰু ব্যক্তিগত জীৱন যাত্ৰাক লৈ অশালীন মন্তব্য কৰিছে উত্তৰপ্ৰদেসৰ ৰোহানিয়াৰ বিধায়ক সুৰেন্দ্ৰনাৰায়ণ সিঙে।

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক 'পাপ্পু' নামেৰে সম্বোধন কৰাটো বিজেপি কৰ্মীসকলে অভ্যাসৰ দৰে কৰি লৈছে। তাৰ মাজতে কোনোৱে প্ৰিয়ংকা গান্ধীক শূৰ্পনশা বুলিও অভিহিত কৰিছে। একালয় জনপ্ৰিয় অভিনেত্ৰী দয়া প্ৰদাক লৈ এজন নেতাই অশ্লীলতম মন্তব্য কৰিছে। সুস্থ গণতন্ত্ৰৰ এয়া পৈণত নে অপৈণত ক্ষণ? সাতটা দশকে যি গণতন্ত্ৰক লৈ বিশ্বত বন্দিত, সেইখন দেশত গণতন্ত্ৰৰ বৃহৎ পূজাত ন্যূনতম ৰুচিশীলতাৰ অতিকে প্ৰয়োজন নহয় জানো? শালীনতাৰ সীমা পাৰ নোহোৱাকৈ অথবা কুৰুচিৰ পৰিচয় নিদিয়াকৈও কাৰোবাক আক্ৰমণ কৰিব পৰা যায়। এয়া গণতান্ত্ৰিক শিক্ষাৰ এটা স্তৰ।

সত্তৰ বছৰীয়া লোক এজনৰ কথা-বাৰ্তাৰ গাম্ভীৰ্য আৰু এজন তৰুণৰ কথাৰ মাজত পাৰ্থক্য থাকে। তেনে পাৰ্থক্য ভাৰতীয় গণতন্ত্ৰতো থকা উচিত। সংসদৰ মজিয়াত কংগ্ৰেছৰ সভাপতিয়ে চকু টিপিয়াই প্ৰধানমন্ত্ৰীক সাবটি ধৰা অথবা স্বয়ং প্ৰধানমন্ত্ৰীয়ে প্ৰধান বিৰোধী দলক চোৰ বুলি কোৱাৰ মাজতো থাকে সেই পাৰ্থক্য। গণতন্ত্ৰৰ সুবৃহৎ ব্যাপ্তি অৰ্জন কৰা ভাৰতত ৰাজনৈতিক শিক্ষা-দীক্ষা এতিয়াও যে তুৰীয়া পৰ্যায়ত আছে, সেয়া নিৰ্বাচনবোৰ  আহিলেই প্ৰমাণ হয়।

সংসদৰ মজিয়াত অধিবেশনবোৰ অনুষ্ঠিত হ'লেই সেই শিক্ষা-দীক্ষাৰ অভাৱ অনুভৱ হয়। সৰ্বসাধাৰণক নীতিপাঠ শিকোৱাত অভ্যস্ত নেতাসকলে নিজেই যে একোটা নীতিহীন চৰিত্ৰ বহন কৰা লোক, সেয়া বুজিব নোখোজে। দ্বিতীয় বিশ্বযুদ্ধৰ পিচত অনুশোচনাত দগ্ধ হৈছিল জাপান। সেনা হ্ৰাস কৰি দেশখনে সংবিধানত নতুনকৈ সংযোজিত কৰিলে এটা বাক্য- এইবাৰ শান্তিৰ যুদ্ধত চামিল হ'ব জাপান। জাপানৰ পাঠ্যক্ৰমতো সালসলনি ঘটোৱা হ'ল। যেনে- ১৯১০চনত জাপানে কোৰিয়া দখল কৰিছিল। সেয়া নতুনকৈ লিখা হ'ল '১৯১০চনত জাপানী সৈন্য কোৰিয়ালৈ গৈছিল।' কিয় গৈছিল সেয়া কিন্তু উল্লেখ নহ'ল।

সেইবোৰ কথাকে সলাবলৈ জাপানৰ দৰে চীনতো প্ৰচেষ্টা চলিল। ২০০৫চনত দুয়োখন দেশৰ ৪২জন ইতিহাসবিদে এনে পাঠ্যক্ৰম যুগুত কৰিলে, যিবোৰ পঢ়িলেই জাপানৰ ইতিহাস সহজতে চকুৰ আগত ধৰা পৰে। এতিয়াৰ জাপানৰ ইতিহাস কি, সেয়া সকলোৱে জানে। ভাৰতৰ ইতিহাসক লৈ আমি অত্যন্ত অহংকাৰী আৰু গৌৰৱী। কিন্তু এদিন যদি গণতন্ত্ৰৰ কুৰুচিপূৰ্ণ এইবোৰ ইতিহাস কোনোবাই পঢ়ে- তেন্তে দেশৰ গণতন্ত্ৰৰ লাজ ঢাকিবলৈও 'লাজ' লগা হ'ব। তেতিয়ালৈ ধোবাৰ কথা নোলাব, ওলাব লাজৰ কথাবোৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in