ই ডিৰ সাফল্যঃ নীৰৱ মোডী, মেহুল চৌকোছীৰ ১৩৫০কোটিৰ টকাৰ গহণা ভাৰতলৈ আনিলে ঘূৰাই…

ই ডিৰ সাফল্যঃ  নীৰৱ মোডী, মেহুল চৌকোছীৰ ১৩৫০কোটিৰ টকাৰ গহণা ভাৰতলৈ আনিলে ঘূৰাই…

ডিজিটেল ডেস্কঃ কোটি কোটি টকাৰ ঋণ লৈ দেশৰ পৰা পলায়ন নীৰৱ মোডী আৰু মেহুল চৌকোছীক লৈ এক এক বৃহৎ সফলতা লাভ কৰিছে ই ডিয়ে। শেহতীয়াকৈ ই ডিয়ে দুয়োগৰাকী প্ৰৱঞ্চকৰ প্ৰায় ১৩৫০ কোটি টকাৰ মূল্যৰ হীৰা-সোণৰ গহণা ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত লাভ কৰিছে সফলতা।

দুয়োগৰাকী প্ৰৱঞ্চৱকৰ এই বৃহৎ মূল্যৰ গহণাখিনি প্ৰথম পৰ্যায়ত ৰখা হৈছিল ডুবাইত। কিন্তুু পঞ্জাৱ নেচনেল বেংকৰ ঋণক লৈ যেতিয়া তদন্ত আৰম্ভ হৈছিল এই গহণাখিনি প্ৰেৰণ কৰা হৈছিল হংকঙলৈ। এইসকলোবোৰৰ খবৰ ২০১৮চনতে লাভ কৰিছিল ইডিয়ে। তেতিয়াৰে পৰা বিভিন্ন পৰ্যায়ৰ মাজেৰে এই গহণাখিনি ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টাত আছিল ই ডি।

প্ৰায় ১০৮ টা কনচাইনমেন্টৰ ভিতৰত ৩২টা নীৰৱ মোডীৰ আৰু ৭৬টা কনচাউনমেন্ট মেহুল চৌকোছীৰ। উল্লেখ্য কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও ই ডিয়ে দুয়োগৰাকীৰে ৩৩টা কনচাইনমেন্ট হংকঙৰ পৰা ভাৰতলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। এই ৩৩টা কনচাইনমেন্টৰো মূল্য আছিল প্ৰায় ১৩৭কোটি।

ইফালে এই বৃহৎ পৰিমাণৰ গহনা জব্দ কৰিলেও বৰ্তমান সময়ত নীৰৱ মোডী লণ্ডনৰ জেলত আৰু মোহুল চৌকোছী এন্টিগাৰ নাগৰিকত্ব লৈ তাতে আত্মগোপন কৰি আছে। বিগত প্ৰায় দুটা দিনৰ আগত মুম্বাইৰ বিশেষ আদালতে নীৰৱ মোডীৰ ১৪০০টকাৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in