নিৰ্বাচনৰ ফলাফলঃ কিমান সমষ্টিত কোন জয়ী…

নিৰ্বাচনৰ ফলাফলঃ কিমান সমষ্টিত কোন জয়ী…

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে নিশা ১২.১০ বজালৈকে ১২৬টা সমষ্টিৰ ১০৪টা সমষ্টিৰ ফলাফল ঘোষণা কৰিছে। বৰ্তমানলৈ সৰ্বাধিক ৫০টা সমষ্টিত জয়ী হৈছে ভাৰতীয় জনতা পাৰ্টী। ইফালে, কংগ্ৰেছে জয়ী কৰিছে ২২টা সমষ্টি।

আনহাতে, এআইইউডিএফে ১১টা সমষ্টিত, অগপই ৯টা সমষ্টিত, বিপিএফে ৪টা সমষ্টিত, চিপিআই (এম)য়ে এটা সমষ্টিত, নিৰ্দলীয়ই এটা সমষ্টিত, ইউপিপিএলে ৬টা সমষ্টিত জয়ী হৈছে। লক্ষণীয় যে, এআইইউডিএফ ৫টা সমষ্টিত আগবাঢ়ি আছে।

ইফালে, ভাৰতীয় জনতা পাৰ্টীয়ে ৯টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে। আনহাতে, কংগ্ৰেছ আগবাঢ়ি আছে ৮টা সমষ্টিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in