শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

ভূমিকম্পঃ ২৮ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জাপানৰ ৰাজধানী টকিঅ’ত ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়। ফলস্বৰূপে ৰাজধানী চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলৰ বিস্তৰ ক্ষতি সাধন হয়। আনহাতে এই ভূমিকম্পৰ ফলত বৰ্তমানলৈকে ২৮ জন ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে।

বৃহস্পতিবাৰে নিশা ১০-৪১ বজাত অহা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.১। এই ভূমিকম্পৰ ফলত জাপানত চুনামি অহাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰ। এই ভূমিকম্পৰ কেন্দ্ৰস্থল অআছিল টকিঅ’ৰ পূবৰ চিবা প্ৰদেশত ভূ-গৰ্ভৰ ৮০ কিলোমিটাৰ তলত বুলি জানিব পৰা গৈছে।

একেদৰে বৃহস্পতিবাৰে নিশা ম্যানমাৰতো ৫.৫ প্ৰাবল্যৰ এক ভূমিকম্প আহে। ভাৰতত দিনৰ ভাগত ১২-৩০ বজাত লাডাখৰ লেহত ৩.৮ প্ৰাবল্যৰ ভূমিকম্প অহাৰ পিছত নিশা ১২ বজাত অসমতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি