শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

ভূমিকম্পই জোকাৰিলে পাকিস্তানে, ২০জনে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ ভূমিকম্পই জোকাৰি গ’ল পাকিস্তানত। এই ভূমিকম্পৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰায় ২০জনকৈ লোকৰ মৃত্যু হৈছে। পাকিস্তানৰ চৰকাৰী বিষয়াই সদৰি কৰা অনুসৰি, দক্ষিণ পাকিস্তানত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পন অনুভূত হয়। এই ভূমিকম্পৰ ফলত ঘৰসমূহৰ ভাঙি যায়, দেৱালসমূহ খহি পৰে যাৰ ফলত এই লোকসকলে প্ৰাণ হেৰুৱায়।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, মৃত্যু হোৱা লোকৰ ভিতৰত আছে ৬টা শিশুও। বৰ্তমান বলুচিস্তান কঁপোৱা এই ভূমিকম্পৰ পাছত উদ্ধাৰকাৰী দল উপস্থিত হয় উক্ত স্থানত। মাজনিশা প্ৰায় ৩ বজাত ভূমিকম্পৰ অভিকেন্দ্ৰৰ পৰা ২০ কিলোমিটাৰ দূৰলৈকে এই কম্পন অনুভূত হয়।