দোকান খুলিবলৈ দোকানীৰ হাতত ‘কোৰোনা নিগেটিভ’ ৰিজাল্টৰ প্ৰমাণপত্ৰ প্ৰয়োজন নাই, কিন্তু…

দোকান খুলিবলৈ দোকানীৰ হাতত ‘কোৰোনা নিগেটিভ’ ৰিজাল্টৰ প্ৰমাণপত্ৰ প্ৰয়োজন নাই, কিন্তু…

ডিজিটেল ডেস্কঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ আনলক। কিছু নীতি-নিয়মৰ মাজেৰে বহুকেইটা দিশত শিথিলতা প্ৰদান কৰা হৈছে এই আনলকত। দুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্য সচিবে আনলকৰ নীতি-নিয়ম ঘোষণা কৰাৰ পাছতে এটা কথা নিমিষতে বিয়পি পৰিছিল যে, গুৱাহাটীত সেইসকল ব্যৱসায়ীয়েহে দোকান খুলিব পাৰিব যিসকলৰ হাতত কোৰোনাৰ নিগেটিভ ৰিজাল্টৰ কাগজ থাকিব।

সামাজিক মাধ্যমত অতিকৈ চৰ্চা লাভ কৰা এই বিষয়টোৰ ওপৰত শেহতীয়াকৈ Kamrup Chamber Of Commerceৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয় যে, কোনো ব্যৱসায়ীকে তেনে কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। তেওঁলোকৰ এখন প্ৰেছ বিবৃতি উল্লেখ কৰা হৈছে যে, এই ক্ষেত্ৰত চৰকাৰে অচিৰেই অধিসূচনা জাৰি কৰিব।

ইফালে Kamrup Chamber Of Commerceৰ ফালৰ সকলো ব্যৱসায়ীক আহ্বান জনোৱা হয় যে, চৰকাৰে বান্ধি সকলো নিয়ম যাতে তেওঁলোকে পালন কৰে। জনস্বাস্থ্যৰ ওপৰত ধ্যান ৰাখি স্বাস্থ্য বিভাগে সকলো ব্যৱসায়ীক কোৰোনা টেষ্ট কৰাব বুলিও উল্লেখ কৰে প্ৰেছ বিবৃতিত। এই সকলো কাৰ্যত প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনায় Kamrup Chamber Of Commerceয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in