মাচুল নে উৎকোচ? আমাজনৰ ভাৰতীয় আইনী মাচুলৰ পৰিমাণে সৃষ্টি কৰিছে বিতৰ্ক, চি বি আইৰ তদন্তৰ সম্ভাৱনা…

মাচুল নে উৎকোচ? আমাজনৰ ভাৰতীয় আইনী মাচুলৰ পৰিমাণে সৃষ্টি কৰিছে বিতৰ্ক, চি বি আইৰ তদন্তৰ সম্ভাৱনা…

ডিজিটেল ডেস্কঃ ই-কমাৰ্চ প্ৰতিষ্ঠান আমাজনে ভাৰতত আইনী মাচুল পৰিশোধৰ নামত কেইবাহাজাৰ কোটি টকা আদায় দিয়া ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে যে, এইয়া প্ৰকৃততে আইনী মাচুল নে উৎকোচ!

বহুজাতিক ই-কমাৰ্চ প্ৰতিষ্ঠানটোৱে ভাৰতত আইনী মাচুল পৰিশোধৰ নামত ৮.৫৪৬ কোটি টকা ব্যয় কৰিছে।ইয়াৰ পিছতে আইন বিশেষজ্ঞসকলে কৈছে যে ভাৰতত ইমান বৃহৎ আইনী মাচুল অসম্ভৱ। এই বৃহৎ পৰিমাণৰ ধন উৎকোচ, ধন ৰপ্তানি বা কৰ ফাঁকিৰ বাবে ব্যৱহাৰ কৰাৰ হে সম্ভাৱনা আছে। ক্ষুদ্ৰ ব্যৱসায়িক সংগঠন চি.এ.টি.-য়েও এই বিষয়ত কৈছে যে আমাজনে ই-কমাৰ্চৰ নিয়ম সলনি কৰিবলৈ এই বৃহৎ ধন উৎকোচ হিচাপে ব্যৱহাৰ কৰিছে।

চাইবাৰ আইন পৰিক্ৰমা বিশেষজ্ঞ আৰু উচ্চতম ন্যায়ালয়ৰ উপদেষ্টা বিৰাগ গুপ্তাৰ মতে, "দেশৰ আইন মন্ত্ৰালয়ৰ বাজেট হৈছে ২,৬৪৫ কোটি টকা। ইয়াৰ ১১০০ কোটি মূলধন ব্যয় আছে। ১,৫৪৫ কোটি টকা। আনহাতে আমাজনে ইয়াৰ আইনী মাচুলৰ ওপৰত ৮,৫৪৬ কোটি টকা ব্যয় ৰখাৰ প্ৰতিবেদন দিছে। এইটো ডিজিটেল উপনিবেশবাদৰ দৰে।'

আনহাতে, উচ্চতম ন্যায়ালয়ৰ ৰেকৰ্ড অধিবক্তা অশ্বিনী দুবেয়ে কয় যে, আনকি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰো ইমান বৃহৎ আইনী ব্যয় নাই। আন বহু প্ৰতি ষ্ঠানৰ দৰে আমাজনত আইনী গোচৰো কম। এনে এক পৰিস্থিতিত আমাজনে ব্যয় কৰা এই বৃহৎ পৰিমাণৰ ধন সৰল কথাত আন কোনো কামতেই যে খৰচ কৰা হৈছে। উল্লেখ্য যে দুবছৰত আমাজনৰ ৰাজহ আছিল ৪২,০৮৫ কোটি টকা।

এক ক্ষুদ্ৰ ব্যৱসায়িক সংগঠন কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএটি)ৰ ৰাষ্ট্ৰীয় সভাপতি বি.চি ভৰতীয়াই কয় যে, এই বৃহৎ পৰিমাণৰ ধনে দেখুৱায় যে কেনেদৰে আমাজন আৰু ইয়াৰ সহায়ক কোম্পানীবোৰে ভাৰত চৰকাৰৰ বিষয়াসকলক উৎকোচ দিবলৈ আৰু নিয়মবোৰ সলনি কৰিবলৈ বিত্তীয় শক্তিৰ অপব্যৱহাৰ কৰি আছে। সংস্থাটোৱে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেললৈ লিখিছে, আনাজনৰ এই উৎকোচৰ গোচৰটো অতি গুৰুতৰ। চৰকাৰী বিষয়াসকলো আমাজনৰ সৈতে জড়িত। এনে পৰিস্থিতিত, চাঞ্চল্যকৰ কেলেংকাৰীটোৰ তাৎক্ষণিক চিবিআই তদন্তৰ প্ৰয়োজন।

জানিব পৰা মতে কেন্দ্ৰীয় বাণিজ্যিক মন্ত্ৰালয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব। আমাজনে এই বৃহৎ পৰিমাণৰ ধন যি সমূহ ল ফাৰ্মত ব্যৱহাৰ কৰিছে সেই সমূহ ভাৰতৰ নে বিদেশৰ ল ফাৰ্মৰ ওপৰত খৰচ কৰিছে সেই বিষয়ে তদন্ত হ'ব। ভাৰতত এতিয়াও বিদেশী ল ফাৰ্মে আইনী প্ৰণালীত অংশগ্ৰহণ কৰাৰ অনুমতি নাই।

ইয়াৰোপৰি বিগত দুটা বছৰত কাৰ সৈতে কিমান টকাৰ লেনদেন কৰিলে সেই সমগ্ৰ হিচাপ-নিকাচ নিৰ্দিষ্ট আয়োগৰ ধাৰা তদন্ত কৰা হ'ব পাৰে বুলিও চৰ্চা চলিছে। আনহাতে আমাজনে এই বৃহৎ পৰিমাণৰ ধন উৎকোচ দিয়াৰ লগতে সেই উৎকোচৰ জৰিয়তে ই-কমাৰ্চৰ নীতি নিয়ম সলনি কৰিবলৈ চেষ্টা কৰিছে নেকি সেই বিষয়েও চি বি আইয়ে তদন্ত কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in