দ্বাৰকুছিত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক

দ্বাৰকুছিত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ভাৰত-ভূটান সীমান্তৰ আন্ত:ৰাষ্ট্ৰীয় পথত তীব্ৰবেগী ডাম্পাৰ চালকৰ অতপালিত প্ৰাণলৈ সংকট নামি আহিছে নিৰীহ পথাচাৰীৰ। বৃহস্পতিবাৰে নিশা এনে এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দ্বাৰকুছিত কথমপি প্ৰাণ ৰক্ষা পৰে এজন বাইক আৰোহীৰ।

স্থানীয় লোকসকলে সংকটজনক অৱস্থাত আৰোহীজনক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। গুৰুতৰভাবে আহত যুবকজনক গুৱাহাটীৰ লখৰা নিবাসী ৰাজীব তেৰাং বুলি জানিব পৰা গৈছে।

যুৱকজনে তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে পালছাৰ বাইকেৰে আহি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত কৰি তীব্ৰ বেগেৰে ডাম্পাৰসহ চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছত দীৰ্ঘদিন ধৰি চলি অহা ডাম্পাৰ চালকৰ অতপালি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in