যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য…

যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য…

ডিজিটেল ডেস্কঃ সদ্যঘোষিত EET CRSৰ ৭তম FACULTY BRANDING AWARDS-২০১৯ত ডিব্ৰুগড়ৰ নান্দালাল বৰগোঁহাই চিটি মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা শ্ৰী দুৰ্লভ বৰাই 'যুৱ বিজ্ঞানী' শিতানত "Official Spotlight Certificate" পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁ বিভিন্ন কৰ্মশালা, ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱা, বিভিন্ন আলোচনীত প্ৰকাশিত লেখা, বিভিন্ন গ্ৰন্থ সম্পাদনা, গ্রন্থ প্ৰকাশ কৰা আদিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে শিক্ষাবিদ ড° দি. চি. সিঙৰ নেতৃত্বত গঠিত এক নিৰীক্ষক দ'লে তেখেতক এই পুৰস্কাৰটিৰ বাবে মনোনীত কৰিছে।

তেখেতে এই পুৰস্কাৰটি অহা ২১ জুলাই ২০১৯ তাৰিখে কলিকতা হ'ব লগীয়া এক অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্র তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন বিষয়ববীয়া দুৰ্লভ বৰাৰ সাফল্যত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দীপজ্যোতি গগৈ ৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটে অভিনন্দন জ্ঞাপন কৰিছে। যোৰহাট টীয়ক ৰ সু-সন্তান দুৰ্লভ বৰাৰ এই সফলতাত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰণ্টু ভূঞাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in