দূৰ্গোৎসৱৰ আয়োজন বন্ধ কৰাৰ আহ্বান আলফা স্বাধীনৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ কোৰোনাতংকৰ মাজতে চৰকাৰে শাৰদীয় দূৰ্গোৎসৱ আয়োজনৰ আঁচনি গ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে৷ এক প্ৰেছ বিবৃত্তি যোগে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে৷

সংগঠনটোৱে কয় যে- কোৰোনাতংকৰ বাবে চৰকাৰে অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক বৰ্জন কৰিবলৈ আহ্বান জনাইছিল৷ কিন্ত এতিয়া চৰকাৰে কি যুক্তিত দূৰ্গোৎসৱৰ আয়োজনৰ অনুমতি দিছে বুলিও প্ৰশ্ন কৰে৷ চৰকাৰক সংগঠনটোৱে দূৰ্গোৎসৱৰ আয়োজন বন্ধ কৰিবলৈ আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in