কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO

কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ বিশেষ বিশেষ স্থানত সাৰ্বজনীন ভোগ বিতৰণৰ আছে এক বিশেষ স্থান। ভোগগ্ৰহণৰ প্ৰতি সকলো লোকৰে আছে সুকীয়া সুকীয়া আকর্ষণ। কামাখ্যা মন্দিৰটো দৈনিক পূজাৰ লগতে ভোগ প্ৰদানৰ ব্যৱস্থা আছে। অম্বুবাচী মেলা আৰু দুৰ্গাপূজাটো বৃহৎ আয়োজনেৰে চলে এই পৰ্ব।

মহানগৰীত এনে কিছু ঠাই আছে য'ত বিশেষভাৱে হোম পুষ্পাঞ্জলিৰ সমান্তৰালকৈ সমূহীয়া ভোগ বিতৰণ কৰা হয়। এইসমূহ কেৱল পূজাৰ আয়োজকসকলৰ মাজতে সীমাবদ্ধ নহয়। অষ্টমী আৰু নৱমীৰ দিনা খিছিৰি তৰকাৰীৰ সৈতে পায়সৰ আছে এক সুকীয়া আকৰ্ষণ।

নিউ গুৱাহাটী সাৰ্বজনীন পূজা মণ্ডপত পূৰ্বৰ দৰে এইবৰ্ষত ভোগগ্ৰহণৰ বাবে সমাৱেশ হয় বহুলোকৰ। এইবৰ্ষত ভোগগ্ৰহণৰ এই পৰম্পৰা অন্যান্য বহুস্থানলৈ সম্প্ৰসাৰণ হোৱাও দেখিবলৈ পোৱা যায়। নিউ গুৱাহাটী দুৰ্গাপূজাৰ সাৰ্বজনীন ভোগগ্ৰহণৰ বৈশিষ্ট্য হল যে এই দুৰ্গাপূজাত সকলোলোকে শৃংখলাবদ্ধভাৱে নিজে নিজে শাৰী পাতি ভোগগ্ৰহণ কৰে।

মহানগৰীৰ অন্যান্য বহু স্থানত এই ব্যৱস্থা আছে যদিও এইয়া শৃংখলাবদ্ধ নহয়। বুধবাৰে নিউ গুৱাহাটী আঞ্চলিক দুৰ্গাপূজাৰ সাৰ্বজনীন ভোগগ্ৰহণত ভক্তৰ সংখ্যা প্ৰায় ২৫০০ জন হোৱাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে এই সংখ্যা প্ৰায় ৪ সহস্ৰাধিকলৈ বৃদ্ধি পায়।

ভক্তসকলক ভোগ প্ৰদানৰ ক্ষেত্ৰত বিভিন্নজন লোকে আগবঢ়াই ভোগৰ সামগ্ৰী। বুধবাৰে ১৫০ জন লোকে ভোগৰ সামগ্ৰী আগবঢ়োৱাৰ লগতে আজি ভোগৰ সামগ্ৰী আগবঢ়াই প্ৰায় ১২৫ জন লোকে। দুপৰীয়া হোম শেষ হোৱাৰ পাছতে বৃহৎ সংখ্যক দৰ্শনাৰ্থীৰ সমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি পুষ্পাঞ্জলিৰ সমান্তৰালকৈ ভোগ বিতৰণ কাৰ্যসূচী আৰম্ভ হয়।

নিজে নিজে শাৰী পাতি প্ৰায় সন্ধিয়া ৫ বজাৰলৈকে দৰ্শনাৰ্থীসকলে এই ভোগগ্ৰহণত ভাগ লয়। ভোগগ্ৰহণৰ এই দৃশ্যই সকলোকে আপ্লুত কৰে। এনেদৰে সাৰ্বজনীন ভোগগ্ৰহণ পৰ্বই পূজাৰ আকৰ্ষণ বৃদ্ধি কৰে। নিউ গুৱাহাটী সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপৰ ওচৰ চুবুৰীয়া লোকসকলৰ সমান্তৰালকৈ অন্যান্য চুবুৰীয়া ঠাইসমূহৰ বহু লোকে ভাগ লয় এই ভোগগ্ৰহণত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in