শেহতীয়া খবৰ
জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

আগন্তুক দুৰ্গাপূজাক লৈ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

175

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ আৱৰ্ত ভৱনত সোমবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। আগন্তুক দুৰ্গাপূজা শৃংখলাবদ্ধ আৰু সুচাৰুৰূপে উদযাপন কৰাৰ অৰ্থে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত মহানগৰ জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ বহু কেইজন বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

দুৰ্গাপূজাৰ সময়ত যাতে সকলো বিভাগে নিজৰ কাম নিয়াৰিকৈ কৰিবৰ বাবে সভাখনৰ জৰিয়তে নিৰ্দেশ দিয়ে উপায়ুক্তজনে। সভাখনত পূজাৰ পূৰ্বে সকলো পথ মেৰামতি কৰা, চিকিৎসালয়ত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ উপস্থিতি নিশ্চিত কৰা, পৰিবহণ নিগমৰ বাছ চলাচল নিশ্চিত কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে পূজাৰ প্ৰতিমা বিসৰ্জনৰ ঘাটত সকলো সুবিধা উপলব্ধিৰো নিৰ্দেশ দিয়ে উপায়ুক্তজনে।

আনহাতে, দুৰ্গাপূজাৰ সময়ত নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে নৱনিযুক্ত আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে। ইফালে  কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টলে পূজা মণ্ডপ সমূহত প্লাষ্টিক ব্যৱহাৰ বৰ্জনৰ বাবেও ইতিমধ্যে আহ্বান জনোৱা হয় বুলিও সদৰি কৰে সভাখনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি