শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

২৯৯ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনাৰ শ্ৰী শ্ৰী হাৰ্হি ঈশ্বৰী দেৱালয়ত মহাষ্টমী পালন..

ডিজিটেল সংবাদ ঢকুৱাখনা:  শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ পৰা বিগ্ৰহ আনি ১৭২২ খ্ৰীষ্টাব্দত ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওৰ হাৰ্হি দেৱালয়ত প্ৰাণ প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ জাগ্ৰত পীঠত ২৯৯ বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি বুধবাৰে পালন কৰা হৈছে মহাষ্টমীৰ পূজা।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা শ্ৰী শ্ৰী হাৰ্হি ঈশ্বৰী দেৱালয়লৈ দেৱীৰ শ্ৰী চৰণত এভাগী শৰাই আগবঢ়াবলৈ পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ অভূতপূৰ্ব আগমনে ঐতিহাসিক শক্তিপীঠখন মহিমামণ্ডিত কৰি তোলা পৰিলক্ষিত হৈছে।

বুধবাৰৰ পুৱাই দুৰ্গতিনাশিনী,মহিষামৰ্দিনীৰ পবিত্ৰ  পীঠ ভাগিত  চাকি বন্তি জ্বলাই পুৰোহিতৰ মহাষ্টমীৰ মন্ত্ৰপাঠেৰে আই গোসাঁনীৰ পূজা অৰ্চনা কৰাৰ পৰৱৰ্তী সময়ত অগণন ভক্তৰ দ্বাৰা দেৱীলৈ উৎসৰ্গিত শ শ হাঁহ , ছাগলী বলি দি আই গোসাঁনীক সন্তুষ্টিৰ বাবে ওৰে দিনটো অব্যাহত ৰখা  শতিকা জোৰা পৰম্পৰাৰ ফলশ্ৰুতিত ঐতিহাসিক গোসাঁনী থানৰ মজিয়া ৰক্তেৰে ৰঞ্জিত হৈ পৰে।

ইতিহাস প্ৰসিদ্ধ থানখনত পুৱাৰ পৰাই নিৰবিছিন্ন ভাবে ঢোল ,খোল ,তাল , ঘণ্টা , শংখ আদি বাদ্যৰ  লোমহৰ্ষক চেওত  মুঠ ৪ গৰাকী  দেওলম্ভা মুনিহ ,তিৰোতাই  অবিৰাম দেউলগা নৃত্যৰে  দেৱীলৈ উৎসৰ্গিত  হাঁহ, ছাগলী  বলি দি ৰক্তপান কৰা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ শাক্তধৰ্মী ভক্তগনৰ  সমাগম ঘটে।

বিয়লি দেৱীলৈ বুলি থান পৰিচালনা সমিতিৰ পৰা সমজুৱা ভাবে উৎসৰ্গা কৰা এটা গুণা মহ বলি দি আই গোসাঁনীলৈ মহাষ্টমীৰ অন্তিম ৰক্ত প্ৰসাদ সভক্তিৰে আগবঢ়োৱা হয়। 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি