দুৰ্গা পূজালৈ মাজত দুদিনঃ তাৰ পূৰ্বে মুখ্যমন্ত্ৰীলৈ পূজা কমিটীৰ স্মাৰক পত্ৰ…

দুৰ্গা পূজালৈ মাজত দুদিনঃ তাৰ পূৰ্বে মুখ্যমন্ত্ৰীলৈ পূজা কমিটীৰ স্মাৰক পত্ৰ…

ডিজিটেল ডেস্কঃ সন্মুখত দুৰ্গাপূজা। কোৰোনা ভাইৰাছৰ বাবে পূজা অনুষ্ঠিত কৰাত ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কিছু নীতি নিৰ্দেশনা। এনে নীতি নিৰ্দেশনা জাৰি কৰাত আপত্তি নাছিল পূজা কমিটীৰো। কিন্তু কেইটামান নীতি নিৰ্দেশনাক লৈ আপত্তি আছে পূজা কমিটীসমূহৰ।

গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা কমিটীয়ে সেয়েহে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছে। ঐতিহাসিক কালৰে পৰা দুৰ্গা পূজা অনুষ্ঠিত কৰি থকা কেইবাখনো দেৱালয়ৰ পৰিচালনা কমিটীয়ে স্বাস্থ্য বিভাগে জাৰি কৰা অদ্ভূত নিৰ্দেশনাৰ বিৰুদ্ধে গৰজি উঠিছে।

পূজাৰ আয়োজকসকলৰ মতে, চৰকাৰে যদি এই নিয়ম সলনি নকৰে তেনেহ'লে বন্ধ কৰিব লাগিবলৈ বাধ্য হ'ব দুৰ্গাপূজা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্গপূজা অনুষ্ঠিত কৰাৰ বাবে পূজা উদযাপন কমিটীসমূহৰ বিষয়ববীয়া আৰু পূজা মণ্ডপৰ মুল পুৰুহীতসকলৰ কোৰোনা ভাইৰাছৰ পৰীক্ষা কৰাতো বাধ্যতামূলক কৰিছে।

কমিটীসমূহৰ যুক্তি – পঞ্চমীৰ দিনা কোভিড পৰীক্ষা কৰিলে সেইদিনা কোভিড পজিটিভ হ'লে ক'ত পাব তেওঁলোকে পূজাৰ বাবে অন্য পূজাৰী? লগতে তেওঁলোকে পূজাৰ বিষয়ববীয়াসকলৰ কোভিড পৰীক্ষাও আগতীয়াকৈ অনুষ্ঠিত কৰাৰ যুক্তি প্ৰদৰ্শন কৰিছে। ইফালে, এনে অযুক্তিগত সিদ্ধান্তৰ পাছত কেইবাখনো পূজা কমিটীয়ে পূজা অনুষ্ঠিতন কৰাৰ ভাবুকি প্ৰদান কৰিছে।

কমিটীসমূহৰ মতে, দুৰ্গা পূজা অনুষ্টিত কৰিবলৈ কোভিড পৰীক্ষা কৰাত তেওঁলোকৰ আপত্তি নাই। চৰকাৰে বান্ধি দিয়া এই নীতি নিয়ম তেওঁলোকে মানি চলিব। কিন্তু পঞ্চমীৰ দিনা কোভিড পৰীক্ষা কৰিলে একেদিনাই ইয়াৰ ফলাফল লাভ কৰিবলৈ কমিটীসকলে ভৰিব লাগিব জেপৰ ধন। সেয়েহে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি এক যুক্তিসংগত ব্যৱস্থাৰ দাবী জনাইছে কমিটীসমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in