অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায়…

অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায়…

ডিজিটেল ডেস্কঃ ম্লান পৰিল দুৰ্গা পূজাৰ মণ্ডপ। অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক উটুৱাই দিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। মহানগৰীতো দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

সন্ধিয়া ভাগলৈকে দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানলৈ লৈ যোৱা হৈছিল প্ৰতিমাসমূহ। পাণ্ডু ঘাটত মূৰ্তি বিসৰ্জনৰ সময়ত যথেষ্ট ভিৰ পৰিলক্ষিত হয়। লখিমপুৰৰো দিক্ৰং ঘাটত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।

গহপুৰত দুৰ্গাৰ প্ৰতিমা বিসৰ্জনক লৈ কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মেইল বজাৰৰ ঘাটত এইবাৰ কোনো জাননী নিদিয়াকৈ প্ৰশাসনে বিসৰ্জন দিয়াত বাধা দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে। ৰাইজে আৰক্ষীক ঘেৰাও কৰাৰ লগতে পথৰ মাজত শুই পৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মহানগৰীৰ ৰাজপথত দেৱী বিসৰ্জন দিবলৈ অনা দৃশ্য চাবলৈ চানমাৰি অঞ্চলত ব্যাপক ভিৰ হৈছে। পথৰ দুয়োকাষে অজস্ৰ লোকে দেৱী দুৰ্গা প্ৰতিমা বিসৰ্জন দিবলৈ লৈ যোৱা দৃশ্য প্ৰত্যক্ষ কৰে। মহানগৰীৰ কাচমাৰি ঘাটতো উলহ-মালহে দেৱী দুৰ্গাক বিসৰ্জন দিয়া হয়।

শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাহৰ মাজতে হঠাৎ বিজয়াদশমীৰ দিনা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পাছত এতিয়া ম্লান পৰিছে দুৰ্গা পূজাৰ উৎসৱমুখৰ পৰিৱেশ। নিশা ভাগলৈকে মহানগৰীত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া চলি থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in