শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

নিৰ্বাচনত জয়ী হৈয়ে বালিপোতাত নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস বড়ো…

765

ডিজিটেল সংবাদ, মঙলদৈঃ ৩৫ বছৰ পিছত বিধান সভা নিৰ্বাচনত জয়ী হৈ সমষ্টিৰ ৰাইজৰ মাজত মঙ্গলবাৰে উপস্থিত হ’ল প্ৰাক্তন মন্ত্ৰী তথা ৬৫ নং কলাইগাও বিধান সভা সমষ্টিৰ বিপিএফ দলৰ নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস বড়ো৷ ১৯৮৫ চনতে অসম বিধান সভালৈ পানেৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰীত্ব লাভ কৰি সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত আগভাগ লৈছিল৷

অৱশ্যে পিছলৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰি দলটোৰ কাম কাজ নিয়াৰিকৈ পালন কৰি গৈছিল৷ অৱশ্যে ২০২১ চনৰ বিধান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দূৰ্গাদাস বড়োই বিপিএফ দলত যোগদান কৰি মহাজোটৰ প্ৰাৰ্থী হিচাপে কলাইগাও সমষ্টিত বিপিএফ দলৰ পৰা টিকট লাভ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷

বিজেপি দলে আমদানি কৰি অনা প্ৰাৰ্থী গৰাকীক প্ৰায় ৭ হাজাৰ ভোটত পৰাস্ত কৰি বিপিএফৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে ৬০৬০৪ টা ভোট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হবলৈ সক্ষম হয়৷ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে দূৰ্গাদাস বড়োই মঙলবাৰে সমষ্টিটোৰ কলাইগাও ,কাৱাদঙা,বৰবাগান টেঙাবাৰী,ৰাজাপুখুৰী খৈৰাবাৰীৰ লগতে বালিপোতাটো উপস্থিত হৈ সমষ্টিৰ ৰাইজৰ লগত মতবিনিময় কৰি নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ চেষ্টা কৰিব বুলি ব্যক্ত কৰাৰ লগতে মোক ভোট দিয়া নেদিয়া সকলোৰে মই এতিয়া বিধায়ক বুলি বক্তব্য প্ৰদান কৰে৷

বিধায়ক দূৰ্গাদাস বড়োক সংগ দিয়ে প্ৰাক্তন ই এম জগদীশ সৰকাৰ, জিলা কংগ্ৰেছৰ সভাপতি কামেনী ডেকা, সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, জিলা বিপিএফৰ সভাপতি আনচাৰ হুছেইন, ব্লক বিপিএফৰ সভাপতি তাৰেনী ডেকা, যুৱ ব্লক বিপিএফৰ সম্পাদক ৰমেশ ডেকা, যুৱ কংগ্ৰেছৰ নেতা ধনমনি শইকীয়াৰ দুয়োটা দলৰ নেতা কৰ্মী সকল৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি