ডিফেণ্ডিং চেম্পিয়ন গোকুলাম কেৰালা এফ চিৰ হাতত পৰাস্ত হায়দৰাবাদ এফ চি..

ডিফেণ্ডিং চেম্পিয়ন গোকুলাম কেৰালা এফ চিৰ হাতত পৰাস্ত হায়দৰাবাদ এফ চি..

ডিজিটেল ডেস্কঃ ডিফেণ্ডিং চেম্পিয়ন গোকুলাম কেৰালা এফ চিয়ে ১৬ ছেপ্টেম্বৰ বৃহস্পতিবাৰে কল্যাণী ষ্টেডিয়ামত অনুষ্ঠিত ১৩০ সংখ্যক ডুৰাণ্ড কাপৰ গ্ৰুপ ডি ৰ খেলত হায়দৰাবাদ এফ চিক ১-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। গকুলামৰ হৈ ঘানিয়ান ফৰৱাৰ্ড ৰহিম অচুমানুৱে একমাত্ৰ গ'লটো কৰে।

মেচখনত গোকুলাম কেৰালাৰ অধিনায়ক তথা আফগান নাগৰিক শ্বৰীফ এম মহম্মদক মেন অফ দ্য মেচ হিচাপে বিবেচিত কৰা হয়।

প্ৰতিযোগিতাখনৰ ১৭ জুলাই শুক্ৰবাৰৰ মেচখনত জামছেদপুৰ এফ চি আৰু এফ চি গোৱা মুখামুখি হোৱাৰ বিপৰীতে আৰ্মি গ্ৰীণ ফুটবল দলে দিল্লী এফ চিৰ বিৰুদ্ধে খেলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in