দেউদুৱাৰৰ কাটনিপাৰাত উদ্ধাৰ চুৰি কৰি নিয়া টাটা ডি আই সহ যাত্ৰীবাহী টেম্পো…

দেউদুৱাৰৰ কাটনিপাৰাত উদ্ধাৰ চুৰি কৰি নিয়া টাটা ডি আই সহ যাত্ৰীবাহী টেম্পো…

ডিজিটেল সংবাদ, দুমুনিচকী: ড্ৰাগছ ব্যৱসায়ী, চোৰাং গৰু সৰবৰাহকাৰী আদিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে অপৰাধজনিত ঘটনা কমক চাৰি দিনক দিনে যেন বাঢ়িহে আহিবলৈ ধৰিছে। বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিকুচিৰ পৰা শনিবাৰে (কালি) নিশা চুৰি কৰি নিয়া এখন টাটা ডি আই উদ্ধাৰ কৰিবলৈ যোৱা চাংসাৰি থানাৰ আৰক্ষীয়ে টাটা ডি আই খনৰ লগত পূৰ্বে চুৰি কৰা আন এখন যাত্ৰীবাহী টেম্পো উদ্ধাৰ কৰে। চাংসাৰি থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰা টাটা ডি আই খনৰ লগতে টেম্পোখনো কালি দিনৰ ভাগত বাইহাটা চাৰিআলি থানাৰ আৰক্ষীক হস্তান্তৰ কৰে।

পিছত বাইহাটা চাৰিআলি আৰক্ষীয়ে উক্ত কাণ্ডত জড়িত চোৰক বিচাৰি অভিযান আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈ চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত জানিব পৰা মতে বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বালিকুচি নিবাসী আবুল কাচিম নামৰ লোকজনে তেওঁৰ AS 01 HC 8693 নম্বৰৰ সামগ্ৰী কঢ়িওৱা টাটা ডি আই খন ঘৰৰ গেৰেজত ৰখাই থৈ নিশা শুই পৰে। কিন্তু শনিবাৰে ৰাতিপুৱা শুই উঠি গেৰেজত গড়ীখন নেদেখি আবুলৰ লগতে পৰিয়ালৰ লোকে হুৱাদুৱা লাগাই। পিছত গৰাকী আবুলে গাড়ীৰ লগতে গেৰেজৰ লক ভাঙি গাড়ীখন চোৰে চুৰি কৰা বুলি নিশ্চিত হয় আৰু বিচাৰ-খোঁচাৰ কৰিবলৈ আৰম্ভ কৰে।

তেনেতে চাংসাৰি থানাৰ আৰক্ষীয়ে সুত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত শনিবাৰে ৰাতিপুৱাৰ ভাগত অভিযান চলাই চাংসাৰি থানাৰ অন্তৰ্গত দেউদুৱাৰৰ কাটনিপাৰাত পাহাৰৰ নামনিত পৰিত্যক্ত অৱস্থাত উক্ত টাটা ডি আই খনৰ লগতে AS 13 C 2972 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পো উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা ৩০ ডিচেম্বৰ তাৰিখে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত পলহাৰ পৰা এখন যাত্ৰীবাহী টেম্পো চুৰি হয়। উদ্ধাৰ হোৱা টেম্পোখন পলহাৰ পৰা চুৰি কৰি নিয়া উক্ত টেম্পোখন বুলি সন্দেহ প্ৰকাশ কৰিছে বাইহাটা চাৰিআলি আৰক্ষীয়ে। বাইহাটা চাৰিআলি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in