ঈন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ ভূমি অধিগ্ৰহণত ব্যাপক বিসংগতি, জাননী প্ৰেৰণ নকৰা পৰিয়ালৰো ভূমি অধিগ্ৰহণ…

ঈন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ ভূমি অধিগ্ৰহণত ব্যাপক বিসংগতি, জাননী প্ৰেৰণ নকৰা পৰিয়ালৰো ভূমি অধিগ্ৰহণ…

ডিজিটেল সংবাদ, দুমুনিচকী: প্ৰাকৃতিক গেছ পৰিবহন কৰাৰ বাবে ঈন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ হৈ কল্পতৰু পাৱাৰ ট্ৰেঞ্চমিছিয়ন লিমিটেড নামৰ এটা নিৰ্মানকাৰী সংস্থাই বিভিন্ন স্থানৰ লগতে কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালিবাৰী,বৰহাঝাৰা, হিন্দুমৈজালি আদি অঞ্চলতো লো'ৰ বৃহৎ বৃহৎ পাইপবোৰ স্থাপনৰ কাম অব্যাহত ৰাখিছে। কিন্তু ঈন্দ্ৰধনুশ গেছ গ্ৰিড লিমিটেডৰ তৰফৰ পৰা ভুমিৰ মালিক পক্ষলৈ ভুমি অধিগ্ৰহণৰ প্ৰসংগত প্ৰেৰণ কৰা জাননীত ব্যাপক বিসংগতি প্ৰকাশ পাইছে।

চেটেলাইটৰ পৰা সংগ্ৰহ কৰা ফটোৰ সহায়ত মেপ প্ৰস্তুত কৰি উক্ত মেপৰ সহায়ত লো'ৰ পাইপ লাইন স্থাপনৰ বাবে পথ নিৰ্ণয় কৰা ঈন্দ্ৰধনুশ গেছ গ্ৰিড লিমিটেডে জাননী প্ৰেৰণ নকৰাকৈ আন লোকৰ ভুমি অধিগ্ৰহণ কৰাৰ লগতে অধিকৃত ভুমিৰ বাবদ বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষতিপূৰণ প্ৰদান নকৰাৰ দৰে এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মালিবাৰী গাঁৱত সংঘটিত হোৱা উক্ত ঘটনা সম্পৰ্কে জানিব পৰা মতে শালমাৰা আন্ধেৰীঘাট গড়কাপ্তানি পথৰ পশ্চিম দিশৰ কৃষি ভুমিৰে প্ৰায় ৪শ মিটাৰ নিলগৰ পৰা গড়কাপ্তানি পথটোৰ দাঁতিলৈকে যেনে- তেনে লো'ৰ পাইপ স্থাপন কৰে যদিও গড়কাপ্তানি পথটো ফুটা কৰি চিধাকৈ পাইপ স্থাপন কৰিব পৰাকৈ পূবফালে ১২৬ নং পট্টাৰ ২০৩ নং দাগত বাস কৰি থকা পৰিয়ালটোক কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা হোৱা নাই।

ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেড কৰ্ত্তৃপক্ষয় ২০৩ নং দাগৰ পৰিবৰ্তে ২০৪ নম্বৰ দাগত নাতিদূৰত বাস কৰা আন এটা পৰিয়াললৈ ভুমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰে। ফলত বিষয় সন্দৰ্ভত স্পষ্ট হবলৈ ২০৩ নং দাগৰ গৰাকীয়ে বিগত ২৮/২/২০২১ ইং তাৰিখে কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক উক্ত দাগৰ চৌহদ চিনাক্ত কৰাৰ বাবে আবেদন কৰে। ফলত চক্ৰ বিষয়াৰ নিৰ্দেশ অনুসৰি ২০৩ নং দাগৰ ওচৰে পাজৰে থকা ভূমিৰ গৰাকী সকলক নিৰ্ধাৰিত তাৰিখত উপস্থিত থকাৰ বাবে জাননী প্ৰেৰণ কৰে আৰু বিগত ৯/৩/২০২১ ইং তাৰিখে লাট-মণ্ডলৰ উপৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন কৰ্মচাৰীৰ উপস্থিতিত উক্ত দাগত থকা ভুমিৰ জোখ মাপ কৰি সকলো ঠিকঠাকে থকা বুলি জানিবলৈ দিয়ে।

কিন্তু উক্ত ভূমিৰ জোখ মাপৰ প্ৰতিবেদন সংগ্ৰহ কৰিবলৈ যোৱাত জোখ মাপৰ দিনাখন উপস্থিত নথকা কাৰ্যালয়টোৰ কাননগোৱে ৰহস্যজনক ভাৱে জোখ মাপত সন্তুষ্ট হোৱা নাই বুলি আশ্চৰ্যকৰ মন্তব্য কৰাত প্ৰতিবেদন সংগ্ৰহ নকৰাকৈ পৰিয়ালটো উভতি আহে। ইফালে ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেডৰ পৰা ২০৩ নং দাগত বসবাস কৰা পৰিয়ালটোৱে বৰ্তমান সময়তো জাননী লাভ নকৰাৰ বাবে তেওলোকৰ ভুমি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱাত কাননগোৰ লগতে ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেডৰ কৰ্মচাৰীয়ে পৰিয়ালটোক আৰক্ষীৰ ভয় দেখুৱায় সময়ে সময়ে ভীতিগ্ৰস্ত কৰি অহা বুলি জানিবলৈ দিয়ে।

ইফালে, ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেডৰ কাম বন্ধ হৈ থকাত কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জেনিফাৰ ইয়াচমিনৰ সৈতে ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেডৰ বিষয়ববীয়াৰ উপস্থিতিত শনিবাৰে প্ৰায় ১২-৪৫ বজাৰ পৰা সন্ধিয়ালৈ কেইবাবাৰো জোখ মাপ কৰে যদিও পাইপ লাইনৰ বাবে কোনটো দাগৰ ভুমি অধিগ্ৰহণ কৰা হব বুলি ৰাজহ চক্ৰ বিষয়াৰ পৰা জানিব বিচৰাত সেয়া বৰ্তমানলৈকে নিশ্চিত হোৱা নাই বুলি জানিবলৈ দিয়াৰ লগতে তিনি চাৰি দিনৰ ভিতৰত পুনৰ জোখ মাপ কৰিব বুলি বিষয়া গৰাকীয়ে প্ৰকাশ কৰে। স্থানীয় লোকক আভুৱা-ভাঁৰি ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেডৰ সমস্যা পাকে প্ৰকাৰে নিষ্পত্তি কৰাত ব্যস্ত কাননগো গৰাকীৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈ উপস্থিত একাংশ লোকে কাননগো গৰাকীক ঈন্দ্ৰধনুৰ গেছ গ্ৰিডৰ বহতিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰাত উপস্থিত একাংশ লোকৰ সৈতে বাক বিতণ্ডাৰ সৃষ্টি হয়। ফলত বাইহাটা চাৰিআলি আৰক্ষী থানাৰ এটা দল উক্ত স্থানত উপস্থিত হয়।

উল্লেখ্য যে, অধিগ্ৰহণ কৰা ভুমি তথা শষ্য আৰু আন সম্পত্তিৰ ক্ষতিপূৰণ পেত্ৰোলিয়াম আৰু খনিজ সম্পদ সৰবৰাহ আইন ১৯৬২, ধাৰা ১০ আৰু ১১ অনুসৰি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি ভুমিৰ মালিক পক্ষলৈ জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু কৃষকৰ কৃষিভুমি অধিগ্ৰহণ কৰি স্থান বিশেষে লো'ৰ পাইপ স্থাপন কৰাৰ কাম প্ৰায় সম্পুৰ্ণ হৈছে যদিও ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৃষক সকলক ক্ষতিপূৰণ দিয়াটো দুৰৰ কথা বৰ্তমানলৈকে অধিগ্ৰহণ কৰা ভুমিৰ উপযুক্ত মুল্য নিৰ্ধাৰণ কৰিবলৈকে সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগী কৃষক সকলে। বাৰিষা খেতিৰ বাবে টেক্টৰেৰে চহোৱা কৃষিভুমি কল্পতৰু পাৱাৰ ট্ৰেঞ্চমিচীয়ন নামৰ নিৰ্মানকাৰী সংস্থাটোৱে ফকলেণ্ডৰ জৰিয়তে পুনৰ সমান কৰি দিয়ে যদিও উপযুক্ত ক্ষতিপূৰণ লাভ নকৰিলে ঈন্দ্ৰধনু গেছ গ্ৰিড লিমিটেড কৰ্ত্তৃপক্ষক কৃষক ৰাইজে খেতি পথাৰত পাইপ স্থাপনত বাধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in