ক্ষুদ্ৰ পলহাত পথ দুৰ্ঘটনা,নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা ট্ৰাকৰ তলত সোমাল বাইক…

ক্ষুদ্ৰ পলহাত পথ দুৰ্ঘটনা,নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা ট্ৰাকৰ তলত সোমাল বাইক…

ডিজিটেল সংবাদ,দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বৰপলহাত সংঘটিত পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ৯-৩০ বজাত দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মহলীয়া পাৰা নিবাসী নৱজ্যোতি হাজৰিকা (২৬) আৰু মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও নিবাসী দিপান্তৰ শৰ্মাই (৩৬) এ এচ ১৩ জে ৮৭০৭ নম্বৰৰ এনফিল্ড এখনৰে গৃহভিমুখে গৈ আছিল।

তেনে সময়তে একেটা দিশেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা মাৰুটি অল্ট সদৃশ বাহন এখনে চলন্ত অৱস্থাত থকা এনফিল্ডখনত সোঁফালৰ পৰা ঘঁহা মাৰি দিয়ে। যাৰ ফলত এনফিল্ড চালকে নিয়ন্ত্ৰণ হেৰুৱাই ক্ষুদ্ৰ পলহাস্থিত তেল ডিপোৰ সন্মুখত তথা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিত ৰখাই থোৱা ইউ পি ১৪ এইচ টি ৯৭৮৭ নম্বৰৰ ট্ৰাক এখনৰ পিছফালে সোমাই যায়।

ফলশ্ৰুতিত এনফিল্ডত অহা দুয়োজন যুৱক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে বাইহাটা চাৰিআলি আৰক্ষীক খবৰ কৰাত আৰক্ষীয়ে দুয়ো যুৱকক বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে দুয়োজনক জি এম চি এইচলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে এনফিল্ড বাইকত ঘঁহানি মাৰি পলায়ন কৰা এ এচ ০১ ই এল ১৭৫৮ নম্বৰৰ মাৰুটি এচ প্ৰিছো বাহনখন ছিপাঝাৰ থানাত আত্ম সমৰ্পণ কৰাত বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে তাৰ পৰা জব্দ কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in