কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা

কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ৩৭ নং ঘাইপথৰ লগতে অঞ্চলটোৰ সকলো বাট-পথতে সম্প্ৰতি দিনে নিশাই ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্যই পথচাৰীৰ ত্ৰাহিমধুসূদন দেখুৱাইছে৷ যানবাহন আইন অমান্য কৰি ৰাষ্ট্ৰীয় ঘাই পথৰ লগতে সকলো সৰু-বৰ পথত চলি থকা এই ট্ৰেক্টৰ আৰু ডাম্পাৰ সমূহক নাকি লগোৱাত ব্যৰ্থ হৈছে কৃষ্ণাই আৰক্ষীয়ে৷ বিশেষকৈ দিনৰ ভাগত উন্মুক্তভাৱে শিলবালি তথা চেইন্ট গ্ৰেভেল কঢ়িওৱা বাহন সমুহে কৃষ্ণাই বজাৰৰ লগতে অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰিছে আনহাতে ৰাতিপুৱা শিলবালি, চেইন্ট গ্ৰেভেল আৰু মাটি কঢ়িওৱা এই বাহন সমূহে সৃষ্টি কৰা যানযঁটৰ ফলত সাধাৰণ লোকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও জীয়াতু ভোগ কৰিব লগা হৈছে।

আটাইতকৈ ডাঙৰ কথাটো হ'ল এই বাহন সমূহৰ ভিতৰত অধিকাংশ বাহনৰে নাই নথিপত্ৰ৷ অভিযোগ উঠা মতে এই সন্দৰ্ভত স্থানীয় লোকে বহুবাৰ অভিযোগ কৰাৰ পিছতো কৃষ্ণাইৰ আৰক্ষীয়ে আজিলৈকে ৰহস্যজনক কাৰণত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in