ঢকুৱাখনাত ডাম্পাৰৰ দৌৰাত্ম্য, প্ৰাতঃভ্ৰমণকাৰীক খুন্দিয়াই ব্যৱসায়িক প্ৰতিষ্ঠানত সোমাল ডাম্পাৰ…

ঢকুৱাখনাত ডাম্পাৰৰ দৌৰাত্ম্য, প্ৰাতঃভ্ৰমণকাৰীক খুন্দিয়াই ব্যৱসায়িক প্ৰতিষ্ঠানত সোমাল ডাম্পাৰ…

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাত ভয়ংকৰ দুৰ্ঘটনা। ডাম্পাৰে মহতিয়াই নিলে প্ৰাত:ভ্ৰমণকাৰীসহ ৪খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। ঢকুৱাখনা নগৰৰ মাজমজিয়াত মঙলবাৰে পুৱা ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মাজুলী দিশৰ পৰা ঢকুৱাখনা দিশে দ্ৰুতগতিত অহা AS 07 AC 7595 নম্বৰৰ ডাম্পাৰ এখনে প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা বালি গাঁৱৰ জয়মতী গগৈ নামৰ ৫৪ বছৰীয়া এগৰাকী মহিলাক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাৰ পিছত ঢকুৱাখনাৰ প্ৰতিষ্ঠিত বাতৰি কাকত আৰু গ্ৰন্থ বিপণী মেচাৰ্চ গগৈ কমাৰ্চিয়েলচ্ ৰ লগতে আন তিনিখন দোকান মহতিয়াই নিয়ে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নিয়ন্ত্ৰণহীন ডাম্পাৰখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত সোমাই পৰে। আন দিনাৰ দৰে পুৱা বাতৰি কাকত সংগ্ৰহ কৰিবলৈ অহা পাঠক আৰু হকাৰসকল উক্ত স্থানত সমবেত হোৱাৰ পূৰ্বে দুৰ্ঘটনাটো সংঘটিত হোৱাত কঠমপি ৰক্ষা পৰে ভালে সংখ্যক লোক। ইফালে গুৰুতৰভাৱে আহত মহিলা গৰাকীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়, অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in