ডুমডুমাত অব্যাহত অবাধ বনাঞ্চল ধ্বংস যজ্ঞ

ডুমডুমাত অব্যাহত অবাধ বনাঞ্চল ধ্বংস যজ্ঞ

ডিজিটেল সংবাদ, পেঙেৰীঃ ডুমডুমাত অব্যাহত আছে অবাধ বনাঞ্চল ধ্বংস যজ্ঞ ৷ ডুমডুমা বন সংমণ্ডৰ অন্তগৰ্ত অসম-অৰুণাচল সীমান্তৱৰ্তী দূৱাৰমৰা আৰু বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চল দুখন শেহতীয়াকৈ মুকলি পথাৰত পৰিণত হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ৷ বিশেষকৈ বনাঞ্চল দুখনত থকা মূল্যৱান হোলুং গছক লৈ এটা বৃহৎ চোৰাং কাঠ চক্ৰ সক্ৰিয় হৈ পৰাত বনাঞ্চল দুখনলৈ নামি আহিছে প্ৰচণ্ড ভাবুকিৰ ৷

এই চোৰাং চক্ৰটোয়ে নিতৌ হোলুং গছ কাটি বনাঞ্চল দুখন তহিলং কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে চোৰাং কাঠৰ ব্যৱসায় ৷ অভিযোগ অনুসৰি অৰুণাচলৰ পৰা অহা এই চোৰাং কাঠ চক্ৰটোয়ে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি নিশাটোৰ ভিতৰতে গাড়ীয়ে গাড়ীয়ে হোলুং কাঠ সৰবৰাহ কৰি আহিছে ৷ বন বিভাগৰ চকুত ধুলি দি এই কলা ব্যৱসায় দীৰ্ঘদিনে চলি অহাৰ অভিযোগ উঠিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in