ডুমডুমাৰ নাহৰজান গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত ১

ডুমডুমাৰ নাহৰজান গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত ১

ডিজিটেল সংবাদ, পেঙেৰীঃ  ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কাকজান সংৰক্ষিত বনাঞ্চলত জাকে-জাকে বন্যহস্তীৰ বিচৰণ ৷ শুকুৰবাৰে পুৱা উক্ত বনাঞ্চল খনৰ পৰা ওলাই অহা এজাক বনৰীয়া হাতীয়ে প্ৰৱেশ কৰে কাষৰীয়া নাহৰজান গাঁৱত ৷ হাতী জাকে গাঁওখনৰ অজয় মুণ্ডা (৩৯) নামৰ এজন লোকক আক্ৰমণ কৰি হত্যা কৰে ৷

হাতীৰ জাকটোয়ে আনকি মুণ্ডাৰ বাসগৃহটো ভাঙি লণ্ড-ভণ্ড কৰে ৷ পাছত ফিল'বাৰী আৰু ডুমডুমাৰ পৰা যোৱা বন বিভাগৰ লোক সকলে লোক জনৰ মৃতদেহটো ছমজি লৈ মৰনোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in