তেজপুৰৰ ডিটেনচন কেম্পত মুত্যু হোৱা দুলাল পালৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য…

তেজপুৰৰ ডিটেনচন কেম্পত মুত্যু হোৱা দুলাল পালৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য…

ডিজিটেল সংবাদ, ওৰাং: তেজপুৰ ডিটেনচন কেম্পত মুত্যু হোৱা দুলাল পালৰ মৃতদেহ চমজি লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দুলাল পালৰ মৃত্যুৰ পিছত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিব লোৱাক লৈ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল । মৃত্যুৰ পূৰ্বে বিদেশী আৰু মৃত্যুৰ পিছত স্বদেশী সজোৱাৰ বাবে পৰিয়ালে দুলাল পালৰ মৃতদেহ গ্ৰহণ কৰা নাছিল।

অৱশেষত পৰিয়ালৰ লগতে দল সংগঠনৰ আলোচনাৰ ১০ দিনৰ অন্ততঃ মুখ্যমন্ত্ৰীৰ আশ্বাসত দুলাল পালৰ পৰিয়ালে মৃতদেহ চমজি লৈছিল। আৰু দেওবাৰে দুলাল পালৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হয় । আদ্যশ্ৰাদ্ধত উপস্থিত থকাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । পিছে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ আহিল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

দুলাল পালৰ আদ্যশ্ৰাদ্ধত দুৰ্ভগীয়া পৰিয়ালটিয়ে বিচাৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি। ইফালে, মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ অহা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক নানা প্ৰশ্নৰে উভতি ধৰিলে দুলাল পালৰ ঘৰত উপস্থিত থকা ৰাইজে৷ মন্ত্ৰীগৰাকীয়ে জনাই যে- বেয়া বতৰৰ বাবে দুলাল পালৰ ঘৰত উপস্থিত হ'ব নোৱাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । পিছে শিক্ষা মন্ত্ৰী গৰাকীৰ এই কথাত আশ্বস্ত নহয় দুলাল পালৰ পৰিয়ালৰ লোক।

আনহাতে, ১২ নৱেম্বৰত অনুস্থিত হ'ব লগা দুলাল পালৰ শ্ৰাদ্ধত মুখ্যমন্ত্ৰীক উপস্থিত থকাৰ আহ্বান জনালে দুলাল পালৰ পুত্ৰই। যদি দুলাল পালৰ শ্ৰাদ্ধত মুখ্যমন্ত্ৰী উপস্থিত নাথাকে তেন্তে বাঙালী জাতিক অপমান কৰা হ'ব বুলি ভাবিবলৈ বাধ্য হ'ব বুলি মন্তব্য কৰিলে পৰিয়ালৰ লোকে । দুলাল পালৰ পুত্ৰই সংবাদমাধ্যমৰ আগত কয় যে- মুখ্যমন্ত্ৰীৰ উপস্থিততহে দুলাল পালৰ ন্যায়ৰ আশা কৰিছে তেওঁৰ পৰিয়ালে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in