দুখৰ মাজতো দুখধন দাসৰ পৰিয়ালত বিৰিঙি উঠিল হাঁহি

দুখৰ মাজতো দুখধন দাসৰ পৰিয়ালত বিৰিঙি উঠিল হাঁহি

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দুখৰ মাজতে যেন অলপ হ'লেও পূজাৰ বতৰত হাঁহি বিৰিঙি উঠিল ডি-ভোটাৰৰ সন্দেহত ডিটেনশ্যন কেম্পত থকা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দুখধন দাসৰ পৰিয়ালৰ সদস্যসকলৰ মাজত৷

ৰাজ্যত দুৰ্গাপূজাৰ আনন্দ উৎসৱৰ মাজতে পিতৃ ডিটেনশ্যন কেম্পত আৰু মাতৃয়ে আনৰ ঘৰত হাজিৰা কৰি তিনিটাকৈ ল'ৰা-ছোৱালীক পোহপাল দিয়াৰ এক কৰুণ বাতৰি প্ৰকাশ পাইছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত৷

ইয়াৰ পিছতেই উত্তৰ শালমাৰা জমিয়ত উলেমাৰ চামিনুৰ ইছলাম, আমছুৰ ইনামূল হ'ক, আনোৱাৰ হুছেইন আৰু এন এছ ইউ আইৰ নুৰ মফিদুল ৱাজিদ আৰু বঙাইগাঁও মহিলা কংগ্ৰেছৰ সম্পাদিকা নুৰ মেহেৰুণ নেছা সহিতে একাংশ লোক দুখধন দাসৰ ঘৰত উপস্থিত হয়।

তেওঁলোকে দুৰ্ভগীয়া পৰিয়ালটোৰ আটাইকেইটা ল'ৰা-ছোৱালীক নতুন কাপোৰ দিয়াৰ লগতে পূজা উপভোগৰ বাবে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in