শেহতীয়া খবৰ
সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে...  •  নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী  •  প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা...  •  অগপক এৰি দিয়া ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায় কৰাৰ আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ...  •  অগপক এৰি দিয়া ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায় কৰাৰ আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ...

বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান, দুধনৈত বিধায়ক দীপক ৰাভাই ঘৰে ঘৰে গৈ চলালে অভিযান…

106

ডিজিটেল সংবাদ,দুধনৈ: সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আজিৰ পৰা আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।সমগ্ৰ ৰাজ্য খনৰ লগতে আজি ৩৬ নং দুধনৈ বিধানসভা সমষ্টিতো গোৱালপাৰা জিলা বিজেপিয়ে আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান ।

দুধনৈত বিধায়ক দীপক ৰাভাই দলীয় কৰ্মীৰ সৈতে শান্তিপুৰ গাঁৱৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ সুখ-দুখ,অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় । লগতে চৰকাৰে আগবঢ়োৱা বিভিন্ন আচঁনিৰ সুবিধা সমূহ লাভ কৰিছে নে নাই এই সম্পৰ্কে পৰিয়ালৰ সদস্য সকলৰ পৰা বুজ লয় ।

তদুপৰি চৰকাৰে আগবঢ়োৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে জানিবৰ বাবে বিজেপি কৰ্মী সকলৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অনুৰোধ জনায় বিধায়ক দীপক ৰাভাই ।পৰিয়াল সম্পৰ্ক অভিযানত বিধায়কৰ সংগ দিয়ে গোৱালপাৰা জিলা বিজেপিৰ উপ সভানেত্ৰী টিনামণি দৈমাৰী, সম্পাদিকা সুচিত্ৰা নাথ, কুশধোৱা মণ্ডল বিজেপিৰ সভাপতি ৰাকেশ সাহাৰ লগতে কেবাগৰাকী দলীয় কৰ্মী ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি