যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে…

যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে…

এখন ব্যতিক্ৰম স্মৰণিকা। কিন্তু কিহত পৃথক? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ উপলক্ষ্যে প্ৰকাশ কৰা এই স্মৰণিকা খনৰ সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক প্ৰতিবেদন।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ চাৰিদিনীয়া কাৰ্যসূচীৰে যোৱা ১১, ১২, ১৩ আৰু ১৪ ফেব্ৰুৱাৰী, ২০২০ত শিৱসাগৰ শিমলুগুৰিৰ গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৭০ খন মহিবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল। এই যুৱ মহোৎসৱৰ উপলক্ষ্যে প্ৰকাশ কৰা হৈছিল এখন বিশেষ স্মৃতি গ্ৰন্থ।

শ্যামলীমা শইকীয়াই সম্পাদনা কৰা স্মৃতি গ্ৰন্থখনৰ নাম আছিল 'যুৱ উন্মেষ'। প্ৰায় ৩০০ পৃষ্ঠাৰ স্মৃতি গ্ৰন্থত থকা লেখাসমূহে বিশেষ বাৰ্তা বহন কৰিছে। যুৱ প্ৰজন্মক আধাৰ কৰি লৈ স্মৃতি গ্ৰন্থখনত যুৱ প্ৰজন্মৰ বিভিন্ন দিশ সামৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা বহু মূল্যবান লেখাক ইয়াত স্থান দিয়া হৈছে।

ইমৰান শ্বাহ, ৰবেন্দ্ৰ কুমাৰ দাস, প্ৰকাশ মহন্ত, ড০ অনিল শইকীয়া, ড০ অৰূপ কুমাৰ নাথ, ছামছুল বাৰিক, ড০ মঞ্জুমণি গগৈ ধৰ, ড০ মেঘালী বৰা, ড০ মধুমিতা পুৰকায়স্থ, ড০ জ্যোতিপ্ৰসাদ শইকীয়া, ড০ কৃষ্ণজ্যোতি সন্দিকৈকে ধৰি প্ৰায় ৬০ টা বিশেষ লেখা এই স্মৃতি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে।

অসমীয়া আৰু ইংৰাজী- দুই ভাষাতে এই স্মৃতি গ্ৰন্থত আছে বহুকেইটা মূল্যবান প্ৰবন্ধ। ইমৰান শ্বাহে 'ইচ্ছা-জীৱন' শীৰ্ষক লেখাত কম শব্দৰ ভিতৰতে যুৱ প্ৰজন্মলৈ এনে কিছু বাৰ্তা প্ৰেৰণ কৰিছে, যি প্ৰেৰণাদায়ক। তেওঁ লিখিছে- 'আমি আমাৰ জীৱনটো কেনেদৰে পাবলৈ ইচ্ছা কৰো, সেই বিষয়ত আলোচনা কৰিব পাৰি, কৰি থাকিব পাৰি, কিন্তু সিদ্ধান্তত উপনীত হ'ব পৰা যাব বুলি মই নাভাৱো, হ'লেও গুনাগাঁথা কৰাত লোকচান নাই আৰু এশ ভাগ নাপালেও পঞ্চাশ ভাগেও জীৱন সুন্দৰ কৰিব পাৰে।'

এই লেখাটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে জীৱনত বিশেষভাৱে কৰ্ষণ কৰিবলগা এটা গুণ সংযম বুলি উল্লেখ কৰিছে। তেওঁ কৈছে- 'সংযমৰ স্বৰূপ উপলব্ধি কৰাটো সকলোৰে কৰ্তব্য। এই স্বৰূপ উপলব্ধি কৰি তাক প্ৰয়োগ কৰিব পাৰিলে আমাৰ জীৱন মনোমত হৈ উঠিব পাৰে। যুৱ প্ৰজন্মৰ বাবে এয়া নিঃসন্দেহে এক শুভ বাৰ্তা।'

স্মৃতি গ্ৰন্থখনত সম্পাদকীয় শিতানত শ্যামলীমা শইকীয়াই যুৱ উন্মেষৰ লক্ষ্য কৰি তাক প্ৰথমতেই কৈ গৈছে। তেওঁ লিখিছে- 'সাধাৰণতে যুৱ চামক সকলো কথাতে দোষাৰোপ কৰা দেখা যায়। যুৱ উশৃংখলতাৰ বাবে অকল যুৱ চামেই দায়ী নেকি? সেই প্ৰশ্নৰ উত্তৰ আৰু লগতে তাৰ সমাধান বিচাৰ কৰি উলিওৱা দৰকাৰ। অথচ এই কথা নুই কৰিব নোৱাৰি যে আজিৰ যুৱক-যুৱতীসকল তেওঁলোকৰ অগ্ৰজ সকলতকৈ বহু দিশত আগবঢ়া।'

স্মৃতি গ্ৰন্থখনৰ সাধাৰণ সম্ভাষণ শীৰ্ষক শিতানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই গড়গাঁও ঐতিহ্যৰ কথা উল্লেখেৰে শৈক্ষিক উত্তোৰণৰ দিশত গড়গাঁও মহাবিদ্যালয়ৰ যাত্ৰাৰ বিষয়ে কিছু কথা লিখিছে। লগতে যুৱক-যুৱতীসকলৰ সামগ্ৰিক উন্নয়ন বাস্তৱায়িত কৰি তুলিবলৈ এনে যুৱ মহোৎসৱৰ প্ৰাসংগিকতা আৰু বৌদ্ধিক দিশ সমূহৰ উৎকৰ্ষ সাধনত গুৰুত্ব আৰোপ কৰিছে। সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মক লৈ বহু চৰ্চা হৈছে। ৪২২ নিযুতকৈ অধিক যুৱ শক্তিৰে সমৃদ্ধ ভাৰত। কিন্তু মানৱ উন্নয়ন সূচাংকৰ তুলনাত ভাৰতৰ স্থান ১২৯। তাৰ মানে দেশৰ যুৱ শক্তি বা মানৱ সম্পদৰ অৱক্ষয় হৈছে নেকি?

এনে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপনেৰে আহ্বায়কৰ কলম লিখিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ, ২০১৯-২০ৰ যুটীয়া আহ্বায়ক দিলীপ কুমাৰ ডেকা আৰু জিতু শইকীয়াই। এই স্মৃতি গ্ৰন্থখনত অন্তৰ্ভূক্ত কৰা কেইটামান লেখাৰ শীৰ্ষ আছিল- 'যুৱ প্ৰজন্মঃ বৰ্তমান আৰু ভৱিষ্যত', 'সংস্কৃতি ৰক্ষাত যুৱ প্ৰজন্ম', 'বেজবৰুৱাৰ সাহিত্যত জাতীয় চেতনাবোধ আৰু কিছু সমকালীন চিন্তা', 'যুৱ প্ৰজন্ম আৰু আমি', 'দেশক এদিন বিশ্বশ্ৰেষ্ঠ কৰিব আমাৰ যুৱ শক্তিয়ে', 'অসমীয়া ভাষিক জাতীয়তাবাদ আৰু যুৱ প্ৰজন্ম', 'সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত যুৱ প্ৰজন্ম', 'যুৱ সমাজৰ জাগৰণ আৰু বৌদ্ধিক নেতৃত্বৰ প্ৰশ্ন', 'socia-Economic profile of the youth in India', 'student movement in India: Past, Present and the way forward', 'Are the youth today more Impatient?', 'cyber crime and its Impact on youth', 'Youth as agents of Social change' আদি।

'দেশক এদিন বিশ্বশ্ৰেষ্ঠ কৰিব নেকি' শীৰ্ষক লেখাত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই তথ্যগতভাৱে কিছু চিন্তাৰ খোৰাক দিছে। বাস্তৱ ছবিখন উদঙাই দি যুৱ শক্তিক উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ ওপৰত দেশৰ ভৱিষ্যত কেনেদৰে নিৰ্ভৰশীল হ'ব পাৰে, সেই কথা তেওঁ উনুকিয়াইছে। তথ্য-প্ৰযুক্তিৰ দিশত সময়ৰ পৰিৱৰ্তনৰ সৈতে অসমৰ কৃষি ক্ষেত্ৰখনত যুৱ সমাজ জড়িত হৈ থকা কাৰ্যৰ কথা বিশেষভাৱে উল্লেখ কৰিছে তেওঁ।

নিৰাশাৰ মাজত যে যুৱ শক্তি আশাৰ প্ৰতীক হৈ থাকিব পাৰে সেই কথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ লেখাটোত প্ৰকাশ পাইছে। মূলতঃ যুৱ উন্মেষৰ এনে ব্যতিক্ৰমী যুৱ সমাজ বা যুৱ শক্তিকেন্দ্ৰিক লেখাৰে যুৱ শক্তিৰ প্ৰতি নতুন ধ্যান ধাৰণা আৰু যুৱক-যুৱতীসকলক নতুন বাট দেখুৱাবলৈ সক্ষম হ'ব।

সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটৰ পৰা আৰম্ভ কৰি সাহিত্য, সমাজ, সংস্কৃতি, কৃষি আদি সকলো ক্ষেত্ৰতে যুৱ শক্তিত তুলি ধৰা হৈছে এই 'যুৱ উন্মেষ'ত। 'যুৱ প্ৰজন্ম আৰু আমি'ত জয়শ্ৰী ফুকনে যুৱ প্ৰজন্মনো কি, যুৱ প্ৰজন্মৰ ওপৰত অভিভাৱকৰ প্ৰভাৱ, যুৱ প্ৰজন্মৰ কৰ্ম সংস্কৃতিৰ দৰে সৰু সৰু কিছু দিশ বৰ মননশীলভাৱে উত্থাপন কৰিছে।

ড০ ৰীনা সন্দিকৈৰ 'সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত যুৱ প্ৰজন্ম' শীৰ্ষক লেখাটোত যুৱ মানসিকতা আৰু সাম্প্ৰতিক কাৰ্যকলাপে ইয়াত কেনে প্ৰভাৱ পেলাইছে, সেই কথা উল্লেখ কৰিছে। এই স্মৃতি গ্ৰন্থত থকা আন এটা উল্লেখযোগ্য লেখা হ'ল ছামছুল বাৰিকৰ 'যুৱ সমাজৰ জাগৰণ আৰু বৌদ্ধিক নেতৃত্বৰ প্ৰশ্ন'। এই লেখাটোত লিখকে যুৱ শক্তিৰ জাগৰণে জনমুখী বৌদ্ধিক নেতৃত্বৰ ক্ষেত্ৰত স্থায়িত্ব লাভ কৰিবলৈ কি ধৰণে আগবাঢ়িব লাগিব তাৰ এক চমু আভাষ দিছে।

দিতিমণি গগৈয়ে যুৱ শক্তিৰ বাবে অহা প্ৰত্যাহ্বান সমূহ উল্লেখ কৰিছে এটা লেখাত। ড০ ক্ষিৰোদ চন্দ্ৰ গগৈৰ 'আমাৰ যুৱ সমাজৰ বৰ্তমানৰ ভৱিষ্যত"ত এক দৃষ্টিপাত শীৰ্ষক লেখাটোত এক মন কৰিবলগা আৰু যুৱ সমাজে বিশেষ হৃদয়াংগম কৰিব পৰা কিছু কথা সাৱলীলভাৱে উত্থাপন কৰিছে। যুৱ সমাজক সঠিক দিক দৰ্শনেৰে সমাজখন সুন্দৰ ৰূপত গঢ়ি তুলিবলৈ কোনবোৰ ক্ষেত্ৰ আমি মন কৰিব লাগে, সেয়া উল্লেখ আছে লেখাটোত।

ড০ বিদ্যানন্দ বৰকাকতিৰ 'বিশ্বৰ বাবে শিক্ষিত নিবনুৱা সমস্যাৰ ভাৰত আৰু অসমৰ পটভূমিত এক বিশ্লেষণাত্মক অধ্যয়নৰ সৈতে সমাধানৰ পৰামৰ্শ'ত তথ্যগতভাৱে নিবনুৱা সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে কিছু পৰামৰ্শ আগবঢ়োৱা হৈছে।

আচলতে প্ৰত্যেকটো লেখাই অতি উচ্চ মানৰ। এই স্মৃতিগ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে যুৱ উদ্ভাৱক অভিজিৎ দুৱৰাৰ সৈতে এক সাক্ষাৎকাৰো। ইংৰাজী শিতানত প্ৰকাশিত লেখাবোৰো যথেষ্ট উচ্চমানৰ হৈছে। কেৱল যুৱ সমাজক আধাৰ কৰি লৈ বিভিন্ন বিষয়েৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ উপলক্ষ্যে প্ৰকাশিত এনে এখন উচ্চমানৰ স্মৰণিকাই যুৱ সমাজক সঠিক দিক নিৰ্ণয়ৰ বাবে নতুন চিন্তাৰ বাট মোকলাই দিব। সাধাৰণতে দেখা যায়, নিয়মমাফিক কিছু লেখাৰে এনে উপলক্ষ্য সমূহত স্মৰণিকা প্ৰকাশ কৰা হয়। কিন্তু এইখন সম্পূৰ্ণ ব্যতিক্ৰম আৰু অতি সুপৰিকল্পিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in