পৰিবহণ বিভাগ আৰু কাৱাছাকিৰ পথ সুৰক্ষা সজাগতা অনুষ্ঠানত গৌতম দাস…

পৰিবহণ বিভাগ আৰু কাৱাছাকিৰ পথ সুৰক্ষা সজাগতা অনুষ্ঠানত গৌতম দাস…

ডিজিটেল সংবাদ, গুৱাহাটী: মাঘ বিহু তথা ভোগালীৰ ভোগৰ আনন্দত কোনেও যাতে সুৰাপান কৰি গাড়ী চলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰি নিজৰ লগতে আনলৈও বিপদ মাতি নানে তাৰ বাবে আমি সকলো সতৰ্ক হৈ থাকিব লাগিব ৷ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যোৱা ৩১ ডিচেম্বৰত এটাও পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত হ'ব নোৱাৰিব বুলি জনোৱা গুৰুত্বপূৰ্ণ আহ্বানলৈ সমগ্ৰ ৰাজ্যবাসীয়ে জনোৱা সহাৰিৰ পিছত চলিত বছৰটোক মুখ্যমন্ত্ৰী গৰাকীয়ে এটা পথ দুৰ্ঘটনামুক্ত বৰ্ষ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰিবলৈ এই উৎসৱৰ বতৰতে আমি সকলোৱে সংকল্প ল'ব লাগিব।

উৎসৱ মানেই সুৰাপায়ীৰ উদ্ভণ্ডালি হ'বলৈ দিব নোৱাৰি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক কোনো উৎসৱতে সুৰাপান কৰি গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰিব বুলি কৰা সতৰ্কবাণী ভোগালীত সকলো যানবাহন ব্যৱহাৰকাৰীয়ে মানি চলিব লাগিব। পৰম্পৰাগত খাদ্যৰ আনন্দ উপভোগ কৰক, ভোগালীত মাছ খাওক, কিন্তু সুৰাপান কৰি গাড়ী চলাই পথ সুৰক্ষাৰ নীতি নিয়ম ভঙ্গ কৰিলেই ৰঙাঘৰৰ আলহী হ'ব লাগিব। মহানগৰীৰ লখৰাস্থিত কাৱাছাকি ডিলাৰত জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু কাৱাছাকি গুৱাহাটীৰ ব্যৱস্থাপনাত অনুষ্ঠিত পথ সুৰক্ষা সজাগতা অনুষ্ঠানত উপষ্ঠিত থাকি সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৌ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে ৰাজ্যখনত এটা দুৰ্ঘটনামুক্ত পথ সুৰক্ষা ব্যবস্থা বৰ্তাই ৰখাত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগ কামনা কৰি এইক্ষেত্ৰত মানি চলিবলগীয়া সতৰ্কতা অৱলম্বনৰ বাবে অনুৰোধ জনায়।

ইফালে সজাগতা অনুষ্ঠানতে কাৱাছাকিৰ জি ছিক্স ফিফটি আৰ এছ নামৰ নতুন বাইকখন মুকলি কৰি পৰিবহণ বিষয়াগৰাকীয়ে দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়কে হেলমেট পিন্ধিবলৈ আহ্বান জনোৱাৰ লগতে ৫৮ শতাংশ দুৰ্ঘটনা যে দুচকীয়া বাহনতে সংঘটিত হয় সেই কথা উল্লেখ কৰি এইক্ষেত্ৰত দুচকীয়া বাহন চলাওঁতে মানি চলিবলগীয়া অন্যান্য নীতি নিয়মৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে, একেটা অনুষ্ঠানতে উপষ্ঠিত থাকি সদস্য সচিব, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামেও যানবাহন চলাচলত মানি চলিবলগীয়া নীতি নিয়ম সন্দৰ্ভত উল্লেখ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা আহ্বান কৰে। মনোজ শইকীয়াই আত ধৰা সজাগতা অনুষ্ঠানটিৰ আৰম্ভণিতে পৰিবহণ বিষয়া দুগৰাকীক গামোছাৰে আদৰণি জনায় কাৱাছাকি, গুৱাহাটীৰ জেষ্ঠ সঞ্চালক ৰাজেশ কলিতাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in