পাকিস্তানৰ পিছত ভাৰতেও বাতিল কৰিলে দিল্লী-লাহোৰ বাছ সেৱা…

পাকিস্তানৰ পিছত ভাৰতেও বাতিল কৰিলে দিল্লী-লাহোৰ বাছ সেৱা…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লৈ ভাৰত চৰকাৰে ৰাজ্যখনক কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা প্ৰদান কৰাৰ পিছতে বিক্ষোভ প্ৰদৰ্শন কৰা পাকিস্তানে লাহোৰ-দিল্লীৰ মাজত চলাচল কৰা বাছ সেৱা বাতিল কৰিছিল। শনিবাৰে পাকিস্তানৰ সম্প্ৰচাৰ মন্ত্ৰী মুৰাদ চৈয়দে টেলিফোনিকযোগে এই বাছসেৱা বাতিলৰ বিষয়ে ভাৰত চৰকাৰক অৱগত কৰাৰ পিছতে সোমবাৰে ভাৰতেও দিল্লী-লাহোৰ বাছ সেৱা বাতিলৰ সিদ্ধান্ত লৈছে।

দিল্লী পৰিবহন নিগমৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, ১২ আগষ্টৰ পৰা দিল্লীৰ পৰা লাহোৰলৈ চলিবলগা বাছ সেৱা বাতিল কৰা হৈছে। বিষয়াগৰাকীয়ে সদৰী কৰা মতে, সোমবাৰে পুৱা দিল্লী পৰিবহণ নিগমৰ এখন বাছ লাহোৰ অভিমুখে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু পাকিস্তানে বাছ সেৱা নিলম্বন কৰাৰ বাবেও ভাৰতেও বাছ প্ৰেৰণ কৰাত অসমৰ্থ হয়।

দিল্লীৰ পৰা অন্তিমখন বাছ শনিবাৰে পুৱা ২জন যাত্ৰীসহ লাহোৰলৈ ৰাওনা হৈছিল। বাছখনে সন্ধিয়া উভতাৰ সময়ত ১৯ গৰাকী যাত্ৰীক লৈ আনে। দিল্লী পৰিবহন নিগমৰ সেই বাছখনৰ পিছত দেওবাৰে কোনো ধৰণৰ বাছ লাহোৰ কিম্বা দিল্লীৰ পৰা ৰাওনা হোৱা নাই।

প্ৰণিধানযোগ্য যে, ১৯৯৯ চনত প্ৰথম আৰম্ভ হৈছিল দিল্লী-লাহোৰ বাছসেৱা। কিন্তু ২০০১ চনৰ সংসদ ভৱনত সংঘটিত সন্ত্ৰাসবাদী কূটাঘাতৰ পিছত সাময়িকভাৱে বাছ সেৱা বন্ধ কৰা হয়। পিছত ২০০৩ চনৰ জুলাইৰ পৰা পুনৰ চলাচল কৰে বাছ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানে ভাৰতৰ সৈতে সম্পৰ্ক ছেদ কৰি দুয়োখন দেশৰ মাজত চলা সমঝোতা এক্সেপ্ৰেছ ৰে'লৰ চলাচল বন্ধ কৰিছিল। তাৰ পিছতে পাকিস্তানে শনিবাৰে বাছ সেৱাও বন্ধ কৰি ভাৰতৰ সৈতে থকা বন্ধুত্বসুলভ সম্পৰ্ক ত্যাগ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in