ডিএছপি হ’ব লাভলীনা বৰগোঁহাই…

ডিএছপি হ’ব লাভলীনা বৰগোঁহাই…

ডিজিটেল ডেস্কঃ হিমা দাসৰ পাছত অসম আৰক্ষীৰ উপ অধীক্ষক হ'ব লাভলীনা বৰগোঁহাই। বক্সিং ৰিঙত অলিম্পিকত ব্ৰঞ্জৰ পদক বুটলি সমগ্ৰ দেশকেই গৌৰাৱাম্বিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইক আৰক্ষীৰ উপ অধীক্ষক হিচাপে নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। সেই ঘোষণাৰ পাছত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বৃহস্পতিবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত ইয়াৰ চূড়ান্ত ছীল-মোহৰ মৰা হয়।

কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সংবাদমাধ্যমক অৱগত কৰি মন্ত্ৰী ৰণোজ পেগুৱে জনাই যে – লাভলীনা বৰগোঁহাইক অসম আৰক্ষীৰ উপ অধীক্ষক হিচাপে নিযুক্তি দিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তেওঁ জানিবলৈ দিয়ে যে লাভলীনা বৰগোঁহাইক প্ৰবেশ্যনত এই নিযুক্তি দিয়া হৈছে।

ইচ্ছা কৰিলে লাভলীনা বৰগোঁহাইয়ে স্থায়ীভাৱে নিযুক্তি ল'ব পাৰিব। ইয়াৰ পূৰ্বে হিমা দাসক অসম আৰক্ষীত উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই আনুষ্ঠানিকভাৱে তেওঁৰ হাতত অৰ্পণ কৰিছিল নিযুক্তি পত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in