বিশিষ্ট ৰাজনীতিবিদ দ্ৰুপদ বৰগোহাঁই আৰু নাই

বিশিষ্ট ৰাজনীতিবিদ দ্ৰুপদ বৰগোহাঁই আৰু নাই

ডিজিটেল ডেস্কঃ সকলোকে কন্দুৱাই তেওঁ গ'লগৈ। ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা, বৰ্ষীয়ান ৰাজনীতিবিদ দ্ৰুপদ বৰগোহাঁইৰ দেহাৱসান। বুধবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত পুৱা ৬বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰগোহাঁয়ে।

১৯৪৭চনৰ ৭ নবেম্বৰত জন্ম হৈছিল এইগৰাকী ৰাজ্যৰ জ্যেষ্ঠ ৰাজনীতিবিদৰ। শিৱসাগৰৰ মাদুৰী গাঁৱত জন্ম গ্ৰহন কৰা ৰাজনীতিবিদজনৰ পিতৃৰ নাম আছিল মানিক বৰগোঁহাই আৰু মাতৃৰ নাম ৰূপেশ্বৰী বৰগোঁহাই। নাজিৰা হাইস্কুল আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি তেখেতে যোগ দিছিল এখন বিদ্যালয়ত।

মৃত্যুৰ সময়ত জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ বয়স আছিল ৭৮ বছৰ। উল্লেখ্য ৰাজনৈতিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই সকলো লোকৰে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা দ্ৰুপদ বৰগোহাঁই আছিল ২০০৬ৰ পৰা ২০১১লৈ নাজিৰাৰ বিধায়ক। ঠিক তেনেদৰে ১৯৯৮ৰ পৰা ২০০৪ চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল বৰগোহাঁই। উল্লেখ্য যে, বুধবাৰে শিৱসাগৰৰ দলীয় কাৰ্যালয়ত শেষ শ্ৰদ্ধা জনোৱা হ'‍ব ৰাজনীতিবিদগৰাকীক।

১৯৬০-৬১চনলৈ মাদুৰী বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে শিক্ষকতা কৰিছিল। তাৰ পাছত চকীমুখ মধ্য ইংৰাজী বিদ্যালয়ত যোগ দিছিল। ১৯৬৩চনলৈ বাওঁপন্থী ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ যোগ দিছিল এ আই ৱাই এফত। সেই বাওঁ ছাত্ৰ সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in