সুৰাৰ সৈতে জীৱন্ত সাপ ভক্ষণ, ভাইৰেল ভিডিঅ’

সুৰাৰ সৈতে জীৱন্ত সাপ ভক্ষণ, ভাইৰেল ভিডিঅ’

ডিজিটেল ডেস্কঃ সুৰাৰ ৰাগীত জীৱন্ত সাপ গিলি মৃত্যুমুখত পৰিল এজন লোক। ইতিমধ্যে লোকজনৰ সৰ্প ভক্ষণৰ এই ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহাত।

স্থানীয় লোকসকলে জনোৱা মতে, দিনহাজিৰা কৰা লোকজনে টেটুলৈকে মদ্যপান কৰি ঘৰলৈ ওভতাৰ পথত ৰাস্তাৰ দাঁতিত এটা সাপ প্ৰত্যক্ষ কৰে। নিচাৰ কোবত জীৱন্ত সাপটো হাতত তুলি লয় মহিপাল সিং নামৰ লোকজনে। দৃশ্য দেখি কেবাজনো লোকে উক্ত স্থানত ভিৰ কৰে। কেবাজনো লোকে নিচাগ্ৰস্ত মহীপালক সাপটোৰে খেলা দেখুৱাবলৈ উচটনি দি মোবাইলত ৰেকৰ্ডিং আৰম্ভ কৰে।

উচটনি লাভ কৰি মহীপালে সাপটোৰে খেল দেখুৱাবলৈ আৰম্ভ কৰে। সেয়া চাই থকা এজন লোকে মহীপালক এইবাৰ সাপটো গোটে গোটে গিলিবলৈ কয়। মহীপালে সাপটো গিলি দিয়ে। সাপটো গৈ পেটৰ ভিতৰ পায়। লগে লগে অসুস্থ হৈ পৰা মহীয়ে বমি কৰিবলৈ আৰম্ভ কৰে। পিছে সাপটো বাহিৰ নহ'ল।

পিছত কেইজনমান সচেতন লোকে মহীপালক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে এই ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে লোকজনৰ পৰিয়াল। সাপটো খাবলৈ উচতনি দিয়া বাবেই লোকজনৰ মৃত্যু হ'ল বুলি দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাইৰলে ভিডিঅ' পৰীক্ষা-নীৰিক্ষা কৰি দোষীৰ সন্ধানত নামি পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in