শান্ত হ’ল চাংপো-চিয়াং, উটি অহা ড্ৰামক লৈ ৰহস্য

শান্ত হ’ল চাংপো-চিয়াং, উটি অহা ড্ৰামক লৈ ৰহস্য

ডিজিটেল সংবাদ, ইটানগৰঃ চীন অধিকৃত তীব্বতৰ চাংপো নদীত ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান্ধটো সম্পূৰ্ণৰূপে পানীৰ সোঁতত উটি গৈছে৷ চীন প্ৰশাসনে বেইজিঙৰ পৰা প্ৰেৰণ কৰা তথ্যত এই কথা নিশ্চিত কৰিছে৷ ভাৰত চৰকাৰক এই সন্দৰ্ভত প্ৰেৰণ কৰা তথ্যৰ উদ্ধৃতি দি অৰুণাচল প্ৰদেশ চৰকাৰৰ জল সম্পদ বিভাগৰ আয়ুক্ত বিদল টায়েঙে জানিবলৈ দিছে৷

তেওঁ কয় যে চীনৰ য়াৰলুং চাংপো নদীত কোনো কৃত্ৰিম সৰোবৰ বা বান্ধ নাই৷ যাৰ বাবে অৰুণাচল বা অসমৰ নামনি অঞ্চলত চীৱৰ পৰা চাংপো নদীয়েদি অতিৰিক্ত পানী বৈ অহাৰ সম্ভৱনা নাই৷ অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ চীন সীমান্তৰ টুটিং আৰু পাছিঘাটত চিয়াং নদীৰ জলস্তৰ শনিবাৰে নিশাৰে পৰা স্বাভাবিক হৈ আছে বুলিও অৰুণাচল চৰকাৰৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷

ইপিনে অৰুণাচল প্ৰদেশ চৰকাৰে এতিয়াও চাংপো নদীয়েদি উটি অহা ৰহস্যজনক ৰঙা-নীলা ড্ৰামবোৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ শনিবাৰে পুৱাৰে পৰা আপাৰ চিয়াং জিলাৰ য়িংকিয়ঙত চিয়াং নদীৰ বুকুত চীনৰ চাংপো নদীয়েদি বৈ অহা বিশাল জলাধাৰৰ লগত শতাধিৰ ড্ৰাম প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷

ড্ৰামবোৰৰ ভিতৰত কিবা ৰাসায়নিক পদাৰ্থ থাকিবও পাৰে বুলি স্থানীয় লোকে আশংকা কৰিছিল৷ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীনৰ পৰা পানীৰ লগত এনেদৰে শতাধিক ড্ৰাম উটি অহা বিষয়টো কেন্দ্ৰীয় জল আয়োগে গুৰুত্ব সহকাৰে নোলোৱা বিষয়টোৱেও ৰহস্যৰ সৃষ্টি কৰিছে৷ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টাবম ডায়ে এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

বিগত এবছৰ ধৰি চিয়াং নদীত হৈ থকা অস্বাভাবিক পৰিঘটনাবোৰ সন্দৰ্ভত ভাৰত চৰকাৰে চীন চৰকাৰৰ লগত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈও ডায়ে দাবী জনাইছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in