পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী..

পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী..
  • নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বাটমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • ড্ৰাগছ সহ আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু শ্বৰিফ ওৰফে এলফেট।
  • দেওবাৰে জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন ফুকনৰ নেতৃত্বত চলা অভিযানত এই সফলতা।
  • অভিযানত বাটমাৰী গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু শ্বৰিফ ওৰফে এলফেটৰ বাসগৃহৰ পৰা অভিযান চলাই উদ্ধাৰ ১৩ গ্ৰাম নিষিদ্ধ ড্ৰাগছ।
  • ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰিছে নগদ ধনসহ এখন মটৰ চাইকেল ।
  • ধৃত ড্ৰাগছ ব্যৱসায়ী আবু শ্বৰিফ ওৰফে এলফেটে দীৰ্ঘদিন ধৰি নিজ গৃহতেই ড্ৰাগছৰ বেহা চলাই আহিছিল।
  • যাৰ ফলত বৃহত্তৰ বাটমাৰী অঞ্চলৰ বহু শিশু তথা যুৱক ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি জীৱন ধংসৰ দিশে গতি কৰিছিল ।
  • ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ এনে পদক্ষেপক বাটমাৰী বাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in