যাত্ৰীবাহি মেক্সিমোত উদ্ধাৰ ব্ৰাউন ছুগাৰঃ গাওঁৰক্ষী বাহিনীৰ তৎপৰাতা

যাত্ৰীবাহি মেক্সিমোত উদ্ধাৰ ব্ৰাউন ছুগাৰঃ গাওঁৰক্ষী বাহিনীৰ তৎপৰাতা

ডিজিটেল সংবাদ দুমুনিচকী: অসম আৰক্ষীয়ে ড্ৰাগছৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে সোমবাৰে বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মেক্সিমো বাহনত উদ্ধাৰ হ'ল ৩১ গ্ৰাম ব্ৰাউন ছুগাৰ। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত যাত্ৰীবাহি মেক্সিমোত ব্ৰাউন ছুগাৰ উদ্ধাৰ হোৱা ঘটনাই সচেতন ৰাইজক হতচকিত কৰি তুলিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে এ এছ ১৩ এ চি ০৯৭৯ নম্বৰৰ যাত্ৰীবাহি মেক্সিমোখনত সময়ে সময়ে ড্ৰাগছ সৰবৰাহ হৈ থকাৰ বিষয়ে স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোক অবগত হয়। ফলত সোমবাৰে একাংশ স্থানীয় লোকৰ সহযোগত দুমুনিচকী গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফাৰুক হুছেইনে দুমুনিচকীৰ পৰা এক কিঃমিঃ দুৰত্বত (শিঙিমাৰি)ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্দ্দিষ্ট সময়লৈ বাহনখনৰ অপেক্ষাত ৰৈ থাকে।

তেনেতে উক্ত বাহনখন আহি বাইহাটা চাৰিআলিৰ দিশে ৰাওনা হবলৈ ধৰাত স্থানীয় লোকে বাহনখন ৰখাই ক'ৰ পৰা আহিছে সুধিব লওতেই এজন লোক যাত্ৰীৰ আসনৰ পৰা দৌৰি পলায়ন কৰে। একে সময়তে চালক জনেও পলায়ন কৰিব লৈছিল যদিও স্থানীয় লোকে তৎপৰাতাৰে জব্দ কৰি ছিপাঝাৰ থানাৰ আৰক্ষীক খবৰ কৰে। আৰক্ষীয়ে বাহনখনত তালাচী চলাই ব্ৰাউন ছুগাৰ ৩১ গ্ৰাম উদ্ধাৰ কৰাৰ লগতে কেইবাটাও প্লাষ্টিকৰ সৰু সৰু কন্টেইনাৰ আৰু নগদ ধন ৭ হাজাৰ ৫ শ টকা জব্দ কৰে। ধৃত চালক জন দৰং জিলাৰ ঘোঁৰাশাল নিবাসী জলিল আলী বুলি জানিব পৰা গৈছে। ছিপাঝাৰ থানাৰ আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে ধৃত চালক জলিল আলীক আটক কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in