মোৰাঝাৰৰ পিৰবজাৰত আৰক্ষীৰ অভিযানত গাঞ্জা, ব্ৰাউন চুগাৰসহ দুজনক আটক

মোৰাঝাৰৰ পিৰবজাৰত আৰক্ষীৰ অভিযানত গাঞ্জা, ব্ৰাউন চুগাৰসহ দুজনক আটক

ডিজিটেল সংবাদ মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পিৰবজাৰত বুধবাৰে মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই দুজন কুখ্যাত গাঞ্জা আৰু ব্ৰাউন সুগাৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত ফুকন আৰু এচ আই শান্তনু ৰয়ে এক গোপন সূত্ৰৰ পম খেদি পীৰবজাৰৰ এখন দোকানৰ পৰা অভিযান চলাই দুয়োকে গাঞ্জা আৰু ব্ৰাউন চুগাৰসহ আটক কৰে।

ধৃত লোক দুজন ক্ৰমে ৰাজু উদ্দিন আৰু বাচিত আহমেদ বুলি জানিবলৈ দিয়ে মোৰাঝাৰ আৰক্ষীয়ে৷ধৃত দুজনৰ পৰা আৰক্ষীয়ে ১ কেজি ৪০০ গ্ৰাম গাঞ্জা আৰু ব্ৰাউন চুগাৰ ভৰ্তি ৪ টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে৷ ৪ টা কন্টেইনাৰত ৪ গ্ৰাম ব্ৰাউন চুগাৰ থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

ধৃত লোক দুজনৰ পৰা প্ৰায় এশটা খালী কন্টেইনাৰো জব্দ কৰা আৰক্ষীয়ে৷লগতে দুয়োৰে পৰা আৰক্ষীয়ে নগদ ৫৬০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে৷সম্প্ৰতি দুয়োকে মোৰাঝাৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷এই দুয়োজন লোকে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত গাঞ্জা আৰু ব্ৰাউন চুগাৰ সৰবৰাহ কৰি আহিছিল৷ বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে দুয়োকে আটক কৰিবলৈ সক্ষম হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in