মাজদিয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

মাজদিয়াত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ মাজদিয়া: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । সমান্তৰালকৈ বৰপেটা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত তীব্ৰতৰ কৰি তুলিছে এই অভিযান। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে ইতিমধ্যে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । শুকুৰবাৰে পুনৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰী ।ধৃত ড্ৰাগছ সৰবৰাহীটো নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত জোৱাৰ্দিৰ ধৰ্মকান্ত তালুকদাৰৰ পুত্ৰ হেমন্ত তালুকদাৰ (৩৮) বুলি জানিব পৰা গৈছে ।

মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰু সৰ্থেবাৰী থানাৰ আৰক্ষীৰ সহযোগত শুকুৰবাৰে গোপন খবৰৰ ভিত্তিত বৰঘোপাৰ পুতলাৰকুৰত অভিযান চলাই ড্ৰাগছৰ ব্যৱসায়ত জৰিত থকাৰ অভিযোগত আটক কৰে হেমন্ত তালুকদাৰক।

ধৃত হেমন্ত তালুকদাৰৰ পৰা আৰক্ষীয়ে চাৰিটা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰাৰ লগতে এটা মোবাইল ফোন আৰু এখন স্কুটিও জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা স্কুটিখনৰ নম্বৰ এ.এচ. ০১ ই.কে-৩৭৮১ । মাজদিয়া আৰক্ষীয়ে ধৃত হেমন্ত তালুকদাৰৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in