আৰক্ষীৰ পৰা সাৰিবলৈ কৌশল সলাইছে ড্ৰাগছ ব্যৱসায়ীয়ে…

আৰক্ষীৰ পৰা সাৰিবলৈ কৌশল সলাইছে ড্ৰাগছ ব্যৱসায়ীয়ে…

ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰক্ষীৰ জালত সোমবাৰে সন্ধ্যা পৰিল এজন হেৰ'ইন সৰবৰাহকাৰী ৷ চি আৰ পি এফ আৰু হয়বৰগাঁও আৰক্ষীৰ যৌথ অভিযানত জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম হৈছে আবুল হুছেইন ৷
আবুলক অভিযানকাৰী দলটোয়ে কাতিমাৰী পথাৰৰ দলঙৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ সৰবৰাহকাৰীজনৰ হাতৰ পৰা আৰক্ষীয়ে দুটি হেৰ'ইন ভৰ্তি বক্স উদ্ধাৰ কৰিছে ৷ আৰক্ষীৰ মতে উদ্ধাৰ হোৱা ড্ৰাগছ খিনিৰ বজাৰ মূল্য ১.৬০ লাখ টকা ৷

ধৃত সৰবৰাহকাৰী জনে দিয়া স্বীকাৰোক্তি মতে আমতলাৰ পৰা কাতিমাৰীলৈ হেৰ'ইন খিনি সৰবৰাহ কৰাৰ বিনিময়ত ড্ৰাগছ ব্যৱসায়ীয়ে দুহেজাৰ টকাত আবুলক বন্দোবস্তি কৰিছিল ৷ সেই মৰ্মে আবুলে আমতলাৰ পৰা কাতিমাৰি পথাৰৰ দলঙৰ ওচৰলৈ কঢ়িয়াই আনিছিল ৷ দলঙৰ ওচৰত এগৰাকী মহিলাই ড্ৰাগছখিনি চমজি লোৱাৰ কথা আছিল ৷ আৰক্ষীয়ে নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পাইকাৰী হাৰত ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব কৰাৰ পিছত আৰক্ষীৰ পৰা হাত সাৰিবলৈ ড্ৰাগছ ব্যৱসায়ীয়ে একাংশ লোকক ধন দি সৰবৰাহত নিয়োজিত কৰা ঘটনা সোমবাৰৰ এই ঘটনাটোয়ে পোহৰলৈ আনিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in