যিমানেই চলিছে অভিযান সিমানেই উদ্ধাৰ হৈছে ড্ৰাগছঃ আৰক্ষীও হৈছে অধিক কঠোৰ…

যিমানেই চলিছে অভিযান সিমানেই উদ্ধাৰ  হৈছে ড্ৰাগছঃ আৰক্ষীও হৈছে অধিক কঠোৰ…

ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা ধাৰাবাহিক অভিযানৰ মাজতেই পুনৰ সক্ৰিয় হৈ উঠিছে ড্ৰাগছ সৰবৰাহকাৰী। ধাৰাবাহিকভাৱে আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে বহু সৰবৰাহকাৰী। এইবাৰ পুনৰ এক তেনে ঘটনা সংঘটিত হ'ল বেকাখাতত।

বোকাখাতত সক্ৰিয় হৈ পৰা ড্ৰাগছ সৰবৰাহীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। বোকাখাত আৰক্ষী থানাত নতুনকৈ যোগদান কৰা দক্ষ আৰক্ষী বিষয়া বিতুপন চুতীয়াই দায়িত্ব গ্ৰহণ কৰিয়েই চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এই অভিযানত আটক কৰিবলৈ সক্ষম হ'ল ২ জন ড্ৰাগছ সৰবৰাহকাৰীক।

আটকাধীন ড্ৰাগছ সৰবৰাহী দুজন ক্ৰমে বোকাখাতৰ আমটেঙাৰ সহদেৱ দলে আৰু বিপ্লব বৰা। জানিব পৰা মতে দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে নগাঁৱৰ পৰা কঢ়িয়াই আনছিল ড্ৰাগছ। ইয়াৰ পিছতে বিতুপন চুতীয়াৰ নেতৃত্বত দুয়োজন ড্ৰাগছ সৰবৰাহীক বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ সমীপত কৰায়ত্ব কৰে।

আটকাধীন দুয়োজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৮ টা কণ্টেইনাৰ। অনুমান কৰা হৈছে জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লক্ষাধিকৰ টকাৰ ওপৰত। বৰ্তমান দুয়োজন সৰবৰাহীক বোকাখাট আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে. কাৰ্বিআংলঙত কৰ্মৰত হৈ থকাৰ অৱস্থাতো এইগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বত বহু কেইজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in